ETV Bharat / bharat

Monkeypox: ভাৰতত মাংকিপক্সৰ আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ আশংকা - উচ্চ পৰ্যায়ৰ বৈঠক কেন্দ্ৰৰ

ক’ৰণাৰ পাছত এইবাৰ মাংকিপক্সে দেশজুৰি ত্ৰাসৰ সৃষ্টি কৰিছে (Monkeypox In India) ৷ ইয়াৰ পিছতে দেশত মাংকিপক্স আক্ৰান্তৰৰ বৃদ্ধি হোৱাৰ আশংকাত উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয় কেন্দ্ৰই (Center hold urgent meeting on Monkey pox) ৷

Center hold urgent meeting on Monkey pox
ভাৰতত মাংকিপক্সৰ আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকাত উচ্চ পৰ্যায়ৰ বৈঠক আহ্বান
author img

By

Published : Jul 24, 2022, 10:48 PM IST

নেশ্যনেল ডেস্ক, 24 জুলাই : ক’ৰণাৰ পাছত এইবাৰ মাংকিপক্সে দেশজুৰি ত্ৰাসৰ সৃষ্টি কৰিছে (Monkeypox In India) ৷ যাৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাই মাংকিপক্সক চিকিৎসাজনিত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে ৷ এনে সময়তে দিল্লীত পোহৰলৈ আহিছে চতুৰ্থটো মাংকিপক্সৰ ঘটনা (Monkeypox in Delhi) ৷

ইয়াৰ পিছতে দেশত মাংকিপক্স আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকাত উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয় কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয় (Center hold urgent meeting on Monkey pox) ৷ স্বাস্থ্য বিজ্ঞান সঞ্চালকালয়ৰ (ডিজিএইচএছ) অধ্যক্ষতাত স্বাস্থ্য মন্ত্ৰালয়, ৰাষ্ট্ৰীয় ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰ (এনচিডিচি) আৰু আই চি এম আৰৰ বিষয়াসকলৰ লগত এই বৈঠক অনুষ্ঠিত হয় ৷

বিদেশ ভ্ৰমণৰ কোনো ইতিহাস নথকা দিল্লীত আক্ৰান্ত হোৱা লোকজনে কিছুদিন পূৰ্বে হিমাচল প্ৰদেশৰ কুল্লু-মানালীলৈ গৈছিল । সম্প্ৰতি লোকজনক চিকিৎসকৰ তত্বাৱধানত দিল্লীৰ এল এন জে পি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে(Monkeypox case in LNJP Hospital Delhi) । ভাৰতত এতিয়ালৈ মুঠ 4টা মাংকিপক্সৰ ঘটনা পোহৰলৈ আহিছে(Fourth patient of monkeypox) । ভাৰতৰ প্ৰথম তিনিটা ঘটনা কেৰালাৰ ।

এই সন্দৰ্ভত লোকনায়ক জয় প্ৰকাশ চিকিৎসালয়ৰ চিকিৎসা সঞ্চালক ডাঃ সুৰেশ কুমাৰে কয় যে, মাংকিপক্সৰ প্ৰতি লক্ষ্য ৰাখি চিকিৎসালয়খনত ছয়খন বিচনাযুক্ত এটা আইশ্ব'লেচন ৱাৰ্ড স্থাপন কৰা হৈছে । ইয়াত কাম কৰা চিকিৎসক, নাৰ্চ আৰু কৰ্মচাৰীসকলক মাংকিপক্সৰ ওপৰত প্ৰশিক্ষণ দিয়া হৈছে ।

এই ৰোগৰ পৰা নিজকে সুৰক্ষিত কৰিবলৈ মাস্ক পৰিধান কৰিব লাগে ৷ এইক্ষেত্ৰত এন-95 মাস্ক যথেষ্ট কাৰ্যকৰী বুলি বিবেচনা কৰা হৈছে । তদুপৰি মাংকিপক্সৰ চিকিৎসাৰ সময়ত পি পি কিট পিন্ধাটো প্ৰয়োজনীয় ।

লগতে পঢ়ক : Monkeypox in Delhi: দিল্লীত ধৰা পৰিল মংকিপক্সৰ প্ৰথমটো ঘটনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.