ETV Bharat / bharat

Manish Sisodia arrested: দিল্লী সুৰা কেলেংকাৰীৰ গোচৰত উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াক গ্ৰেপ্তাৰ - দিল্লী সুৰা কেলেংকাৰী

প্ৰায় 8 ঘণ্টাৰ জেৰাৰ অন্তত কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই দিল্লী সুৰা কেলেংকাৰীৰ (Delhi liquor scam case) গোচৰত উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াক (Delhi Deputy Chief Minister Manish Sisodia )গ্ৰেপ্তাৰ কৰে ৷

cbi arrested deputy cm manish sisodia in delhi liquor scam case
দিল্লী সুৰা কেলেংকাৰীৰ গোচৰত উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াক গ্ৰেপ্তাৰ
author img

By

Published : Feb 26, 2023, 8:57 PM IST

নেশ্যনেল ডেস্ক, 26 ফেব্ৰুৱাৰী: দেওবাৰে দিল্লী সুৰা কেলেংকাৰীৰ (Delhi liquor scam case) গোচৰত উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াক (Delhi Deputy Chief Minister Manish Sisodia )গ্ৰেপ্তাৰ কৰে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা (চিবিআই)য়ে ৷ কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই আজি পুৱাৰে পৰা পূৰ্বৰ আবকাৰী নীতিৰ গোচৰ সন্দৰ্ভত উপ-মুখ্যমন্ত্ৰীগৰাকীক আঠ ঘণ্টাধৰি জেৰা চলাইছিল (CBI arrested Manish Sisodia) ৷

ইফালে চিছোদিয়াই চিবিআইৰ কাৰ্যালয়লৈ যোৱাৰ পূৰ্বে মাতৃৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰি ৰাজঘাটত উপস্থিত হৈছিলহি ৷ এই সময়ছোৱাত চিছোদিয়াৰ লগত সাংসদ সঞ্জয় সিং আৰু দলৰ আন নেতাসকলো উপস্থিত আছিল ৷ তাৰ পিচতে তেওঁ দলীয় কৰ্মীসকলক সম্বোধন কৰি কয় যে মই আগন্তুক 7-8 মাহ কাৰাগাৰত থাকিব লগা হ’ব পাৰে । মই "মিছা অভিযোগ"ৰ বাবে কাৰাগাৰলৈ যাবলৈ ভয় নকৰো । মোক গ্ৰেপ্তাৰ কৰিবলৈ ভিত্তিহীন অভিযোগ জাপি দিয়া হৈছে ।

তেওঁ আৰু কয় যে, কেজৰিৱালজী, আপুনি দিল্লীৰ উন্নয়নৰ বাবে কাম কৰি যাব । আজিৰ সময়ত নৰেন্দ্ৰ মোডীয়ে ৰাহুল গান্ধীক ভয় নকৰে, কিন্তু অৰবিন্দ কেজৰিৱালক ভয় কৰে । মই আজি চি বি আইৰ কাৰ্যালয়লৈ গৈ আছো, মোৰ সৈতে লাখ লাখ শিশুৰ মৰম আৰু কোটি কোটি দেশবাসীৰ আশীৰ্বাদ আছে ।

লগতে চিছোদিয়াই কয় যে মই সততা আৰু নিষ্ঠাৰে কাম কৰিছো যাৰবাবে আপোনালোকে ইমান মৰম কৰি আহিছে ৷ মোৰ পত্নীয়ে মোৰ সকলো উত্থান-পতনৰ সময়ত সদায় মোক সমৰ্থন কৰি আহিছে । আজি তেওঁলোকে মোক কাৰাগাৰলৈ পঠিওৱা হৈছে ৷ এতিয়া মোৰ পৰিয়াল অকলে থাকিব লাগিব । মোৰ পত্নী অসুস্থ আৰু মোৰ পুত্ৰও অধ্যয়ন কৰি আছে । এতিয়া আপোনালোকে মোৰ পৰিয়ালৰ যত্ন ল’ব লাগিব ৷

ইয়াৰ পূৰ্বে মনীষ চিছোদিয়াৰ বাসগৃহৰ বাহিৰত কটকটীয়া নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছিল । ফলত আপৰ নেতাসকলে মনীষ চিছোদিয়াক 'গৃহবন্দী' কৰি ৰখা বুলি দাবী কৰি বিজেপি চৰকাৰক দোষাৰোপ কৰি এই কাৰ্যক নিন্দা কৰিছিল ৷

আনহাতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে আজি ছ’চিয়েল মিডিয়াত এক পোষ্টযোগে চিছোদিয়াক গ্ৰেপ্তাৰ কৰা হ'ব পাৰে বুলি এক ইংগিত দিছিল । আম আদমী পাৰ্টিৰ (আপ) নেতাসকলে দৃঢ়তাৰে দাবী কৰে যে আবকাৰী নীতিৰ গোচৰৰ নামত চিছোদিয়াক "ভুক্তভোগী" সজোৱা হৈছে । আপৰ নেতাসকলে চিবিআইৰ চমনক চিছোদিয়াক আটক কৰাৰ এক কৌশল বুলি অভিহিত কৰি আৰু ইয়াক ৰাজনৈতিক প্ৰতিদ্বন্দীসকলক দুৰ্বল কৰাৰ প্ৰয়াস বুলি অভিযোগ উত্থাপন কৰিছে ।

দিল্লীৰ প্ৰধানমন্ত্ৰী অৰবিন্দ কেজৰিৱালে (Arvind Kejriwal on Manish Sisodia) মনীষ চিছোদিয়াক আবকাৰী নীতিৰ ভুৱা গোচৰত বিজেপি চৰকাৰে হাৰাশাস্তি কৰি থকা বুলি অভিযোগ উত্থাপন কৰিছে ৷ বিজেপি চৰকাৰে একনায়কত্ববাদী শাসন চলাইছে বুলি অভিযোগ উত্থাপন কৰিছিল আপৰ কৰ্মীসকলে ৷

লগতে পঢ়ক: Congress plenary session 2023 : কংগ্ৰেছৰ পূৰ্ণাংগ অধিৱেশনৰ অন্তিম দিন, দলীয় নেতা-কৰ্মী ৰাহুল গান্ধীৰ সম্বোধন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.