ETV Bharat / bharat

গৰু সৰবৰাহৰ সৈতে জড়িত দুই আইপিএছ বিষয়াক চমন জাৰি - অবৈধভাৱে গৰু সৰবৰাহ

সীমান্তত অবৈধভাৱে গৰু সৰবৰাহৰ সৈতে জড়িত থকাৰ অভিযোগত দুজনকৈ আই পি এছ বিষয়াক চমন জাৰি কৰিছে চিবিআই-য়ে ৷ শনিবাৰে সংস্থাৰ বিশেষ সূত্ৰই প্ৰকাশ কৰে এই কথা ৷

CBI summons two IPS officers in cattle smuggling case
গৰু সৰবৰাহৰ সৈতে জড়িত দুই আইপিএছ বিষয়াক চমন জাৰি CBIৰ
author img

By

Published : Mar 6, 2021, 1:29 PM IST

নেচনেল ডেস্ক,6 মাৰ্চ: সীমান্তত অবৈধভাৱে গৰু সৰবৰাহৰ সৈতে জড়িত থকাৰ অভিযোগত দুজনকৈ আইপিএছ বিষয়াক চমন জাৰি কৰিছে চিবিআই-য়ে ৷ শনিবাৰে সংস্থাৰ বিশেষ সূত্ৰই প্ৰকাশ কৰে এই কথা ৷ তদন্তৰ সৈতে জড়িত চিবিআইৰ এক সূত্ৰই জানিবলৈ দিয়া অনুসৰি, ডিআইজি কল্লোল গণায় আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক অংশুমান সাহা নামৰ আৰক্ষীৰ দুই শীৰ্ষ বিষয়াক 8 মাৰ্চত অৰ্থাৎ সোমবাৰে সোধ-পোছৰ বাবে উপস্থিত থাকিবলৈ নিৰ্দেশ দিছে ৷ তদুপৰি, কল্লোল গণায় মুৰ্চিদাবাদ ৰেঞ্জৰ ডিআইজি হিচাপে কৰ্মৰত হৈ থকাৰ লগতে অংশুমান সাহা মুৰ্চিদাবাদ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে কৰ্মৰত বুলিও জানিবলৈ দিয়ে সূত্ৰটোৱে ৷

উল্লেখ্য যে, চিবিআইয়ে বিগত বছৰৰ ২১ ছেপ্তেম্বৰত সীমান্ত নিৰাপত্তাৰক্ষী আৰু শুল্ক বিষয়াকে ধৰি চাৰিজনকৈ লোকৰ বিৰুদ্ধে গৰুৰ চোৰাং সৰবৰাহৰ সৈতে জড়িত থকাৰ অভিযোগত গোচৰ ৰুজু কৰিছিল ৷ অভিযোগ অনুসৰি তেওঁলোকক আন্তঃৰাষ্ট্ৰীয় গৰু সৰবৰাহকাৰীয়ে মোটা অংকৰ ধন ঘোচ দিছিল ৷

লগতে পঢ়কঃ ছোনিয়া গান্ধীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ সুস্মিতা দেৱৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.