ETV Bharat / bharat

৩০ অক্টোবৰত হ'ব ৩ টা লোকসভা আৰু ৩০ টা বিধানসভা সমষ্টিত উপ-নিৰ্বাচন - ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগ

দেশৰ বিভিন্ন ৰাজ্যৰ ৩ টা লোকসভা আৰু ৩০ টা বিধানসভা সমষ্টিত হ'বলগীয়া উপ-নিৰ্বাচনৰ সময়সূচী আৰু নিয়মাৱলী প্ৰকাশ কৰিলে নিৰ্বাচন আয়োগে । উপ-নিৰ্বাচনত ভোটাৰ, প্ৰাৰ্থী, নিৰ্বাচনী বিষয়া তথা নিৰ্বাচনী কাৰ্যকলাপত জড়িত লোকসকলে কোনবোৰ নীতি-নিয়ম পালন কৰিব লাগিব ?

byepoll
৩০ অক্টোবৰত হ'ব ৩ টা লোকসভা আৰু ৩০ টা বিধানসভা সমষ্টিত উপ নিৰ্বাচন
author img

By

Published : Sep 28, 2021, 5:17 PM IST

নেশ্যনেল ডেস্ক,২৮ ছেপ্টেম্বৰ : ভাৰতৰ নিৰ্বাচন আয়োগে মঙলবাৰে বিভিন্ন ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া ৩ খন লোকসভা আসন আৰু ৩০ খন বিধানসভাৰ আসনৰ উপনিৰ্বাচনৰ সময়সূচী ঘোষণা কৰে । অন্ধ্ৰপ্ৰদেশ, হাৰিয়ানা, হিমাচল প্ৰদেশ, কৰ্ণাটক, মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ৰাজস্থান, তেলেংগানা আৰু মধ্য প্ৰদেশৰ দাদৰা আৰু নগৰ হাভেলি আৰু দমন আৰু দিউ, হিমাচল প্ৰদেশৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিধানসভা সমষ্টিৰ ক্ষেত্ৰত ১ অক্টোবৰত মনোনয়নৰ অন্তিম দিন হ'ব । মনোনয়ন পৰীক্ষা ১১ অক্টোবৰত হ'ব, মনোনয়ন প্ৰত্যাহাৰৰ তাৰিখ ১৩ অক্টোবৰ , ৩০ অক্টোবৰত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব আৰু ভোটগণনা হ'ব ২ নৱেম্বৰত ।

অসম, বিহাৰ আৰু পশ্চিমবংগৰ উপ-নিৰ্বাচনৰ ক্ষেত্ৰত মনোনয়ন প্ৰত্যাহাৰৰ তাৰিখ ১৬ অক্টোবৰ আনহাতে নিৰ্বাচনৰ বাকী সময়সূচী একে থাকিব । নিৰ্বাচন আয়োগে লগতে কয় যে ক'ভিড নিৰ্দেশনা অনুসৰি নিৰ্বাচন সম্পৰ্কীয় সকলো কাৰ্যকলাপ কঠোৰভাৱে পালন কৰা হ'ব । নিৰ্বাচনী কাৰ্যকলাপত ক'ভিড প্ৰট'কল (Covid protocol) অনুসৰি মাস্ক, চেনিটাইজাৰ, থাৰ্মেল স্কেনিং, ফেচ শ্বিল্ড, হেণ্ড গ্লোভ আদি ব্যৱহাৰ কৰাৰ লগতে সকলোৱে সামাজিক দূৰত্ব পালন কৰিব লাগিব ।

ক'ভিড প্ৰট'কল অনুসৰণৰ ক্ষেত্ৰত ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগে নিৰ্দিষ্ট নীতি-নিয়ম জাৰী কৰিব । ইফালে ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধান আৰু জিলা প্ৰশাসনে ক'ভিড নিৰ্দেশনাৰ নিৰীক্ষণ, তত্বাৱধানৰ ক্ষেত্ৰত দায়বদ্ধ হ'ব । আয়োগে জনোৱা মতে সকলো নিৰ্বাচনী বিষয়া, প’লিং বিষয়া আৰু নিয়োজিত সকলো ব্যক্তিয়ে প্ৰতিষেধকৰ দুয়োটা পালি গ্ৰহণ কৰিব লাগিব ।

যদি কোনো প্ৰাৰ্থী বা ৰাজনৈতিক দলে নিৰ্দেশনাবোৰ সঠিকভাৱে পালন নকৰে তেন্তে সংশ্লিষ্ট প্ৰাৰ্থী বা দলক ৰেলী, সভাৰ বাবে অনুমতি দিয়া নহ'ব । যদি কোনো ষ্টাৰ কেম্পেইনাৰে (star campaigner) ক'ভিড প্ৰট'কল উলংঘা কৰে, তেন্তে তেওঁক সেই সমষ্টি বা জিলাত প্ৰচাৰ চলাবলৈ অনুমতি দিয়া নহ'ব । নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি যিসকল প্ৰাৰ্থী, নিৰ্বাচনী এজেণ্ট, প’লিং এজেণ্ট, ড্ৰাইভাৰ আদিয়ে ৰাইজ বা নিৰ্বাচনী বিষয়াৰ সংস্পৰ্শলৈ আহিব তেওঁলোকেও প্ৰতিষেধকৰ দুটা কৈ পালি গ্ৰহণ কৰিব লাগিব ।

প্ৰতিটো ভোটকেন্দ্ৰতে এগৰাকী স্বাস্থ্য কৰ্মীক ক'ভিড নোডেল বিষয়া হিচাপে নিযুক্তি দিয়া হ'ব । আনহাতে মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানে পৰ্যাপ্ত প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰিব আৰু কোনো নিৰ্বাচন সম্পৰ্কীয় হিংসা যাতে সংঘটিত নহয় তাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব ।

লগতে পঢ়ক :পুডুচেৰীত বিজেপিৰ দখলত ৰাজ্যসভাৰ প্ৰথমখন আসন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.