ETV Bharat / bharat

Central Railways reverts platform ticket price : প্লেটফৰ্ম টিকটৰ মূল্য ১০ টকালৈ হ্ৰাস - Platform ticket price reverts in Muradabad

সুখবৰ ! কেন্দ্ৰীয় ৰে'লৱেই হ্ৰাস কৰিছে ৰে'লৱে প্লেটফৰ্ম টিকটৰ মূল্য । ৫০ টকাৰ পৰিৱৰ্তে এতিয়াৰে পৰা ৰে'লৱে প্লেটফৰ্ম টিকটৰ বাবদ আপুনি পৰিশোধ কৰিব লাগিব মাত্ৰ ১০ টকা(Platform ticket price reverts in India) ।

Central Railways reverts platform ticket price
কেন্দ্ৰীয় ৰে'লৱেই হ্ৰাস কৰিছে ৰে'লৱে প্লেটফৰ্ম টিকটৰ মূল্য
author img

By

Published : Nov 25, 2021, 12:55 PM IST

নেশ্যনেল ডেস্ক, ২৫ নৱেম্বৰ: ভাৰতত ক'ভিড সৃষ্ট পৰিস্থিতি উন্নত হোৱাৰ লগে লগে বিভিন্ন ক্ষেত্ৰত পূৰ্বে থকা কেতবোৰ নিষেধাজ্ঞা শিথিল কৰা হৈছে । ৰে'ল বিভাগেও পুনৰ পূৰ্বৰ দৰে স্বাভাৱিক ধৰণে কাম কৰাৰ পৰিকল্পনা কৰিছে । সেই উদ্দেশ্যেৰে মহামাৰীসৃষ্ট পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আৰোপ কৰা নীতি-নিয়ম বিভাগটোৱে সাল-সলনি কৰিছে । বিশেষ ৰে'লসমূহ আঁতৰ কৰি স্বাভাৱিক ধৰণে কাম কৰাৰ বাবে বিভাগীয় কৰ্তৃপক্ষই ব্যৱস্থা হাতত লৈছে ।

শেহতীয়াকৈ কেন্দ্ৰীয় ৰে'লৱেই প্লেটফৰ্ম টিকটৰ মূল্য হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে(Central Railway reverts platform ticket price) ৷ কেন্দ্ৰীয় ৰে'লৱেই জাৰি কৰা এক নিৰ্দেশনাত উল্লেখ থকা মতে, প্লেটফৰ্ম টিকটৰ মূল্য ৫০ টকাৰ পৰা ১০ টকালৈ হ্ৰাস কৰা হৈছে(Platform ticket price costs Rs 10 in India) । কেন্দ্ৰীয় ৰে'লৱেৰ এই নতুন নিৰ্দেশ অনুসৰি, চি এছ এম টি, দাদৰ, এল টি টি, থানে, কল্যাণ আৰু পানভেল ষ্টেচনত প্লেটফৰ্ম টিকটৰ মূল্য এতিয়া ১০ টকালৈ হ্ৰাস কৰা হৈছে(Central Railways reduces platform ticket price) । যোৱা ২৫ নৱেম্বৰৰ পৰা প্লেটফৰ্ম টিকটৰ মূল্য কাৰ্যকৰী কৰা হৈছে (Platform ticket price reduced in India) ।

উল্লেখ্য যে, কৰ'ণাৰ ভয়াৱহ সংক্ৰমণ অব্যাহত থকা সময়ত প্ৰথম অৱস্থাত ৰে'ল চলাচলৰ ক্ষেত্ৰত প্ৰভাৱ পৰিছিল । কিন্তু পিছত পৰিস্থিতি উন্নত হোৱাৰ লগে লগে পুনৰ বিভাগটোৰ কাম-কাজ আৰম্ভ হয় ।

ৰে'লৰ নম্বৰ সলনি কৰি বিশেষ শ্ৰেণীলৈ পৰিৱৰ্তন কৰা হয় । একে সময়তে, ৰে'লৰ টিকটৰ মূল্যও বৃদ্ধি কৰা হৈছিল । আনহাতে, প্লেটফৰ্ম টিকটৰ মূল্য ৫০ টকালৈ বৃদ্ধি কৰিছিল ৰে'লৱেই । প্লেটফৰ্মত মানুহৰ ভিৰ হ্ৰাস কৰাৰ বাবে টিকটৰ মূল্য বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছিল বিভাগটোৱে ।

এতিয়া ক'ভিডৰ দ্বিতীয় ঢৌৰ সংক্ৰমণ যথেষ্ট হ্ৰাস পাইছে আৰু সমগ্ৰ দেশতে টীকাকৰণ অভিযান অব্যাহত আছে । সেয়ে, ৰে'লৱেই পূৰ্বে বিশেষ শ্ৰেণীলৈ পৰিৱৰ্তিত কৰা ৰে'লসমূহ পুনৰ সাধাৰণ শ্ৰেণীলৈ পৰিৱৰ্তিত কৰাৰ সিদ্ধান্ত লৈছে । এতিয়া সকলো ৰে'লৰ নম্বৰ আকৌ পূৰ্বৰ দৰে কৰা হৈছে আৰু ভাড়াৰ ক্ষেত্ৰতো পাৰ্থক্য পৰিলক্ষিত হৈছে । আনহাতে, কৰ'ণাসৃষ্ট পৰিস্থিতি স্বাভাৱিক হোৱাৰ লগে লগে ৰে'লৱেই মুৰাদাবাদ ৰে'ল মণ্ডলৰ সকলো ষ্টেচনত ২ বছৰৰ পিছত প্লেটফৰ্ম টিকটৰ মূল্য ৩০ টকাৰ পৰা ১০ টকালৈ হ্ৰাস কৰিছে(Platform ticket price reverts in Muradabad) ।

লগতে পঢ়ক: Cryptocurrency Bill : নিষিদ্ধৰ দিশে ভাৰতৰ সকলো ক্ৰিপ্ট’কাৰেন্সী

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.