ETV Bharat / bharat

Crushed Christmas: বৰদিনৰ দিনাই খ্ৰীষ্টান মিছনেৰীৰ বিৰুদ্ধে ৰুজু গোচৰ - খ্ৰীষ্টান মিছনেৰীসকলৰ বিৰুদ্ধে গোচৰ ৰুজু

পবিত্ৰ বৰদিনৰ দিনাই উত্তৰকাশীত ভয়ংকৰ প্ৰতিবাদ (Case filed against Christian missionaries) ৷ একাংশ গাঁওবাসীক সামূহিক ধৰ্মান্তৰকৰণ কৰাৰ অভিযোগত খ্ৰীষ্টান মিছনেৰীৰ এনজিঅ’ৰ বিৰুদ্ধ গোচৰ ৰুজু হিন্দু সংগঠনৰ ৷

christian missionaries for accused of mass conversion on Christmas
বৰদিনত গণ ধৰ্মান্তৰকৰণৰ অভিযোগ
author img

By

Published : Dec 25, 2022, 1:15 PM IST

christian missionaries for accused of mass conversion on Christmas
বৰদিনত গণ ধৰ্মান্তৰকৰণৰ অভিযোগ

নেশ্যনেল ডেস্ক, 25 ডিচেম্বৰ: আজি খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ বৰদিন উৎসৱ (conversion in Uttarkashi ) ৷ উত্তৰকাশীত বৰদিনত গণ ধৰ্মান্তৰকৰণক লৈ ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয় (Uproar over mass conversion)৷ এই ঘটনা সংঘটিত হৈছে উত্তৰ কাশীৰ পুৰোলা অঞ্চলত ৷

ঘটনা অনুসৰি শুকুৰবাৰে পুৰোলাৰ কাষৰ দেৱধুং অঞ্চলত এটা খ্ৰীষ্টান মিছনেৰীসকলৰ এনজিঅ’ নতুনকৈ নিৰ্মাণ কৰা হৈছিল (Christian missionaries for accused of conversion) ৷ ইয়াৰ পিছতেই এনজিঅ'টোৰ নৱনিৰ্মিত ভৱনৰ বাহিৰত এক গণ ধৰ্মান্তকৰণৰ কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল (Mass conversion to Christian)৷ এই অনুষ্ঠানটোত নেপালী মূলৰ লোক আৰু স্থানীয় লোকসকলৰ সৈতে এজন ইজৰাইলী মিছনাৰী লোকো উপস্থিত আছিল ৷

এই ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে গাঁওবাসী আৰু হিন্দু সংগঠনৰ (Hindu organizations) লোকসকল ঘটনাস্থলীত উপস্থিত হয় ৷ উত্তেজিত লোকসকলে মিছনাৰীসকলৰ বিৰুদ্ধে ধৰ্মান্তৰকৰণৰ অভিযোগ উত্থাপন কৰে (fir filed against people of Christian missionaries ) ৷

আনকি এই বিতৰ্কই ইমানেই ভয়ংকৰ ৰূপ লৈছিল যে লোকসকলে চহৰখনত এক বিশাল শোভাযাত্ৰা উলিয়াই কুমোলা তিৰাহাৰ পথ অৱৰোধ কৰি চকা বন্ধৰ ঘোষণা কৰে ৷ লগতে মুছলমান সম্প্ৰদায়লৈ ধৰ্মান্তৰ কৰা মিছনেৰীসকলৰ বিৰুদ্ধে কঠোৰ শাস্তি বিহিবলৈ দাবী উত্থাপন কৰিছিল (Conversion to christian religion)৷

বিশ্ব হিন্দু পৰিষদেও (Vishwa Hindu Parishad)(ভিএইচপি) এই ঘটনা সন্দৰ্ভত আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছে ৷ অভিযোগৰ ভিত্তিত, আৰক্ষীয়ে উত্তৰাখণ্ড ধৰ্মৰ স্বাধীনতা আইন 2018 ৰ অধীনত খ্ৰীষ্টান মিছনেৰীৰ কিছু লোকৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছে, যাৰ ভিতৰত এজন মিছনেৰীৰ নামো উল্লেখিত আছে । শনিবাৰে নিশা বিজেপিকে ধৰি বিভিন্ন হিন্দু সংগঠনৰ নেতাসকলে এক শোভাযাত্ৰা উলিয়াই ধৰ্মান্তৰকৰণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে আৰু মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰও প্ৰেৰণ কৰে ।

ইয়াৰে সমান্তৰালকে হিন্দু সংগঠনসমুহে মুখ্যমন্ত্ৰীলৈ এক স্মাৰকপত্ৰ প্ৰেৰণ কৰি কয় যে, দৰিদ্ৰ গাঁওবাসীক প্ৰলোভিত কৰি খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰকৰণ কৰা হৈছে ৷ ধৰ্মান্তৰকৰণৰ বিৰুদ্ধে প্ৰতিবাদ কৰা গাঁৱৰ লোকসকলক অভিযুক্ত মিছনেৰীসকলে প্ৰহাৰ কৰাৰ লগতে অশালীন আচৰণ কৰিছিল ৷ এই সংঘাতত বহুতো গাঁওবাসী আঘাতপ্ৰাপ্ত হৈছিল ৷ সেইবাবে অচিৰেই মুখ্যমন্ত্ৰীক এই গোচৰটোৰ অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ প্ৰশাসনক নিৰ্দেশ দিবলৈ দাবী উত্থাপন কৰিছে ৷

আনহাতে হিন্দু পৰিষদৰ জিলা সভাপতি বীৰেন্দ্ৰ ৰাৱটৰ অভিযোগৰ ভিত্তিত উত্তৰাখণ্ড ধৰ্মৰ স্বাধীনতা আইন 2018-ৰ অধীনত এজন ব্যক্তি আৰু খ্ৰীষ্টান মিছনাৰীৰ কিছু সদস্যৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে ৷

উল্লেখ্য যে, উত্তৰাখণ্ড চৰকাৰে শেহতীয়াকৈ ধৰ্মান্তৰকৰণ আইন সংশোধন কৰি ইয়াক অধিক কঠোৰ কৰিছে ৷ 2018 চনত উত্তৰাখণ্ডত প্ৰণয়ন কৰা ধৰ্মান্তৰকৰণ আইনৰ অধীনত দোষীক 1 ৰ পৰা 5 বছৰৰ কাৰাদণ্ড বিহা হৈছিল ৷ লগতে অনুসূচীত জাতি-জনজাতিৰ ক্ষেত্ৰত দোষীক 2 ৰ পৰা 7 বছৰ পৰ্যন্ত কাৰাদণ্ড বিহাৰ নিৰ্দেশনা দিয়া হৈছিল ৷ এতিয়া শেহতীয়াকৈ এই সংশোধিত আইনত 10 বছৰ পৰ্যন্ত শাস্তি বিহা হৈছে ৷

ইয়াৰ উপৰিও, দোষীক 50 হাজাৰ টকাৰ জৰিমনাও বিহিব পাৰি ৷ এই সংশোধিত আইনত ভুক্তভোগীক ক্ষতিপূৰণৰ ব্যৱস্থাও অন্তৰ্ভুক্ত হৈ আছে ৷ ইয়াৰোপৰি যিসকলক বলপূৰ্বকভাৱে ধৰ্মান্তৰণ কৰা হয় তেওঁলোকে ভুক্তভোগীজনক কমেও 5 লাখ টকা পৰিশোধ কৰিব লাগিব ৷

লগতে পঢ়ক: Ravishankar prasad target Bharat Jodo Yatra : ৰাহুল গান্ধীক আক্ৰমণ বিজেপি নেতা ৰবি শংকৰ প্ৰসাদৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.