ETV Bharat / bharat

Buldhana bus accident : সুৰামত্ত অৱস্থাত আছিল বাছ চালক - Vidarbha Travels driver was drunk

দুৰ্ঘটনাত পতিত বাছখনৰ চালকে অত্যাধিক পৰিমাণে সুৰাপান কৰি আছিল । যাৰ বাবে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ । ফৰেনছিক প্ৰতিবেদন অনুসৰি চালকৰ তেজৰ নমুনাত সুৰাৰ অৱস্থিতি ধৰা পৰিছে ।

Buldhana bus accident
সুৰামত্ত অৱস্থাত আছিল বাছ চালক
author img

By

Published : Jul 7, 2023, 1:40 PM IST

নেশ্যনেল ডেস্ক,৭ জুলাই : মহাৰাষ্ট্ৰৰ ভয়াৱহ বাছ দুৰ্ঘটনাৰ ৰহস্য ফাদিল । সুৰামত্ত অৱস্থাত আছে বাছখনৰ চালকজন । চালকৰ তেজৰ নমুনাত পোৱা গৈছে সুৰাৰ অৱস্থিতি । চালক শ্বেখ ডেনিছ বৰ্তমান আৰক্ষীৰ জিম্মাত ।

মহাৰাষ্ট্ৰৰ বুলধানা সমৃদ্ধি ঘাইপথত ভয়ংকৰ বাছ দুৰ্ঘটনাটো সংঘটিত হৈছিল । য'ত ২৬ জনকৈ যাত্ৰীয়ে অকাল মৃত্যুক আঁকোৱালি ল’বলগীয়া হৈছিল । বিদৰ্ভ ট্ৰেভেলছ নামৰ এটা এজেন্সিৰ আছিল বিলাসী বাছখন । বাছ দুৰ্ঘটনাটোৱে সমগ্ৰ দেশ জোকাৰি গৈছিল । ইফালে দুৰ্ঘটনাটোক লৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । এই তদন্তৰ মাজত ভয়ংকৰ তথ্য পোহৰলৈ আহিছে বিদৰ্ভ ট্ৰেভেলছৰ চালক শ্বেখ ডেনিছে সুৰাপান কৰি বাছখন চলাই আছিল । চালকজনৰ তেজৰ নমুনা পৰীক্ষাৰ পাছতে এই তথ্য পোহৰলৈ আহিছে । বৰ্তমান আৰক্ষীৰ জিম্মাত আছে চালকজন ।

এই ব্যক্তিগত বাছখন নাগপুৰৰ পৰা পুনেলৈ যাত্ৰা কৰি আছিল । বুলধানাৰ সিন্ধখেদ ৰাজাৰ ওচৰত বাছখন দুৰ্ঘটনাত পতিত হৈছিল । বাছখনত থকা ৮ জন যাত্ৰী সুৰক্ষিত আছিল । ফৰেনচিক প্ৰতিবেদনত প্ৰকাশ পাইছে যে দুৰ্ঘটনাটোৰ সময়ত বাছ চালকজনে সুৰাৰ নিচাত বাছখন চলাই আছিল । আঞ্চলিক ফৰেনচিক বিজ্ঞান গৱেষণাগাৰৰ (আৰএফএছএল) অমৰাৱতীৰ এক ৰাসায়নিক বিশ্লেষণ প্ৰতিবেদন অনুসৰি, দুৰ্ঘটনাৰ দিনা চালক শ্বেখ ডেনিছৰ পৰা লোৱা তেজৰ নমুনাত আইনী সীমাতকৈ ৩০ শতাংশ অধিক সুৰাৰ পৰিমাণ আছিল ।

এই তথ্য পোহৰলৈ অহাৰ পাছত এতিয়া চালক তথা বিদৰ্ভ ট্ৰেভেলছৰ বিৰুদ্ধে আৰক্ষীয়ে কি পদক্ষেপ গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হ'ব । যিটো সময়ত এগৰাকী চালকৰ ওপৰত নিৰ্ভৰ কৰিয়ে বাছখনত ৩৩ গৰাকী লোকে যাত্ৰা কৰি আছিল, তেনে সময়ত নিজৰ লগতে যাত্ৰীসকলৰ জীৱনৰ কথা চিন্তা নকৰি সুৰাপান কৰি বাছখন চলাই আছিল চালকজনে । ফৰেনছিকৰ প্ৰতিবেদন ৰাজহুৱা হোৱাৰ পাছতে বিদৰ্ভ ট্ৰেভেলছ আৰু সুৰামত্ত চালকজনৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে বিভিন্নজন ।

লগতে পঢ়ক :Buldhana Bus accident : আজি সম্পন্ন হ’ব বুলধানা দুৰ্ঘটনাত মৃত্যু হোৱা 24 জন লোকৰ শেষকৃত্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.