ETV Bharat / bharat

CBSE results 2023 : CBSE ৰ দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা, শীৰ্ষ স্থানত কেৰালা

author img

By

Published : May 12, 2023, 12:57 PM IST

Updated : May 12, 2023, 2:38 PM IST

আজি ঘোষণা কৰা হ’ল CBSE ৰ দ্বাদশ ব’ৰ্ড পৰীক্ষাৰ ফলাফল (CBSE Class 12 results announced) ৷ শীৰ্ষ স্থানত আছে কেৰালাৰ ত্ৰিবেন্দ্ৰম অঞ্চল ৷

CBSE results 2023
CBSE ৰ দ্বাদশ ব’ৰ্ডৰ ফলাফল

নেশ্যনেল ডেস্ক, ১২ মে’ : কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডে (CBSE) আজি দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰে । এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হৈছে প্ৰায় ১৬.৯ লাখ ছাত্ৰ-ছাত্ৰী (CBSE Class 12 results announced) । ২০২৩ চনৰ ১৫ ফেব্ৰুৱাৰীৰ পৰা ৫ এপ্ৰিললৈ অনুষ্ঠিত হৈছিল এই পৰীক্ষা ।

প্ৰায় ৩৯ লাখ ছাত্ৰ-ছাত্ৰীয়ে এই চিবিএছই ব’ৰ্ড পৰীক্ষাত অৱতীৰ্ণ হৈছিল । কোনোধৰণৰ বাধা নোহোৱাকৈ দশম আৰু দ্বাদশ শ্ৰেণী দুয়োটাৰে পৰীক্ষা সফলতাৰে সম্পন্ন হৈছিল ৷ তাৰ পাচৰ পৰাই ছাত্ৰ-ছাত্ৰীসকলে নিজৰ ফলাফলৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছিল ।

ইতিমধ্যে CBSE ব’ৰ্ডে পৰীক্ষাৰ ফলাফল পৰীক্ষা কৰাৰ বাবে কেবাটাও ৱেবছাইট মুকলি কৰি দিছে ৷ সেই ৱেবছাইট কেইটা হ’ল - cbseresults.nic.in, results.cbse.nic.in, cbse.nic.in, আৰু cbse.gov.in ৷ দশম শ্ৰেণীৰ ২১,৮৬,৯৪০ আৰু দ্বাদশ শ্ৰেণীৰ ১৬,৯৬,৭৭০ গৰাকীকে ধৰি এইবাৰ পৰীক্ষাৰ বাবে মুঠ ৩৮,৮৩,৭১০ গৰাকী পৰীক্ষাৰ্থীয়ে পঞ্জীয়ন কৰিছিল বুলি জানিব পৰা গৈছে ।

CBSE য়ে জনোৱা মতে, এই পৰীক্ষাত ৮৭.৩৩ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে সফলতা লাভ কৰিবলৈ সক্ষম হৈছে (CBSE 2023 Class 12 results) । বিষয়াসকলৰ মতে, এইবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ শতকৰা হাৰ হ্ৰাস পাইছে । অৱশ্যে কেৰালাৰ ত্ৰিবেন্দ্ৰম অঞ্চলত ৯৯.৯১ শতাংশৰে শীৰ্ষস্থান দখল কৰিছে শিক্ষাৰ্থীয়ে । এইবাৰ ৯০.৬৮ শতাংশ ছাত্ৰী উত্তীৰ্ণ হয় । যিটো ছাত্ৰৰ তুলনাত ৬.০১ শতাংশ বেছি ।

CBSE ৰ সৈতে জড়িত এক সূত্ৰই প্ৰকাশ কৰা মতে, এইবাৰ পৰীক্ষাৰ ফলাফলৰ লগতে কোনো মেৰিট লিষ্ট প্ৰকাশ কৰা নহ’ব । নতুবা কোনো শিক্ষাৰ্থীৰ মাৰ্কশ্বীটত প্ৰথম, দ্বিতীয় বা তৃতীয় বিভাগৰ তথ্যও নাথাকিব । CBSE ৰ সূত্ৰই জনোৱা মতে, অপ্ৰয়োজনীয় প্ৰতিযোগিতাৰ পৰা ছাত্ৰ-ছাত্ৰীক বচাবলৈ এনে পদক্ষেপ গ্ৰহণ কৰা হৈছে ।

শেহতীয়াকৈ ব’ৰ্ডে ডিজিটেলকৰাৰ বাবে নিৰাপত্তা পিনৰ সন্দৰ্ভত এক আনুষ্ঠানিক জাননী প্ৰকাশ কৰিছে । খবৰ অনুসৰি বিদ্যালয়সমূহক নিৰাপত্তাৰক্ষীৰ পিনটো পৰীক্ষাৰ্থীৰ সৈতে শ্বেয়াৰ কৰিবলৈ কোৱা হৈছে । এই পিনৰ সহায়ত ছাত্ৰ-ছাত্ৰীসকলে নিজৰ ডিজিটেল একাউণ্ট তৈয়াৰ কৰিব লাগিব ।

CBSE য়ে ছাত্ৰ-ছাত্ৰীৰ ডিজিটেল একাউণ্টৰ বাবে ৬ অংকৰ পিন জাৰি কৰিছে, যাতে তেওঁলোকৰ তথ্যসমূহ সুৰক্ষিত হৈ থাকিব আৰু গোপনীয়তাও বৃদ্ধি পাব ।

লগতে পঢ়ক : Big relief for Imran Khan : আজি IHC ত হাজিৰ হ’ব ইমৰাণ খান; খানৰ গ্ৰেপ্তাৰক বেআইনী ঘোষণা পাক উচ্চতম ন্যায়ালয়ৰ

Last Updated : May 12, 2023, 2:38 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.