ETV Bharat / bharat

Birbhum Massacre: চিবিআইক পশ্চিমবংগৰ বীৰভূম গোচৰৰ তদন্তৰ নিৰ্দেশ

author img

By

Published : Mar 25, 2022, 6:40 PM IST

পশ্চিমবংগৰ বীৰভূম ঘটনাৰ নতুন মোৰ । এতিয়াৰ পৰা এই ঘটনাৰ তদন্ত কৰিব চিবিআইয়ে । শুকুৰবাৰে কলকাতা আদালতে ঘটনাৰ তদন্তৰ দায়িত্ব চিবিআইক হস্তান্তৰ কৰে (Calcutta HC orders CBI Probe in Birbhum case)। ৭ এপ্ৰিলৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিলৰ নিৰ্দেশ ।

Birbhum Massacre
চিবিআইক পশ্চিমবংগৰ বীৰভূম গোচৰৰ তদন্তৰ নিৰ্দেশ

নেশ্যনেল ডেস্ক,২৫ মাৰ্চ : পশ্চিমবংগৰ ৰামপুৰহাট বীৰভূম গোচৰৰ চিবিআইক তদন্তৰ নিৰ্দেশ কলকাতা উচ্চ ন্যায়ালয়ৰ (Calcutta HC orders CBI Probe in Birbhum case)। শুকুৰবাৰে গোচৰৰ শুনানিৰ সময়ত এই নিৰ্দেশনা জাৰী কৰে । লগতে ৭ এপ্ৰিলৰ ভিতৰত এখন প্ৰতিবেদন দাখিল কৰিবলৈও নিৰ্দেশ দিয়ে । ঘটনাৰ বৰ্তমানৰ তদন্তৰ দায়িত্বত থকা এছআইটিক তদন্ত বন্ধ কৰিবলৈও কোৱা হৈছে ।

মমতা বেনাৰ্জী চৰকাৰে ঘটনাৰ তদন্ত কেন্দ্ৰীয় সংস্থাক হস্তান্তৰ নকৰিবলৈ অনুৰোধ জনাইছিল যদিও সেই অনুৰোধ অস্বীকাৰ কৰে আদালতে । উল্লেখ্য যে ৰাজ্য চৰকাৰক গোচৰটোৰ (Birbhum Massacre) তদন্ত তৎক্ষাণিকভাৱে চিবিআইক হস্তান্তৰ কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে পৰৱৰ্তী তদন্তৰ ক্ষেত্ৰত চিবিআইক সম্পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ চৰকাৰক নিৰ্দেশ দিছে আদালতে ।

ইফালে সমগ্ৰ ঘটনা সম্পৰ্কে ৰাজনৈতিক মহলতো বিশেষ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিভিন্ন স্থানত পশ্চিমবংগ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে । লগতে বিৰোধী ভাৰতীয় জনতা পাৰ্টীয়ে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ পদত্যাগ দাবী কৰিছে ।

হুগলীৰ বিজেপি সাংসদ লকেট চেটাৰ্জীয়ে দাবী কৰা মতে ঘটনা সম্পৰ্কত প্ৰায় ২০ জন লোকক আটক কৰা হৈছে যদিও অভিযুক্তৰ প্ৰকৃত সংখ্যা কোনেও নাজানে । ইফালে গৃহ মন্ত্ৰালয়ে অগ্নিকাণ্ডৰ ঘটনাৰ ওপৰত পশ্চিমবংগ চৰকাৰৰ পৰা বিতং প্ৰতিবেদন বিচাৰিছে । অৱশ্যে, আদালতৰ নিৰ্দেশৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি তৃণমূল কংগ্ৰেছে (টিএমচি) কয় যে ৰাজ্য চৰকাৰে বিষয়টোৰ নিৰপেক্ষ তদন্ত কৰি আছে ।

উল্লেখ্য যে ২২ মাৰ্চত একাংশ দুষ্কৃতিকাৰীয়ে কেইবাটাও ঘৰত অগ্নিসংযোগ কৰে আৰু য'ত প্ৰায় ৮ গৰাকী লোকৰ মৃত্যু হয় । জানিব পৰা মতে দুষ্কৃতিকাৰীয়ে ভুক্তভোগীলোকসকলক ঘৰৰ ভিতৰত বন্দী কৰি অগ্নিসংযোগ কৰিছিল । ২১ মাৰ্চত ভাদু শ্বেখ নামৰ এগৰাকী তৃণমূল কংগ্ৰেছৰ কৰ্মকৰ্তাৰ হত্যাৰ পিছতে এই ঘটনাটো সংঘটিত হৈছিল ।

লগতে পঢ়ক :নিজ সমষ্টিত সংঘটিত হত্যাকাণ্ডৰ পুনৰ তদন্তৰ দাবী এগৰাকী বিধায়িকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.