নিউজ ডেস্ক,২৮ ফেব্ৰুৱাৰী: দেশত এতিয়াও শেষ হোৱা নাই বিতৰ্কিত কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ । কিন্তু ইয়াৰ মাজতে প্ৰতিবাদী কৃষকসকললৈ বিশেষ আহ্বান কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰৰ । মন্ত্ৰীগৰাকীয়ে জনোৱা মতে চৰকাৰ আলোচনাৰ বাবে সাজু আছে যদিহে বিতৰ্কিত তিনিখন কৃষি আইন ডেৰ বছৰৰ বাবে ধৰি ৰখা আৰু যুটীয়া সমিতি গঠনৰ চৰকাৰৰ প্ৰস্তাৱক কৃষকসকলে সহাঁৰি দিয়ে । তেওঁ লগতে কয় যে সমগ্ৰ বিষয়তো এতিয়া কৃষকৰ আদালতত আছে । দুদিনীয়া ভ্ৰমণ সূচীৰে মধ্যপ্ৰদেশৰ মৰেনাত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰা দেখা যায় ।
উল্লেখ্য যে তিনিখন বিতৰ্কিত কৃষি আইনৰ বিৰুদ্ধে হাজাৰ হাজাৰ কৃষকে বিগত তিনিমাহ ধৰি দিল্লী সীমান্ত অঞ্চলত প্ৰতিবাদ অব্যাহত ৰাখিছে । আনহাতে ৪১ টাকৈ কৃষক সংগঠনৰ সৈতে চৰকাৰে ২২ জানুৱাৰীত ১১ টা পৰ্যায়ৰ আলোচনা অনুষ্ঠিত হৈছিল যদিও এই আলোচনা বিফল হয় । কিয়নো সংগঠনসমূহে কেন্দ্ৰৰ তিনিটা বিতৰ্কিত আইন স্থগিত ৰখা আৰু সমাধানৰ বাবে এক যুটীয়া সমিতি গঠনৰ প্ৰস্তাৱক অস্বীকাৰ কৰে । যোৱা ১১ জানুৱাৰীত উচ্চতম ন্যায়ালয়েও তিনিখন কৃষি আইন ৰূপায়ণত স্থগিতাদেশ জাৰি কৰে আৰু বিষয়টো সমাধানৰ বাবে চাৰিজনীয়া পেনেল নিয়োগ কৰে ।
লগতে পঢ়ক:চেন্নাইত আয়কৰ বিভাগৰ অভিযানত উদ্ধাৰ ২২০ কোটি ক'লা ধন