ETV Bharat / bharat

CBSEৰ দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণা - CBSE Class 10 results 2021 declared

৫৭,০০০ ৰো অধিক শিক্ষাৰ্থীয়ে ৯৫ শতাংশৰ ওপৰত নম্বৰ লাভ কৰিছে আৰু ২ লাখতকৈ অধিক প্ৰাৰ্থীয়ে ৯০ ৰ পৰা ৯৫ শতাংশৰ ভিতৰত নম্বৰ লাভ কৰিছে । এইবাৰ পৰীক্ষাত প্ৰায় ৯৯.০৪ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে । লক্ষণীয়ভাৱে এইবাৰ ল'ৰাতকৈ ছোৱালী শিক্ষাৰ্থীৰ উত্তীৰ্ণৰ হাৰ ০.৩৫ শতাংশ বেছি ।

CBSE Class 10 results 2021 declared
CBSEৰ দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণা
author img

By

Published : Aug 3, 2021, 1:59 PM IST

নেশ্যনেল ডেস্ক, ৩ আগষ্ট : ছেবাৰ (SEBA) পিছত এইবাৰ কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদেও (CBSE) ঘোষণা কৰিলে দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল । মঙলবাৰে ১২ বজাত CBSE য়ে ঘোষণা কৰিছে ফলাফল । এইবাৰ পৰীক্ষাত প্ৰায় ৯৯.০৪ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে । লক্ষণীয়ভাৱে এইবাৰ ছাত্ৰতকৈ ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ০.৩৫ শতাংশ বেছি ।

৫৭,০০০ ৰো অধিক শিক্ষাৰ্থীয়ে ৯৫ শতাংশৰ ওপৰত নম্বৰ লাভ কৰিছে আৰু ২ লাখতকৈ অধিক প্ৰাৰ্থীয়ে ৯০ ৰ পৰা ৯৫ শতাংশৰ ভিতৰত নম্বৰ লাভ কৰিছে । অৱশ্যে, ছেবাৰ দৰে CBSE য়েও এই বছৰ কোনো মেধা তালিকা ঘোষণা নকৰিলে । ফলাফল CBSE অফিচিয়েল ৱেবছাইট 'cbseresults.nic.in'ত উপলব্ধ কৰা হৈছে । প্ৰাৰ্থীসকলে তেওঁলোকৰ নম্বৰ পৰীক্ষা কৰিব পাৰিব- cbse.gov.in আৰু cbse.nic.in ৱেৱচাইটত ।

তেওঁলোকে এছ.এম.এছ.(SMS), উমংগ এপ (Umang app) আৰু ডিজিলকাৰকে (Digilocker) ধৰি অন্যান্য পদ্ধতিৰ জৰিয়তেও তেওঁলোকৰ নম্বৰ চাব পাৰিব । ইফালে চিবিএছইয়ে পুৱাই টুইটাযোগে কয় যে শিক্ষাৰ্থীসকলে http://cbseit.in/cbse/2021/rfin ফাইণ্ডাৰ ব্যৱহাৰ কৰি তেওঁলোকৰ ৰোল নম্বৰ উলিয়াব পাৰিব ।

৩০ জুলাইত, CBSE য়ে দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছিল । এই পৰীক্ষা মে' মাহত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও ক'ভিড (Covid) পৰিস্থিতিৰ বাবে পৰীক্ষাবোৰ বাতিল কৰা হৈছিল । পূৰ্বৰ ধাৰা অক্ষুণ্ণ ৰাখি ছাত্ৰীসকলৰ এই বছৰো চিবিএছই দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত ছাত্ৰতকৈ উত্তীৰ্ণৰ হাৰ ০.৫৪ শতাংশ বেছি । আনহাতে, ৭০,০০০ ৰো অধিক শিক্ষাৰ্থীয়ে ৯৫ শতাংশৰ ওপৰত নম্বৰ লাভ কৰিছে ।

এই বছৰ উত্তীৰ্ণৰ হাৰ হৈছে ৯৯.৩৭ শতাংশ । দ্বাদশ শ্ৰেণীৰ ক্ষেত্ৰতো CBSE য়ে কোনো শীৰ্ষ তালিকা প্ৰকাশ কৰা নাই । ব'ৰ্ডৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জনোৱা মতে ৬৫,০০০ ৰো অধিক প্ৰাৰ্থীৰ ফলাফল এতিয়াও প্ৰস্তুত কৰি থকা হৈছে আৰু ৫ আগষ্টৰ ভিতৰত ঘোষণা কৰা হ'ব তেওঁলোকৰ ফলাফল ।

লগতে পঢ়ক :ত্ৰিপুৰাই শাসন কৰিব ত্ৰিপুৰাক: অভিষেক বেনাৰ্জী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.