নিউজ ডেস্ক: কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে পেট্ৰ'লৰ ওপৰত কেন্দ্ৰীয় আবকাৰী শুল্ক 8 টকা আৰু ডিজেলৰ ওপৰত 6 টকা হ্ৰাস কৰাৰ কথা ঘোষণা কৰিছে । টুইটযোগে এই ঘোষণা কৰে বিত্তমন্ত্ৰীগৰাকীয়ে ৷ ইয়াৰ ফলত প্ৰতি লিটাৰ পেট্ৰ’লত সৰ্বমুঠ 9.50 টকা আৰু প্ৰতি লিটাৰ ডিজেলত 7 টকাকৈ হ্ৰাস হ’ব ৷ উল্লেখ্য যে, পেট্ৰ’ল-ডিজেলৰ এই দাম হ্ৰাসৰ ফলত বছৰি চৰকাৰে 1 লাখ কোটি টকাৰ ৰাজহ লোকচান কৰিব (Petrol Diesel prices reduced)৷
-
Centre reduces excise duty on petrol by Rs 8 per litre, diesel by Rs 6 https://t.co/mFthuiHyK3 #NirmalaSitharaman
— Oneindia News (@Oneindia) May 21, 2022 " class="align-text-top noRightClick twitterSection" data="
">Centre reduces excise duty on petrol by Rs 8 per litre, diesel by Rs 6 https://t.co/mFthuiHyK3 #NirmalaSitharaman
— Oneindia News (@Oneindia) May 21, 2022Centre reduces excise duty on petrol by Rs 8 per litre, diesel by Rs 6 https://t.co/mFthuiHyK3 #NirmalaSitharaman
— Oneindia News (@Oneindia) May 21, 2022
ইয়াৰোপৰি শনিবাৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জনায় যে, চলিত বৰ্ষতে চৰকাৰে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনৰ ন কোটিৰো অধিক হিতাধিকাৰীক প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰত ২০০ টকাকৈ ৰাজসাহায্য সাহাৰ্য আগবঢ়াব (Subsidy on gas cylinders)৷ ইয়াৰ বাবে চৰকাৰে বছৰি প্ৰায় ৬১০০ কোটি টকা বহন কৰিব ৷
লগতে পঢ়ক: আটাইতকৈ জনপ্ৰিয় মুখ্যমন্ত্ৰীৰ তালিকাত অসম আৰু কেৰালাৰ মুখ্যমন্ত্ৰী