ETV Bharat / bharat

Delhi liquor scam: মনীষ চিছোডিয়াৰ বিৰুদ্ধে অভিযোগনামা দাখিল চিবিআইৰ

author img

By

Published : Apr 25, 2023, 6:38 PM IST

Updated : Apr 25, 2023, 7:19 PM IST

বিপদে লগ এৰা নাই উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াক ৷ মনীষ চিছোদিয়াৰ বিৰুদ্ধে অভিযোগনামা দাখিল চিবিআইৰ (CBI files charge sheet against Manish Sisodia)৷

CBI files charge sheet against Manish Sisodia in Delhi liquor scam
মনীষ চিছোডিয়াৰ বিৰুদ্ধে অভিযোগনামা দাখিল চিবিআইৰ

নিউজ ডেস্ক, 25 এপ্ৰিল : ভাগ্যই লগ দিয়া নাই চিছোদিয়াক (Delhi liquor scam)৷ মঙলবাৰে দিল্লী সুৰা কেলেংকাৰীৰ অভিযুক্ত প্ৰাক্তন উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰে চিবিআইয়ে (CBI files charge sheet against Manish Sisodia)৷ ইফালে একে সময়তে, কাৰাৰুদ্ধ চিছোদিয়াৰ পত্নী সীমা চিছোদিয়াক আজি বিয়লি স্বাস্থ্যৰ অৱনতি হোৱাৰ পিচতে দিল্লীৰ এপ’লো চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷

চিবিআইয়ে দাখিল কৰা এই অভিযোগনামাখনত মনীষ চিছোদিয়া, অমনদীপ, বুচি বাবু আৰু অৰ্জুন পাণ্ডেৰ নামো অন্তৰ্ভুক্ত আছে ৷ এইবাৰ প্ৰথমবাৰৰ বাবে সুৰা কেলেংকাৰীৰ অভিযোগনামাত চিছোদিয়াৰ নাম প্ৰকাশ হৈছে (Manish Sisodia in Delhi liquor scam)৷

ইয়াৰ পিচতে এতিয়া আশংকা কৰা হৈছে যে, চিছোদিয়া দীঘলীয়া সময়ৰ বাবে কাৰাগাৰত থাকিব লাগিব পাৰে ৷ অহা 26 এপ্ৰিলত চিবিআই গোচৰত চিছোদিয়াৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰাৰ কথা আছে ৷

অভিযোগনামখনত ভাৰতীয় দণ্ডবিধি ১২০ বি, ২০১ আৰু ৪২০ ধাৰা আৰু দুৰ্নীতি প্ৰতিৰোধ আইনৰ ৭, ৭এ, ৮ আৰু ১৩ ধাৰাৰ অধীনত দাখিল কৰা হৈছে ৷ চিবিআইয়ে দাখিল কৰা এইখন দ্বিতীয় অভিযোগনামা ৷ প্ৰথম অভিযোগনামাত চিছোদিয়াৰ নাম উল্লেখ কৰা হোৱা নাছিল ৷

প্ৰতিবেদন অনুসৰি, মনীষ চিছোদিয়াই লেফটেনেণ্ট গৱৰ্ণৰৰ অনুমোদন অবিহনে সুৰা নীতি সলনি কৰিছিল ৷ চৰকাৰে কৰ’ণা মহামাৰীৰ নামত ১৪৪.৩৬ কোটি টকাৰ নিবিদা অনুজ্ঞা মাচুল ৰেহাই দিছিল ৷ এই ৰেহাইয়ে সুৰা ঠিকাদাৰসকলক লাভান্বিত কৰিছিল (Charge sheet against Manish Sisodia) ৷ লেফেটেনেন্ট গৱৰ্ণৰে দাখিল কৰা প্ৰতিবেদনত উল্লেখ কৰা হৈছিল যে সুৰা ঠিকাদাৰসকলৰ পৰা প্ৰাপ্ত কমিছনখিনি পঞ্জাৱ বিধানসভা নিৰ্বাচনত আম আদমী পাৰ্টীয়ে ব্যৱহাৰ কৰিছিল ৷

  • Central Bureau of Investigation (CBI) files a chargesheet against Delhi's former Deputy Chief Minister Manish Sisodia and Hyderabad-based CA Butchi Babu Gorantla at Rouse Avenue Court in Delhi in connection with the Delhi liquor policy alleged scam.

    The chargesheet also names… pic.twitter.com/SGEVRmPAeZ

    — ANI (@ANI) April 25, 2023 ट" class="align-text-top noRightClick twitterSection" data=" ट">

যোৱা ২৬ ফেব্ৰুৱাৰীত সুৰা কেলেংকাৰীৰ অভিযোগত প্ৰায় ৯ ঘণ্টা ধৰি জেৰা কৰাৰ পিছত চিবিআইয়ে চিছোদিয়াক গ্ৰেপ্তাৰ কৰিছিল ৷ ইয়াৰ পিচতে নতুন আবকাৰী নীতিৰ মানি লণ্ডাৰিং গোচৰত দীঘলীয়া জেৰাৰ পিচত ই ডিয়ে চিছোদিয়াক গ্ৰেপ্তাৰ কৰিছিল (Manish Sisodia arrested by CBI and ED)৷ এই দুয়োটা গোচৰতে অভিযুক্ত চিছোদিয়াই অহা 1 মে’লৈকে তিহাৰ কাৰাগাৰত বন্দী হৈ থাকিব লাগিব ৷

দিল্লীত ৰাজহ বৃদ্ধি কৰাৰ বাবে দিল্লী চৰকাৰে 2021-22 বৰ্ষত এক নতুন সুৰা নীতি কাৰ্যকৰী কৰিছিল ৷ ইয়াৰ অন্য এটা উদ্দেশ্য আছিল যে সুৰা বিক্ৰীত মাফিয়া শাসন সমাপ্ত হ'ব আৰু চৰকাৰৰ ৰাজহ বৃদ্ধি পাব ৷ কিন্তু দিল্লীত সুৰা নীতি কাৰ্যকৰী হোৱাৰ পিচতে ইয়াৰ বিপৰীত ছবিহে পৰিলক্ষিত হৈছিল ৷

যোৱা 2022 চনৰ, 31 জুলাইৰ কেবিনেটত দিল্লী চৰকাৰে স্বীকাৰ কৰিছিল যে সুৰাৰ উচ্চ বিক্ৰী হোৱা স্বত্বেও ৰাজহৰ বৃহৎ লোকচান হৈছে ৷ তেতিয়া দিল্লী চৰকাৰৰ মুখ্য সচিবে এই বিষয়ত লেফটেনেণ্ট গভৰ্ণৰলৈ প্ৰতিবেদন প্ৰেৰণ কৰিছিল ৷ ইয়াৰ ফলত সুৰা নীতিত ত্ৰুটি ৰখাৰ লগতে সুৰা ব্যৱসায়ীসকলক অযথা লাভালাভ দিয়াৰ অভিযোগ উত্থাপিত হৈছিল ৷

লগতে পঢ়ক: Kejriwal Reacts on Sisodia Issue : মনীষ চিছোদিয়াক জে'ললৈ পঠোৱাসকল দেশৰ শত্ৰু, কেজৰিৱাল

মুখ্য সচিব নৰেশ কুমাৰে দাখিল প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি লেফটেনেণ্ট গৱৰ্ণৰে যোৱা 2022 চনৰ 22 জুলাইত চিবিআইৰ তদন্তৰ পৰামৰ্শ দিছিল ৷ ২০২২ চনৰ ১৭ আগষ্টত চিবিআইয়ে মনীষ চিছোদিয়াকে ধৰি ১৪ জন অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে আৰু পৰৱৰ্তী সময়ত মনীষ চিছোদিয়াৰ বাসগৃহত তালাচী চলায় ৷ গ্ৰেপ্তাৰ হোৱাৰ প্ৰায় দুমাহৰ পিচত চিবিআইয়ে তেওঁৰ নাম পৰিপূৰক অভিযোগনামাত অন্তৰ্ভুক্ত কৰিছে ৷

Last Updated : Apr 25, 2023, 7:19 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.