ETV Bharat / bharat

UP Election 2022 : চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনৰ সময়তে 6 কোটি মূল্যৰ নগদ ধন জব্দ

author img

By

Published : Feb 24, 2022, 1:49 PM IST

উত্তৰ প্ৰদেশৰ চতুৰ্থ পৰ্যায়ৰ বিধানসভা নিৰ্বাচন (UP Election 2022) অনুষ্ঠিত হোৱাৰ সময়তে মুখ্য নিৰ্বাচনী বিষয়া অজয় কুমাৰ শুক্লা (Uttar Pradesh Chief Electoral Officer Ajay Kumar Shukla) ই এক বিস্ফোৰক ভাষ্য প্ৰকাশ কৰিছে ৷ শুক্লাই বুধবাৰে সদৰী কৰা অনুসৰি, 9 খন জিলাত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ পূৰ্বে জব্দ কৰা হৈছে প্ৰায় 6.85 কোটিৰ নগদ ধন (Cash over Rs 6 crore seized in fourth phase seats in UP election) ৰ লগতে 3.76 লাখ লিটাৰ সুৰা ৷

UP Election 2022
উত্তৰ প্ৰদেশত চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে নগদ ধন জব্দ

নেশ্যনেল ডেস্ক, 24 ফেব্ৰুৱাৰী : উত্তৰ প্ৰদেশৰ চতুৰ্থ পৰ্যায়ৰ বিধানসভা নিৰ্বাচন (UP Election 2022) অনুষ্ঠিত হোৱাৰ সময়তে মুখ্য নিৰ্বাচনী বিষয়া অজয় কুমাৰ শুক্লা (Uttar Pradesh Chief Electoral Officer Ajay Kumar Shukla) ই এক বিস্ফোৰক ভাষ্য প্ৰকাশ কৰিছে ৷ শুক্লাই বুধবাৰে সদৰী কৰা অনুসৰি, 9 খন জিলাত অনুষ্ঠিত হোৱা নিৰ্বাচনৰ পূৰ্বে জব্দ কৰা হৈছে প্ৰায় 6.85 কোটিৰ নগদ ধন (Cash over Rs 6 crore seized in fourth phase seats in UP election) ৰ লগতে 3.76 লাখ লিটাৰ সুৰা ৷

মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে এখন সংবাদমেলত সদৰী কৰে এই কথা ৷ তেওঁ লগতে কয় যে, নিৰ্বাচনী আচৰণ বিধি উলংঘনৰ 503 টা ঘটনা ইতিমধ্যে সংঘটিত (503 incidences of poll-code violation were noted) হৈছে আৰু ইয়াৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হৈছে । উল্লেখ্য যে, বৰ্তমানলৈকে ৰাজ্যখনৰ 52,512 গৰাকী ভোটাৰে ডাকযোগে বেলটৰ জৰিয়তে ভোটদান কৰে ।

উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ 59 টা সমষ্টিত 624 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৷ ইয়াৰ ভিতৰত 91 গৰাকী মহিলা প্ৰাৰ্থী ৷ মুখ্য নিৰ্বাচনী বিষয়া গৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, এই নিৰ্বাচন শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হোৱাৰ লগতে ভোটদানৰ সময়ত কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱা নাছিল ৷

বুধবাৰে সন্ধিয়া 6 বজাত ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণৰ সামৰণি পৰে ৷ সন্ধিয়া 5 বজালৈকে 57.85 শতাংশ ভোটদান সম্পূৰ্ণ হৈছিল । এই নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্বে লখিমপুৰৰ খেৰীত কটকটীয়া কৰা হৈছিল নিৰাপত্তা ব্যৱস্থা ৷

উল্লেখ্য যে, উত্তৰ প্ৰদেশত সাতটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হৈছে ৷ এই নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া 7 মাৰ্চত সমাপ্ত হোৱাৰ বিপৰীতে 10 মাৰ্চত অনুষ্ঠিত হ'ব ভোটগণনা ।

লগতে চাওক: UP election 2022: কানপুৰত EVMত বিসংগতিৰ অভিযোগ সমাজবাদী পাৰ্টিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.