নেশ্যনেল ডেস্ক,৮ আগষ্ট: পশ্চিম বংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বুদ্ধদেৱ ভট্টাচাৰ্যক চিকিৎসালয়ৰ পৰা বুধবাৰে অব্যাহতি দিয়া হ'ব স্ব-গৃহলৈ উভতি আহিব । ১২ দিন চিকিৎসালয়ত থকাৰ পিছত অৱশেষত বুধবাৰে ভট্টাচাৰ্যক ঘৰলৈ যাবলৈ দিয়া হ'ব ৷ এই সন্দৰ্ভত এক তথ্য সদৰি কৰে চিকিৎসকসকলে ।
চিকিৎসকসকলে নিশ্চিত কৰিছে যে, বুদ্ধদেব ভট্টাচাৰ্যক চিকিৎসালয়ৰ পৰা যাবলৈ দিলেও তেওঁৰ বাসগৃহত কঠোৰ সতৰ্কতাৰ মাজত ৰাখিব লাগিব । ভট্টাচাৰ্যৰ বাবে কেৱল স্থানৰহে সলনি হ'ব, নিয়মবোৰ নহয় । চিকিৎসকসকলে জনায় যে, চিকিৎসালয়ত তেওঁক লগ কৰা লোকসকলৰ ক্ষেত্ৰত দিয়া নিৰ্দেশনাবোৰো ঘৰত অব্যাহত ৰাখিব লাগিব ।
লগতে, প্ৰাক্তন মুখ্যমন্ত্ৰীক ঔষধ প্ৰদান কৰিবলৈ এটা স্বাস্থ্যসেৱা দল তেওঁৰ ঘৰত থাকিব । চিকিৎসক সৌতিক পাণ্ডা আৰু সপ্তৰ্শী বসুৱে মঙলবাৰে ভট্টাচাৰ্যৰ ডিছচাৰ্জৰ বাতৰি ঘোষণা কৰিবলৈ এখন সংবাদমেল অনুষ্ঠিত কৰি তেওঁলোকে জ্যেষ্ঠ বাওঁপন্থী নেতাজনক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়াৰ চূড়ান্ত সিদ্ধান্তৰ বিষয়ে অৱগত কৰে ।
এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল বুদ্ধদেৱ ভট্টাচাৰ্য ৰাইলছ টিউবটো খুলি দিয়া হৈছে । চিকিৎসকে অনুমান কৰি কয় যে, পৰৱৰ্তী ১০ দিনৰ ভিতৰত, তেওঁ ৰাইলছ টিউবৰ সহায় অবিহনে স্বাভাৱিকভাৱে খাদ্যগ্ৰহণ কৰিব পাৰিব । কিন্তু বৰ্তমান, তেওঁক কেৱল তৰল খাদ্যহে খাবলৈ দিয়া হৈছে ।
চিকিৎসক সপ্তৰ্শী বসুৱে কয় যে, এতিয়া তেওঁৰ শাৰীৰিক অৱস্থা অত্যন্ত সুস্থিৰ । তেওঁ চিকিৎসালয়ৰ স্বাস্থ্য সেৱা দলৰ তত্বাৱধানত থাকিব । এতিয়াৰ পৰা, চিকিৎসালয়খনৰ চিকিৎসকসকলে তেওঁৰ ঘৰলৈ যাব আৰু তেওঁৰ শাৰীৰিক অৱস্থা পৰীক্ষা কৰিব । তেওঁ ফিজিঅ'থেৰাপী অব্যাহত ৰাখি আৰু স্বাভাৱিক খোৱাৰ বাবে চেষ্টা কৰিব । জানিবপৰা মতে তেওঁ আজিও তেওঁৰ প্ৰিয় সংগীত শুনিছিল ।
চিকিৎসকসকলে কৈছিল যে কোভিডৰ সময়ত তেওঁৰ প্ৰস্ৰাৱৰ সমস্যা আছিল । সেই সমস্যাটোও এইবাৰ পৰীক্ষা কৰা হৈছিল । গতিকে কঠোৰ নিৰীক্ষণৰ মাজত থাকিলে তেওঁ অতি সোনকালেই সুস্থ হৈ উঠাৰ সম্ভাৱনা অধিক ।
লগতে পঢ়ক: Assamese Youth Abducted: মেৰাপানী সীমান্তৰ পৰা অসমীয়া যুৱকক অপহৰণ নগা দুৰ্বৃত্তৰ