ETV Bharat / bharat

BSF recovered heroin: পাঞ্জাৱ সীমান্তত প্ৰায় ৮ কোটি টকাৰ ড্ৰাগছ জব্দ

author img

By

Published : Jan 6, 2023, 12:32 PM IST

পাঞ্জাৱৰ ফিৰোজপুৰ সীমান্তত বিএছএফৰ অভিযানত জব্দ ১ কিলোগ্ৰাম হেৰ'ইন (BSF seized heroin in Punjab border)। পাকিস্তানী ড্ৰাগছ ব্যৱসায়ীয়ে আলুৰ খেতিপথাৰত লুকুৱাই ৰাখিছিল হেৰ'ইনখিনি । ২০২২ চনত পাঞ্জাৱ ফ্ৰণ্টিয়াৰ বিএছএফৰ জোৱানসকলে মুঠ ৩১৬.৯৮৮ কিলোগ্ৰাম হেৰ'ইন জব্দ কৰিছে ।

BSF recovered heroin
পাঞ্জাৱ সীমান্তত প্ৰায় ৮ কোটি টকাৰ ড্ৰাগছ জব্দ

নেশ্যনেল ডেস্ক,৬ জানুৱাৰী : সীমান্ত অঞ্চলত পাকিস্তানৰ অনৈতিক কাৰ্যকলাপ অব্যাহত আছে । পাকিস্তানী ড্ৰাগছ সৰবৰাহকাৰীও সক্ৰিয় হৈ উঠিছে অঞ্চলটোত । ইয়াৰ মাজতে সীমান্ত সুৰক্ষা বাহিনীৰ অভিযানত জব্দ প্ৰায় ৭-৮ কোটি টকাৰ হেৰ'ইন (BSF seized drugs)।

উল্লেখ্য যে পাকিস্তানীসকলে সীমান্তৰে অনুপ্ৰৱেশৰ পৰা আৰম্ভ কৰি নিচাজাতীয় দ্ৰব্য, জন্তু, অস্ত্ৰ-শস্ত্ৰ আদিৰ সৰবৰাহ অব্যাহত ৰাখিছে (Illegal activities by Pakistani in border area)। সীমান্ত সুৰক্ষা বাহিনীয়ে প্ৰায়ে সীমান্তত এই ধৰণৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে অভিযান চলাই সফল হৈছে । কিন্তু তাৰ পাছতো পাকিস্তানী সৰবৰাহকাৰীয়ে নতুন নতুন কৌশল অৱলম্বন কৰি বিশেষকৈ ড্ৰাগছ আৰু আন আন নিচাজাতীয় দ্ৰব্যৰ সৰবৰাহ অব্যাহত ৰাখিছে ।

এইবাৰ পাঞ্জাৱৰ ঘন কুঁৱলীৰ সুযোগ লৈ পাকিস্তানী ড্ৰাগছ ব্যৱসায়ীয়ে ফিৰোজপুৰ সীমান্তত প্ৰৱেশ কৰে আৰু পথাৰত প্ৰায় ৭-৮ কোটি টকাৰ হেৰ'ইন লুকুৱাই ৰাখে । অৱশ্যে, বিএছএফৰ দলে পাকিস্তানৰ ড্ৰাগছ ব্যৱসায়ীসকলৰ এই প্ৰচেষ্টা বিফল কৰিবলৈ সক্ষম হয় । জানিব পৰা মতে উদ্ধাৰ হোৱা নিষিদ্ধ হেৰ'ইনখিনি ফিৰোজপুৰৰ অন্তৰ্গত পীৰ ইছমাইল খান গাঁৱৰ আলুৰ খেতিপথাৰত লুকুৱাই ৰখা হৈছিল ।

বৃহস্পতিবাৰে বিয়লি বিএছএফৰ জোৱানসকলে তহল দি থকাৰ সময়তে কাঁইটীয়া তাঁৰৰ সমীপত ভৰিৰ খোজ প্ৰত্যক্ষ কৰে । ইয়াৰ পাছতে, তেওঁলোকৰ সন্দেহ হয় আৰু অঞ্চলটোত এক অনুসন্ধান চলোৱা হয় । বিএছএফৰ এই অভিযানত এটা টোপোলা উদ্ধাৰ কৰা হয় । টোপোলাটোৰ পৰা বিএছএফৰ দলটোৱে প্ৰায় ১ কিলোগ্ৰাম হেৰ'ইন উদ্ধাৰ কৰিবলৈ সক্ষম হয় (BSF seized 1 kg drugs in Ferozepur sector)। হেৰ'ইনখিনিৰ আন্তৰ্জাতিক মূল্য প্ৰায় ৭ কোটি টকা হ'ব বুলি কোৱা হৈছে । বৰ্তমান, হেৰ'ইনখিনি অনুসন্ধানৰ বাবে প্ৰেৰণ কৰা হৈছে ।

ইয়াৰ পূৰ্বে, বিএছএফৰ এটা দলে আজনালাৰ কাচোৱাল গাঁৱৰ পৰা এখন ড্ৰোণ আৰু ১ কিলোগ্ৰাম হেৰ'ইন জব্দ কৰিবলৈ সক্ষম হৈছিল । বিএছএফৰ বিষয়াসকলৰ মতে, ৩১ ডিচেম্বৰৰ নিশা কাচোৱালা গাঁৱত এখন ড্ৰোণ প্ৰত্যক্ষ কৰা হৈছিল (Pakistani drone movement in India)। লগে লগে জোৱানসকলকে ড্ৰোণখনক লক্ষ্য কৰি গুলীচালনা কৰিছিল ।

তাৰ পাছতে এগৰাকী কৃষকে ড্ৰোণখন তেওঁৰ পথাৰত পৰি থকা দেখিছিল আৰু বিএছএফৰ বিষয়াসকলক খবৰ দিছিল । ড্ৰোণখন যথেষ্ট পৰিমাণে ক্ষতিগ্ৰস্ত হৈছিল আৰু বোকাত আৱদ্ধ হৈ আছিল ।

২০২২ চনত, পাঞ্জাৱ ফ্ৰণ্টিয়াৰ বিএছএফৰ জোৱানসকলে বিভিন্ন স্থানৰ পৰা ২২ খন পাকিস্তানী ড্ৰোণ, ৩১৬.৯৮৮ কিলোগ্ৰাম হেৰ'ইন, ৬৭ টা অস্ত্ৰ আৰু ৮৫০ ৰাউণ্ড গুলী জব্দ কৰিছে । আনহাতে ২ গৰাকী পাকিস্তানী অনুপ্ৰৱেশকাৰীও নিহত হৈছে (Pakistani infiltrators killed in border area) আৰু ২৩ গৰাকী পাকিস্তানী নাগৰিকক গ্ৰেপ্তাৰ কৰা হৈছে । ভাৰতৰ সীমান্ত সুৰক্ষা বাহিনীয়ে ৯ গৰাকী পাকিস্তানী নাগৰিকক পাক ৰেঞ্জাৰসকলক হস্তান্তৰ কৰিছে, যিসকলে অজ্ঞাতে আন্তঃৰাষ্ট্ৰীয় সীমান্ত পাৰ হৈ আহিছিল ।

লগতে পঢ়ক :Assam Police's War Against Drugs: কাৰ্বি আংলঙত উদ্ধাৰ বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য়

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.