নিউজ ডেস্ক, ১২ মে' : শুকুৰবাৰে ঘোষণা হ'ল কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ (Central Board of Secondary Education, CBSE) দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল । দশম শ্ৰেণীৰ এই পৰীক্ষাত অৱতীৰ্ণ শিক্ষাৰ্থীসকলে চিবিএছইৰ অফিচিয়েল ৱেবছাইটত তেওঁলোকৰ ফলাফল পৰীক্ষা কৰিব পাৰে (CBSE class 10 exam results announced) । ৱেবছাইট দুটা হৈছে results.cbse.nic.in বা cbseresults.nic.in ।
পৰীক্ষাত অৱতীৰ্ণ শিক্ষাৰ্থীসকলে তেওঁলোকৰ প্ৰাপ্ত নম্বৰ জানিবলৈ নিজৰ ৰোল নম্বৰ, স্কুল নম্বৰ, এডমিট কাৰ্ড আইডি আৰু জন্ম তাৰিখ ব্যৱহাৰ কৰি লগ ইন কৰিব লাগিব । ছাত্ৰ-ছাত্ৰীসকলে DigiLocker আৰু UMANG এপতো তেওঁলোকৰ ফলাফল পৰীক্ষা কৰিব পাৰে (CBSE exam results in UMANG app) । CBSE-এ শিক্ষাৰ্থীসকলৰ একাউণ্ট সক্ৰিয় কৰাৰ বাবে ছয়টা সংখ্যাৰ সুৰক্ষা পিন জাৰি কৰিছে ।
বিদ্যালয়সমূহে অনলাইন পৰ্টেলৰ পৰা তেওঁলোকৰ এলঅ'চি প্ৰমাণ-পত্ৰ ব্যৱহাৰ কৰি এই সুৰক্ষা পিনবোৰ ডাউনলোড কৰিব পাৰে । শিক্ষাৰ্থীসকলে তেওঁলোকৰ একাউণ্ট সক্ৰিয় কৰিবলৈ তেওঁলোকৰ সুৰক্ষা পিন ব্যৱহাৰ কৰিব লাগিব । ডিজিলকাৰ একাউণ্টৰ পৰা তেওঁলোকৰ মাৰ্কশ্বিট আৰু প্ৰমাণ-পত্ৰৰ ডিজিটেল প্ৰতিলিপি ডাউনলোড কৰিব পাৰে ।
উল্লেখ্য, চিবিএছইৰ দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফলত ৯৩.১২ শতাংশ শিক্ষাৰ্থীয়ে উত্তীৰ্ণ হৈছে (CBSE declared Class 10 results) । অৱশ্যে বিগত বছৰৰ তুলনাত এই হাৰ ১.২৮ শতাংশ হ্ৰাস পাইছে । আনহাতে, উত্তীৰ্ণৰ হাৰত পুনৰবাৰ ছাত্ৰীয়ে চেৰ পেলালে ছাত্ৰক । এই বছৰ ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ হৈছে 94.25 শতাংশ । ইয়াৰ বিপৰীতে ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ হৈছে ৯২.২৭ শতাংশ । লগতে পৰিষদে এইটোও ঘোষণা কৰিছে যে, তেওঁলোকে 'অস্বাস্থ্যকৰ প্ৰতিযোগিতা' পৰিহাৰ কৰিবলৈ এইবাৰ মেধা তালিকা প্ৰকাশ নকৰে ।
এইবাৰ চিবিএছইৰ দশম শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত হৈছিল ২৪ ফেব্ৰুৱাৰীৰ পৰা ১০ মাৰ্চলৈকে । পৰীক্ষাৰ বাবে মুঠ ৩৪,৮ লাখ পৰীক্ষাৰ্থীয়ে পঞ্জীয়ন কৰে । ইয়াৰে ভিতৰত ২১.৪ লাখ ছাত্ৰী আৰু ১৩.৪ লাখ ছাত্ৰ ।
শুকুৰবাৰে দিনটোৰ আৰম্ভণিতে বোৰ্ডে দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰে । চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ বোৰ্ড পৰীক্ষাত ৮৭.৩৩ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে । বিগত বছৰৰ তুলনাত এইবাৰ উত্তীৰ্ণৰ হাৰ ৫.৩৮ শতাংশ হ্ৰাস পাইছে । যোৱা বছৰ উত্তীৰ্ণৰ হাৰ আছিল ৯২.৭১ শতাংশ । ৯৯.৯১ শতাংশৰ সৈতে ত্ৰিবান্দ্ৰম জ'নে শীৰ্ষস্থান লাভ কৰে । আনহাতে, এই বছৰ ৯০.৬৮ শতাংশৰে ছাত্ৰীসকলে উত্তীৰ্ণৰ শীৰ্ষত অৱতীৰ্ণ হয় । ছাত্ৰসকল ছাত্ৰীতকৈ ৬.০১ শতাংশ কম উত্তীৰ্ণ হয় ।
চিবিএছই দ্বাদশ শ্ৰেণীৰ বোৰ্ড পৰীক্ষা ফেব্ৰুৱাৰী, মাৰ্চ আৰু এপ্ৰিলত অনুষ্ঠিত হৈছিল । প্ৰায় 16,96,770 জন শিক্ষাৰ্থী এই পৰীক্ষাত অৱতীৰ্ণ হয় । এইবাৰ অস্বাস্থ্যকৰ প্ৰতিযোগিতা পৰিহাৰ কৰাৰ বাবে চিবিএছইয়ে শিক্ষাৰ্থীসকলক প্ৰথম, দ্বিতীয় আৰু তৃতীয় বিভাগ প্ৰদান নকৰাৰ সিদ্ধান্ত লৈছে । একেটা কাৰণতে কোনো মেধাৰ তালিকাও নাথাকিব বুলি বোৰ্ডে ঘোষণা কৰে । পৰিষদে বিভিন্ন বিষয়ত সৰ্বাধিক নম্বৰ লাভ কৰা ০.১ শতাংশ শিক্ষাৰ্থীক যোগ্যতাৰ প্ৰমাণ-পত্ৰ প্ৰদান কৰিব ।
উল্লেখ্য যে চিবিএছইৰ পৰীক্ষা নিয়ন্ত্ৰক সান্যাম ভৰদ্বাজে ঘোষণা কৰিছে যে, এতিয়াৰে পৰা চিবিএছই কম্পাৰ্টমেণ্ট পৰীক্ষাক 'পৰিপূৰক' পৰীক্ষা বুলি কোৱা হ'ব । তদুপৰি, দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক এতিয়া তেওঁলোকৰ পৰিপূৰক পৰীক্ষাত দুটা বিষয়ত আৰু দ্বাদশ শ্ৰেণীত এটা বিষয়ত তেওঁলোকৰ প্ৰদৰ্শন উন্নত কৰিবলৈ অনুমতি দিয়া হ'ব ।
লগতে পঢ়ক :CBSE results 2023 : CBSE ৰ দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা, শীৰ্ষ স্থানত কেৰালা