ETV Bharat / bharat

Visva Bharati University in UNESCO: বিশ্ব ঐতিহ্যৰ তালিকাত স্থান লাভ বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ৰ, আনন্দৰ বন্যা

ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত স্থান লাভ কৰিছে বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ে ৷ পশ্চিম বংগৰ বীৰভূম জিলাত অৱস্থিত বিশ্ববিদ্যালয়খনৰ স্বাকৃতিৰ এই খবৰ বিয়পি পৰাৰ পিচতে আনন্দৰ বন্যা বিয়পি পৰা পৰিলক্ষিত হৈছে ৷

Visva Bharati University in UNESCO
বিশ্ব ভাৰতী বিশ্ববিদ্যালয়
author img

By ANI

Published : Sep 18, 2023, 9:31 AM IST

নেশ্যনেল ডেস্ক, 18 ছেপ্টেম্বৰ : ৰবীন্দ্ৰনাথ ঠাকুৰে জীৱনৰ এক গুৰুত্বপূৰ্ণ সময় কটোৱা শান্তিনিকেতন ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত স্থান লাভ কৰাৰ খবৰ পোৱাৰ পাছতে ৰাজ্যখনত আনন্দই বিৰাজ কৰা পৰিলক্ষিত হৈছে ৷ পশ্চিম বংগৰ বীৰভূম জিলাৰ বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ৰ আশে-পাশে উদযাপন কৰা পৰিলক্ষিত হৈছে ।

বিশ্ববিদ্যালয়খনৰ ভৱন আৰু চৌহদটো বিভিন্ন লাইটেৰে পোহৰাই তোলাৰ লগতে পৰম্পৰাগত সাজ-পোছাক পৰিধানেৰে বিশ্ববিদ্যালয়খনৰ অধ্যাপক, কৰ্মচাৰী আৰু শিক্ষাৰ্থীসকলে ৰবীন্দ্ৰসংগীত পৰিৱেশন কৰে । ইয়াৰোপৰি, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও শান্তিনিকেতনক ইউনেস্ক’ৰ বিশ্ব ঐতিহ্যত স্থান লাভ কৰাত আনন্দ প্ৰকাশ কৰে ।

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম X যোগে বেনাৰ্জীয়ে কয়, “আমাৰ শান্তিনিকেতন, গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰৰ চহৰখন এতিয়া ইউনেস্ক’ৰ বিশ্ব ঐতিহ্যৰ তালিকাত অন্তৰ্ভুক্ত হোৱাত আনন্দিত আৰু গৌৰৱান্বিত । বিশ্ব বাংলাৰ গৌৰৱ, শান্তিনিকেতনক কবিয়ে প্ৰতিপালন ৷ লগতে, বংগৰ প্ৰজন্মৰ পিছত প্ৰজন্ময়ে বিশ্ববিদ্যালয়খনলৈ সমৰ্থন জনায়ন আহিছে ।”

  • Glad and proud that our Santiniketan, the town of Gurudev Rabindranath Tagore, is now finally included in UNESCO's World Heritage List. Biswa Bangla's pride, Santiniketan was nurtured by the poet and has been supported by people of Bengal over the generations. We from the…

    — Mamata Banerjee (@MamataOfficial) September 17, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

লগতে বেনাৰ্জীয়ে কয়, "পশ্চিমবংগ চৰকাৰে যোৱা 12 বছৰত ইয়াৰ আন্তঃগাঁথনিত যথেষ্ট উন্নয়ন কৰিবলৈ যত্ন কৰিছে আৰু বিশ্বই এতিয়া এই ঐতিহ্যমণ্ডিত স্থানৰ গৌৰৱক স্বীকৃতি প্ৰদান কৰিছে ।"

উল্লেখ কৰা প্ৰয়োজন যে, 1901 চনত পশ্চিমবংগৰ গ্ৰাম্য অঞ্চলত প্ৰতিষ্ঠা কৰা হৈছিল শান্তিনিকেতনক আৰু ইয়াক প্ৰতিষ্ঠা কৰিছিল প্ৰখ্যাত কবি আৰু দাৰ্শনিক ৰবীন্দ্ৰনাথ ঠাকুৰে ।

এই স্বীকৃতিত আনন্দিত হৈ পশ্চিমবংগৰ মন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ নেতা শশী পাঞ্জাই কয়, "বংগৰ বাবে আজি এক গৌৰৱৰ মুহূৰ্ত । ভাৰতৰ বাবে ই এক গৌৰৱৰ মুহূৰ্ত ।”

ইউনেস্ক’ই এক বিবৃতিযোগে কয় যে, শান্তিনিকেতন হৈছে ঐতিহাসিক অট্টালিকা, প্ৰাকৃতিক দৃশ্য আৰু বাগিচা, পেভিলিয়ন, শিল্পকৰ্ম, আৰু অবিৰত শৈক্ষিক আৰু সাংস্কৃতিক পৰম্পৰাৰ এক সমষ্টি যিয়ে একেলগে ইয়াৰ অসাধাৰণ সাৰ্বজনীন মূল্য প্ৰকাশ কৰে ৷

লগতে পঢ়ক: CWC meeting 2023: নেতাসকলক অনুশাসন আৰু ঐক্য বজাই ৰাখিবলৈ আহ্বান খাৰ্গেৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.