ETV Bharat / bharat

Buldhana accident: জ্বলনশীল সামগ্ৰী থকাৰ বাবে জুই লাগিছিল বাছখনত: বীৰেন্দ্ৰ ডাৰ্ণা

author img

By

Published : Jul 1, 2023, 2:24 PM IST

মহাৰাষ্ট্ৰৰ বুলধানাত পুৱা দুৰ্ঘটনাত পতিত হোৱা বাছখনৰ গৰাকীয়ে কয় যে বাহনখন 2020 চনত ক্ৰয় কৰা হৈছিল আৰু বাছখনত জ্বলনশীল সামগ্ৰী থকাৰ বাবে ইয়াত জুই লাগিছিল ৷ এই ভয়াৱহ ঘটনাত শনিবাৰে পুৱা 33 জন যাত্ৰী কঢ়িয়াই অনা এখন বাছত জুই লাগি তিনি শিশুসহ 26 জন লোকৰ মৃত্যু হয় ৷

Buldhana accident
জ্বলনশীল সামগ্ৰী থকাৰ বাবে জুই লাগিছিল বাছখনত

নিউজ ডেস্ক, 1 জুলাই: মহাৰাষ্ট্ৰৰ বুলধানাত পুৱা দুৰ্ঘটনাত পতিত বাছখনৰগৰাকীয়ে কয় যে বাহনখন 2020 চনত ক্ৰয় কৰা হৈছিল আৰু বাছখনত জ্বলনশীল সামগ্ৰী থকাৰ বাবে ইয়াত জুই লাগিছিল ৷

মহাৰাষ্ট্ৰৰ সমৃদ্ধি-মহামাৰ্গ এক্সপ্ৰেছৱেত সংঘটিত এই ভয়াৱহ ঘটনাত শনিবাৰে পুৱা 33 জন যাত্ৰী কঢ়িয়াই অনা এখন বাছত জুই লাগি তিনি শিশুসহ 26 জন লোকৰ মৃত্যু হয় ৷ আনহাতে 7 গৰাকী লোক বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷ আহতসকলৰ মাজত বাছখনৰ চালক আৰু হেণ্ডিমেনো আছে ৷

বাছখনৰ গৰাকী বীৰেন্দ্ৰ ডাৰ্ণাই কয়, "আমি 2020 চনৰ জানুৱাৰী মাহত বাছখন কিনিছিলো ৷ 2020 চনৰ মাৰ্চ মাহত লকডাউনৰ পিছত এবছৰ ধৰি চলা নাছিল বাছখন ৷ এইখন এখন নতুন বাহন আৰু বাহনখনৰ সকলো নথি-পত্ৰ আছে ৷"

বাছখনৰ গৰাকীৰ মতে, ডেনিছ নামৰ বাছ চালকজন যথেষ্ট অভিজ্ঞ আছিল ৷ তেওঁ আৰু কয় যে, "আমি তথ্য পাইছো যে বাছখনৰ টায়াৰ ফাটি যোৱাৰ পিছত ৰোড ডিভাইডাৰত খুন্দা মাৰে ৷ বাছখনত জ্বলনশীল সামগ্ৰী থকাৰ বাবে জুই লাগে ৷"

দুৰ্ঘটনাটোৰ বিষয়ে জানিব পাৰি লগে লগে জৰুৰীকালীন চিকিৎসা সেৱাৰ দলৰ লগতে অগ্নিনিৰ্বাপক বাহিনীয়ে সেই স্থানত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে ৷ আহত যাত্ৰীকেইজনক ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ এই ভয়াবহ দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে আৰু উপ-মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাড়নাভিছে ৷

মুখ্যমন্ত্ৰীয়ে এই দুৰ্ঘটনাত নিহতসকলৰ আত্মীয়লৈ 5 লাখ টকাৰ অনুদান ঘোষণা কৰিছে ৷ মুখ্যমন্ত্ৰীয়ে বুলধানা জিলা দণ্ডাধীশ আৰু আৰক্ষী অধীক্ষকৰ সৈতে আলোচনা কৰে আৰু দুৰ্ঘটনাত পতিত সকলক তাৎক্ষণিক সহায় আগবঢ়াবলৈ নিৰ্দেশ দিয়ে ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে সংঘটিত হোৱা এই ভয়ংকৰ বাছ দুৰ্ঘটনাত শোক প্ৰকাশ কৰাৰ লগতে মৃতকৰ আত্মীয়লৈ 2 লাখ টকাৰ অনুদান প্ৰদানৰ কথাও ঘোষণা কৰে ৷

লগতে পঢ়ক: Bus Accident: ৰাজপথত দাউদাউকৈ জ্বলিল যাত্ৰীবাহী বাছ: অগ্নিদগ্ধ হৈ ২৫ জনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.