ETV Bharat / bharat

Case filed against Mahant Narasimhanand Saraswati : প্ৰাক্তন ৰাষ্ট্ৰপতি এপিজে আব্দুল কালামৰ সন্দৰ্ভত বিতৰ্কিত মন্তব্য নৰসিংহানন্দ সৰস্বতীৰ

author img

By ETV Bharat Assamese Team

Published : Sep 9, 2023, 8:53 PM IST

ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামৰ সন্দৰ্ভত আপত্তিজনক মন্তব্য নৰসিংহানন্দ সৰস্বতীৰ ৷ গাজিয়াবাদৰ দাসনা দেৱী মন্দিৰৰ মহন্ত নৰসিংহানন্দ সৰস্বতীৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰাৰ অভিযোগ ৷

Case filed against Mahant Narasimhanand Saraswati
প্ৰাক্তন ৰাষ্ট্ৰপতি এপিজে আব্দুল কালামৰ সন্দৰ্ভত বিতৰ্কিত মন্তব্য নৰসিংহানন্দ সৰস্বতীৰ

নিউজ ডেস্ক, 9 ছেপ্টেম্বৰ: ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামৰ সন্দৰ্ভত আপত্তিজনক মন্তব্য নৰসিংহানন্দ সৰস্বতীৰ ৷ গাজিয়াবাদৰ দাসনা দেৱী মন্দিৰৰ মহন্ত নৰসিংহানন্দ সৰস্বতীৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ প্ৰাক্তন ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামৰ সন্দৰ্ভত নৰসিংহানন্দ সৰস্বতীয়ে কৰা আপত্তিজনক মন্তব্য সামাজিক মাধ্যত ভাইৰেল হৈছে ৷ সেই বিতৰ্কিত মন্তব্যৰ বাবে আৰক্ষীয়ে ৰুজো কৰিছে গোচৰ ৷

7 ছেপ্টেম্বৰ নিশাৰ পৰা X ত 16 ছেকেণ্ডৰ এটা ভিডিঅ’ ভাইৰেল হৈছে ৷ য’ত গাজিয়াবাদৰ দাসনা দেৱী মন্দিৰৰ মহন্ত নৰসিংহানন্দ সৰস্বতীয়ে প্ৰাক্তন ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামৰ সন্দৰ্ভত অশালীন মন্তব্য কৰা দেখা গৈছে ৷ সেয়ে মহন্ত নৰসিংহানন্দ সৰস্বতীৰ উক্ত মন্তব্যৰ বাবে তথ্য প্ৰযুক্তি আইনৰ ধাৰা 295এ, 505(1)(গ) আৰু 67 ৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে ৷ এই কথা জানিবলৈ দিছে আৰক্ষীয়ে ৷ কাৰণ তেওঁ এটা নিৰ্দিষ্ট সম্প্ৰদায়ৰ লোকৰ বিৰুদ্ধে ধৰ্মীয় অনুভূতি আঘাত দিয়া শব্দ ব্যৱহাৰ কৰিছে ৷

ইয়াৰ পূৰ্বেও নৰসিংহানন্দ সৰস্বতীৰ বিৰুদ্ধে এটা নিৰ্দিষ্ট সম্প্ৰদায়ৰ বিষয়ে আপত্তিজনক মন্তব্য কৰাৰ অভিযোগ আছে ৷ মুছলমান সমাজক উদ্যেশ্য কৰা বিতৰ্কিত মন্তব্যৰ বাবেও পূৰ্বেও ৰুজো কৰা হৈছিল গোচৰ ৷ কিন্তু প্ৰাক্তন ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামৰ সন্দৰ্ভত গোচৰ ৰজু হৈছে যদি আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত লক্ষ্যণীয় হ’ব ৷

প্ৰতিজন ভাৰতীয় নাগৰিকে শ্ৰদ্ধা কৰা ‘‘মিছাইল মেন’’ হিচাপে খ্যাত প্ৰাক্তন ৰাষ্ট্ৰপতি কালামৰ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰিবলৈ কেনেকৈ সাহস পালে গাজিয়াবাদৰ দাসনা দেৱী মন্দিৰৰ মহন্ত নৰসিংহানন্দ সৰস্বতীয়ে ! এই প্ৰশ্ন সাধাৰণলোকৰ ৷

লগতে পঢ়ক:Gyanvapi ASI Survey : দুদিনৰ বিৰতিৰ পিছত আজিৰে পৰা পুনৰ আৰম্ভ জ্ঞানবাপী জৰীপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.