ETV Bharat / bharat

'মহাকুম্ভ'ত চিকিৎসা সুবিধা নিৰীক্ষণৰ দায়িত্ব এইমছক

কৰ'ণাৰ সংকটকালত মহাকুম্ভৰ ভক্তৰ স্বাস্থ্য়ৰ প্ৰতি চিন্তিত চৰকাৰ । ভক্তৰ চিকিৎসা সুবিধা নিৰীক্ষণৰ বাবে দায়িত্ব দিয়া হৈছে দিল্লীৰ সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান (এইমছ)ক ।

author img

By

Published : Jan 29, 2021, 6:16 PM IST

'মহাকুম্ভ'ত চিকিৎসা সুবিধা নিৰীক্ষণৰ দায়িত্ব এইমছক
'মহাকুম্ভ'ত চিকিৎসা সুবিধা নিৰীক্ষণৰ দায়িত্ব এইমছক

নিউজ ডেস্ক , ২৯ জানুৱাৰী : অহা ২৭ ফেব্ৰুৱাৰীৰ পৰা হৰিদ্বাৰত আৰম্ভ হ'ব বিশ্ব বিখ্য়াত ' মহাকুম্ভ ' মেলা । ইতিমধ্য়ে এই ধৰ্মীয় উৎসৱৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হোৱাৰ দিশে । কিন্তু কৰ'ণা মহামাৰীৰ জটিল সময়ত এই উৎসৱলৈ আগমন হ'ব লগা লাখ লাখ ভক্তৰ সুৰক্ষাৰ বাবে এতিয়া চিন্তাত পৰিছে চৰকাৰ । দেশী-বিদেশী অসংখ্য় ভক্তৰ আগমনৰ সম্ভেদ পায় ইতিমধ্য়ে তেওঁলোকৰ চিকিৎসা সুবিধা নিৰীক্ষণৰ বাবে দায়িত্ব দিয়া হৈছে দিল্লীৰ সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান চমুকৈ এইমছক । লগতে এইমছক এক এছওপি জাৰী কৰাৰো নিৰ্দেশ দিছে চৰকাৰে ।

উত্তৰাখণ্ড চৰকাৰেও স্বাস্থ্য সুবিধা উন্নত কৰাৰ বাবে বিশেষ ব্য়ৱস্থা গ্ৰহণ কৰিছে সমান্তৰালকৈ কুম্ভ অঞ্চলত ২ হাজাৰ বিচনাৰ এখন চিকিৎসালয় নিৰ্মাণৰ ব্য়ৱস্থা কৰিছে চৰকাৰে ।

আনহাতে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে 'মহাকুম্ভ'কলৈ ৰাজ্য চৰকাৰক তিনিটা গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াইছে । 'মহাকুম্ভ' আয়োজনৰ দিন হ্ৰাস কৰা আৰু বন্ধ স্থানত সীমিত সংখ্যক যাত্ৰীৰ উপস্থিতি নিশ্চিত কৰাৰ বাবে ৰাজ্য় চৰকাৰক আহ্বান জনাইছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে । লগতে বৃদ্ধ, শিশু আৰু গৰ্ভৱতী মহিলাৰ লগতে অসুস্থ লোকসকলক মহাকুম্ভলৈ আহিবলৈ নিৰুৎসাহ কৰিবলৈ ৰাজ্য় চৰকাৰক পৰামৰ্শ দিছে কেন্দ্ৰীয় চৰকাৰে ।

ৰাজ্য চৰকাৰে বিশেষজ্ঞ চিকিৎসকৰ সৈতে স্বাস্থ্য কৰ্মী নিয়োগ কৰাৰ বাবে এক ৰোডমাপ ইতিমধ্য়ে প্ৰস্তুত কৰিছে । একে সময়তে, 'মহাকুম্ভ'ৰ সময়ত কাম কৰা চিকিৎসকৰ দলটোৱে অনলাইন যোগে দিল্লী এইমছলৈ প্ৰতিবেদন পঠিয়াব ।

লগতে পঢ়ক :এৰো ইণ্ডিয়া হ'ব বিলিয়ন সুযোগৰ পথ : ৰাজনাথ সিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.