ETV Bharat / bharat

উত্তৰাখণ্ডত বিৰল প্ৰজাতিৰ মাংসভোজী উদ্ভিদ আৱিষ্কাৰ - Utricularia Furcellata discovered in Chamoli

উত্তৰাখণ্ডত আৱিষ্কাৰ হৈছে উট্ৰিকুলাৰিয়া ফুৰচেলাটা (Utricularia Furcellata) নামৰ এবিধ বিৰল প্ৰজাতিৰ মাংসভোজী উদ্ভিদ (Rare carnivorous plant discovered in Uttarakhand)। উত্তৰাখণ্ড বন বিভাগৰ গৱেষণা শাখাই আৱিষ্কাৰ কৰিছে এই উদ্ভিদ । এই আৱিষ্কাৰৰ কথা শোহতীয়াকৈ জাপানৰ এখন ১০৬ বছৰীয়া আলোচনীত প্ৰকাশ পাইছে ।

Rare carnivorous plant
উত্তৰাখণ্ডত বিৰল প্ৰজাতিৰ মাংসভোজী উদ্ভিদ আৱিষ্কাৰ
author img

By

Published : Jun 26, 2022, 8:56 PM IST

নেশ্যনেল ডেস্ক,২৬ জুন : ভাৰতৰ প্ৰতিখন অৰণ্যৰে একোটা সুকীয়া পৰিচয় আছে । লাখ লাখ প্ৰজাতিৰ উদ্ভিদ, প্ৰাণীৰ বসতিস্থান দেশৰ অৰণ্যসমূহ । আনহাতে পৃথিৱীৰ আন ঠাইত নোপোৱা বহু জীৱ-জন্তু, উদ্ভিদ আদিও পোৱা যায় ভাৰতত । আনহাতে প্ৰায় প্ৰতিবছৰে দেশত আৱিষ্কাৰ হৈছে বিৰল প্ৰজাতিৰ জীৱ আৰু উদ্ভিদ ।

এইবাৰ পুনৰ দেশত আৱিষ্কাৰ হৈছে এবিধ বিৰল প্ৰজাতিৰ উদ্ভিদ । উত্তৰাখণ্ডত আৱিষ্কাৰ হৈছে উট্ৰিকুলাৰিয়া ফুৰচেলাটা (Utricularia Furcellata) নামৰ এবিধ বিৰল প্ৰজাতিৰ মাংসভোজী উদ্ভিদ (Rare plant species discovered in Uttarakhand)। উত্তৰাখণ্ড বন বিভাগৰ গৱেষণা শাখাই আৱিষ্কাৰ কৰিছে এই উদ্ভিদ ।

আনহাতে এই আৱিষ্কাৰৰ কথা শোহতীয়াকৈ জাপানৰ এখন ১০৬ বছৰীয়া আলোচনীত প্ৰকাশ পাইছে । জাপানৰ বিখ্যাত আলোচনী জাৰ্নেল অফ জাপানীজ বটানিত এই আৱিষ্কাৰৰ বিষয়ে প্ৰকাশ পাইছে । আলোচনীখনৰ মতে চামোলিৰ গোপেশ্বৰ ৰেঞ্জৰ মণ্ডল উপত্যকাত উদ্ভিদৰ প্ৰজাতিটো আৱিষ্কাৰ কৰা হৈছে (Utricularia Furcellata discovered in Chamoli)।

২০২১ চনৰ ছেপ্টেম্বৰত ৰাজ্যখনৰ মণ্ডল উপত্যকাত ৰেঞ্জ বিষয়া হৰিশ নেগী আৰু জুনিয়ৰ ৰিচাৰ্চ ফেলো (JRF) মনোজ সিঙক লৈ গঠিত উত্তৰাখণ্ড বন বিভাগৰ গৱেষণা শাখাৰ এটা দলে এই উদ্ভিদ বিধ আৱিষ্কাৰ কৰিছিল ।

মুখ্য বন সংৰক্ষক (গৱেষণা) সঞ্জীৱ চতুৰ্বেদীয়ে এই সন্দৰ্ভত কয় যে ১৯৯৬ চনৰ পাছত, এই প্ৰজাতিটো ভাৰতৰ কোনো ঠাইত পোৱা নাছিল । কেৱল উত্তৰাখণ্ডতে নহয়, ভাৰতৰ সমগ্ৰ পশ্চিম হিমালয় অঞ্চলত এই বিৰল মাংসভোজী উদ্ভিদৰ অৱস্থিতি ধৰা পৰিছে । দৰাচলতে, ১৯৮৬ চনৰ পাছত, এই প্ৰজাতিটো ভাৰতৰ কোনো স্থানতে প্ৰত্যক্ষ কৰা হোৱা নাছিল ।

ইফালে এই প্ৰজাতিটো পৰ্যটনস্থলীত থকাৰ বাবে ভাবুকিৰ সন্মুখীন হৈ আহিছে । গৱেষকসকলৰ মতে, মাংসভোজী উদ্ভিদ, যাক সাধাৰণতে ব্লাডাৰ ৱৰ্ট বুলি কোৱা হয়, আটাইতকৈ অত্যাধুনিক আৰু বিকশিত ফান্দৰ জৰিয়তে ই প্ৰটোজোৱাৰ পৰা আৰম্ভ কৰি পোক-পতংগ আদি চিকাৰ কৰে । ইয়াৰ চিকাৰ এক যান্ত্ৰিক প্ৰক্ৰিয়াৰ ওপৰত ভিত্তি কৰে । এই উদ্ভিদে চিকাৰৰ বাবে ফান্দৰূপী দুৱাৰত এক ভেকুৱামৰ দৰে চাপৰ সৃষ্টি কৰে ।

এই উদ্ভিদবোৰ বেছিভাগ পৰিষ্কাৰ পানী আৰু আৰ্দ্ৰ ভূমিত পোৱা যায় । ইয়াৰ আৱিষ্কাৰ উত্তৰাখণ্ডৰ পতংগ উদ্ভিদৰ অধ্যয়নৰ এটা প্ৰকল্পৰ অংশ । ইয়াক ২০১৯ চনত গৱেষণা উপদেষ্টা সমিতিয়ে অনুমোদন জনাইছিল । আনহাতে ই ৰাজ্যখনত এনেধৰণৰ প্ৰথম বিস্তৃত অধ্যয়ন আছিল । এতিয়ালৈকে, ড্ৰোচেৰা, উট্ৰিকুলাৰিয়া আৰু পিংগুইকুলা প্ৰজাতিৰ প্ৰায় ২০ টা উদ্ভিদৰ প্ৰজাতি পোৱা গৈছে ।

লগতে পঢ়ক:2030 চনৰ ভিতৰত 140 মেট্ৰিক টন কয়লা উৎপাদনৰ লক্ষ্য কয়লা মন্ত্ৰালয়ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.