ETV Bharat / bharat

Health in Budget 2023 : ফাৰ্মাত গৱেষণা, বৰ্ধিত ICMR সুবিধা, নতুন নাৰ্ছিং মহাবিদ্যালয়

author img

By

Published : Feb 1, 2023, 3:22 PM IST

Updated : Feb 1, 2023, 4:06 PM IST

বাজেট ২০২৩-য়ে স্বাস্থ্য খণ্ডৰ ক্ষেত্ৰত বহুতো নতুন পদক্ষেপৰ প্ৰতিশ্ৰুতি দিছে (Health in Budget 2023) । ৰাজহুৱা আৰু ব্যক্তিগত চিকিৎসা সুবিধাৰ দ্বাৰা বৰ্ধিত আইচিএমআৰ সুবিধা আৰু গৱেষণা এই খণ্ডৰ কেইটামান মুখ্য বিষয় ।

Budget
Budget

নিউজ ডেস্ক, ১ ফেব্ৰুৱাৰী : কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে বুধবাৰে লোকসভাত ২০২৩-২৪ বিত্তীয় বাজেট উপস্থাপন কৰে (FM Nirmala Sitharaman Union Budget 2023) । উল্লেখ্য নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ এইখন হৈছে অন্তিমখন পূৰ্ণাংগ বাজেট (PM Narendra Modi) । আনহাতে, বিত্ত মন্ত্ৰী হিচাপে নিৰ্মলা সীতাৰমণৰ কাৰ্যকালৰ পঞ্চমখন বাজেট । ২০২৪ বৰ্ষৰ সাধাৰণ নিৰ্বাচন আৰু চলিত বৰ্ষত অনুষ্ঠিত হ'বলগা কেইবাখনো ৰাজ্যৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এই বাজেটৰ দিশে চকু আছে সকলোৰে । আনহাতে, কোভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ভগ্নপ্ৰায় অৰ্থনৈতিক অৱস্থা, মুদ্ৰাস্ফীতি, ৰাষ্ট্ৰীয় বিকাশৰ হাৰ আদি বিভিন্ন প্ৰতিবন্ধকতাৰ বাবে এইবাৰৰ বাজেট নিৰ্মলা সীতাৰমণৰ বাবে আছিল এক প্ৰত্যাহ্বানমূলক বাজেট ।

অৱশ্যে বিত্ত মন্ত্ৰীয়ে উত্থাপন কৰা ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাজেটত সৰ্বসাধাৰণৰ বাবে কেইবাটাও সকাহ প্ৰদান কৰা হৈছে । লগতে বিভিন্ন খণ্ডত ঘোষণা কৰা হৈছে নতুন আঁচনি, আবণ্টন কৰা হৈছে ধন । ঠিক তেনেদৰে স্বাস্থ্য খণ্ডত বাজেট (Health in Budget 2023) ঘোষণা কৰি বিত্ত মন্ত্ৰীয়ে কয় যে বাজেটত নতুন নাৰ্ছিং মহাবিদ্যালয়সমূহক (2023 budget promises new nursing colleges) বৰ্ধিত আই চি এম আৰ সুবিধা প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়া হৈছে (ICMR facilities) ।

তেওঁ লগতে কয় যে ২০১৫ চনৰ পৰা চলি থকা বৰ্তমানৰ ১৫৭ খন চিকিৎসা মহাবিদ্যালয়ৰ সৈতে সহ-অৱস্থানত ১৫৭ খন নতুন নাৰ্ছিং মহাবিদ্যালয় স্থাপন কৰা হ'ব । আনহাতে, চৰকাৰে ২০৪৭ চনৰ ভিতৰত চিকল চেল এনিমিয়া (sickle cell anemia) দূৰ কৰাৰ বাবে এক অভিযান কাৰ্যকৰী কৰাৰ পৰিকল্পনা কৰিছে । ইয়াৰ উপৰি চিকিৎসা গৱেষণাত সকলো আইচিএমআৰ পৰীক্ষাগাৰত ৰাজহুৱা আৰু ব্যক্তিগত চিকিৎসা সুবিধাৰ দ্বাৰা গৱেষণাৰ সুবিধা থাকিব । লগতে সকলো উৎকৰ্ষ কেন্দ্ৰতে ফাৰ্মাচিউটিকেলত গৱেষণা আৰু উদ্ভাৱনৰ প্ৰচাৰৰ বাবে নতুন কাৰ্যসূচী থাকিব (promote research and innovation in pharmaceuticals) ।

উল্লেখ্য, 2023-ৰ বাজেট ভাষণত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে সাধাৰণ মানুহৰ বাবে এক বৃহৎ ঘোষণা কৰিছে (Nirmala Sitharaman Budget 2023) । তেওঁ ঘোষণা কৰিছে যে নতুন কৰ ব্যৱস্থা অনুসৰি 7 লাখ টকালৈকে উপাৰ্জন কৰা যিকোনো লোকে কোনো কৰ পৰিশোধ কৰিব নালাগে (Zero Income Tax for income upto Rs 7 lakh) ।

আনহাতে, বিত্ত মন্ত্ৰীয়ে উদ্যোগীসকলৰ দ্বাৰা আৰম্ভ কৰা কৃষি ষ্টাৰ্ট-আপৰ প্ৰচাৰৰ বাবে কৃষি ত্বৰক পুঁজি স্থাপনৰ কথা ঘোষণা কৰে (Agriculture Accelerator Fund to promote agri startups) । সীতাৰমণে কৃষি ঋণৰ লক্ষ্যও ২০ লাখ কোটিলৈ বৃদ্ধি কৰে । "পশুপালন, দুগ্ধ জাত আৰু মীন পালনৰ ওপৰত গুৰুত্ব দি কৃষি ঋণৰ লক্ষ্য ২০ লাখ কোটি টকালৈ বৃদ্ধি কৰা হ'ব ।" সীতাৰমণে সংসদত কয় ।

ইয়াৰ উপৰি বিত্ত মন্ত্ৰীয়ে নিজৰ বাজেট ভাষণত ঘোষণা কৰে যে ৰে'লৱেৰ বাবে ২.৪০ লাখ কোটি টকাৰ মূলধন ব্যয় প্ৰদান কৰা হৈছে । যিটো ২০১৩-১৪ বিত্তীয় বৰ্ষত কৰা ব্যয়ৰ প্ৰায় ন-গুণ বেছি । লোকসভাত বাজেট উত্থাপন কৰাৰ সময়ত বিত্ত মন্ত্ৰীয়ে এই কথা ঘোষণা কৰে । সীতাৰমণে কয় যে ৰে'লৱেৰ বাবে নিৰ্ধাৰণ কৰা এই ব্যয় ২০১৩-২০১৪ বৰ্ষত প্ৰদান কৰা পৰিমাণৰ ন-গুণ ।

লগতে পঢ়ক :Union Budget 2023 : ৰে'লৱেৰ মূলধন ব্যয় প্ৰায় আঢ়ৈ লাখ কোটি নিৰ্ধাৰণ

Last Updated : Feb 1, 2023, 4:06 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.