ETV Bharat / bharat

MP Road Accident : মধ্যপ্ৰদেশৰ সিধিত ট্ৰাক-বাছৰ সংঘৰ্ষ; আহত ৪০ তকৈ অধিক

author img

By

Published : Aug 12, 2023, 10:29 AM IST

মধ্যপ্ৰদেশৰত অঘটন ৷ মধ্যপ্ৰদেশৰ সিধিৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন তীব্ৰবেগী ট্ৰাক আৰু বাছৰ মাজত মুখামুখি সংঘৰ্ষ হয় । ফলত ৪০ জনতকৈ অধিক লোক আহত হয় ৷ ৬ জনৰ অৱস্থা সংকটজনক ৷

MP Road AccidentMP Road Accident
সিধিত ট্ৰাক-বাছৰ সংঘৰ্ষ

নেশ্যনেল ডেস্ক, ১২ আগষ্ট : মধ্যপ্ৰদেশৰ সিধি জিলাত অঘটন ৷ শুকুৰবাৰে নিশা প্ৰায় ১২ বজাত ৰীৱা সিধিৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ বধৌৰাত এখন তীব্ৰবেগী ট্ৰাক আৰু বাছৰ মাজত মুখামুখি সংঘৰ্ষ হয় । ফলত ৫০ জনতকৈ অধিক লোক আহত হয় ৷

জানিব পৰা মতে, সতনাৰ পৰা সিংগৰৌলী অভিমুখে গৈ আছিল বাছখন ৷ দুৰ্ঘটনাত পতিত হোৱা বাছখনত আছিল ৫০ জনতকৈ অধিক লোক । এই দুৰ্ঘটনাটোত আহত হোৱা ৬ জন লোকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ।

আহত ৪০ জনতকৈ অধিক যাত্ৰী :

সঘনে সিধি জিলাত বৃদ্ধি পাইছে পথ দুৰ্ঘটনাৰ সংখ্যা । শুকুৰবাৰে মাজ নিশা গৌতম নামৰ এখন যাত্ৰীবাহী বাছক খুন্দা মাৰে এখন ট্ৰাকে । ফলত সংঘটিত হয় এই ভয়ংকৰ অঘটনটো ৷ এই দুৰ্ঘটনাটোত বাছখনৰ বহু যাত্ৰী গুৰুতৰভাৱে আহত হয় ৷ অৱশ্যে আৰক্ষীৰ তৎপৰতাত আহত যাত্ৰীসকলক চিকিৎসাৰ বাবে সিধি জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ লগতে একাংশ যাত্ৰীক চুৰহট সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হয় ৷ তথ্য অনুসৰি, আহতসকলক বৰ্তমানো চিকিৎসালয়তে ৰখা হৈছে ৷

সংঘৰ্ষৰ পিচত বাগৰি পৰে বাছখন :

প্ৰত্যক্ষদৰ্শী ৰাম ৰাইছ সাকেট নামৰ এজন লোকে কয়, ‘‘দুৰ্ঘটনাত পতিত হোৱা বাছখনত ৫০ জনতকৈ অধিক যাত্ৰী আছিল । এই দুৰ্ঘটনাত বহু যাত্ৰী গুৰুতৰভাৱে আহত হৈছে ৷ বাছ-ট্ৰাকখন সংঘৰ্ষৰ পাচতে বাগৰি পৰে বাছখন । এই দুৰ্ঘটনাৰ ফলত বহু লোকৰে হাত-ভৰি ভাঙি যোৱাৰ সম্ভাৱনা আছে । এই দুৰ্ঘটনাৰ পাচতে একাংশ যাত্ৰীয়ে খিৰিকী ভাঙি বাহিৰলৈ ওলাই আহিবলৈ সক্ষম হয়’’ ৷

আহতসকলৰ চিকিৎসা অব্যাহত :

এই দুৰ্ঘটনাৰ বিষয়ে জানিব পাৰি কিছু সময়ৰ ব্যৱৰ্ধানৰ অন্তত উপস্থিত হয় চুৰহট আৰক্ষী থানা, ছেমৰিয়া আৰু জামোদী থানাৰ আৰক্ষী ৷ তাৰ পাচেত লগে লগে আহত আটাইকেইজন লোকক ১০৮ এম্বুলেন্সৰ সেৱাৰ জৰিয়তে চিকিৎসালয়লৈ প্ৰেৰণ কৰে । চুৰহট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পুষ্পেন্দ্ৰ মিশ্ৰই কয় যে ট্ৰাক চালকজনৰ গাফিলতিৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হৈছে । এটা গৰুটোক বচাবলৈ যাওঁতে বাছখনক খুন্দা মাৰে ট্ৰাকখনে ।

লগতে পঢ়ক : Nigeria mosque collapse : নামাজৰ সময়তে ভাঙি পৰে মছজিদ, জীৱন্তে সমাধিস্থ 7 জন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.