ETV Bharat / bharat

Pakistani intruders killed : পঞ্জাৱ সীমান্তত পুনৰ বিএছএফৰ গুলীত নিহত পাকিস্তানী অনুপ্ৰৱেশকাৰী

author img

By

Published : Aug 11, 2023, 3:18 PM IST

পঞ্জাৱৰ তৰণতাৰণৰ সমীপত পাকিস্তানী অনুপ্ৰৱেশকাৰীক লক্ষ্য কৰি সীমান্ত সুৰক্ষা বাহিনীৰ গুলীচালনা । গুলীত নিহত অনুপ্ৰৱেশকাৰী । অনুপ্ৰৱেশকাৰীৰ পৰিচয় প্ৰকাশ কৰা হোৱা নাই ।

Pakistani intruders killed
পঞ্জাৱ সীমান্তত পুনৰ বিএছএফৰ গুলীত নিহত পাকিস্তানী অনুপ্ৰৱেশকাৰী

নেশ্যনেল ডেস্ক,১১ আগষ্ট : ভাৰত-পাকিস্তান সীমান্তত অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত আছে । ইয়াৰ মাজতে পাঞ্জাৱ সীমান্তত পুনৰ পাকিস্তানৰ অনুপ্ৰৱেশকাৰীক লক্ষ্য কৰি সীমান্ত সুৰক্ষা বাহিনীৰ গুলীচালনা । ভাৰতৰ সীমান্ত সুৰক্ষা বাহিনীৰ গুলীত নিহত পাকিস্তানৰ অনুপ্ৰৱেশকাৰী ।

জানিব পৰা মতে পঞ্জাৱৰ তৰণ তাৰণৰ ভাৰত-পাকিস্তান সীমান্তত শুকুৰবাৰে পুৱা এই ঘটনা সংঘটিত হয় । সীমান্ত সুৰক্ষা বাহিনীয়ে জনোৱা মতে পুৱা আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ বেৰৰ ওচৰত কিছুমান সন্দেহজনক লোকৰ গতিবিধি লক্ষ্য কৰা গৈছিল । লগে লগে নিৰাপত্তা বাহিনী সতৰ্ক হৈ পৰে ।

অনুপ্ৰৱেশকাৰীসকলে সীমান্তৰ বেৰৰ ওচৰলৈ গৈ থকাত সেনাই তেওঁলোকক সতৰ্ক কৰি দিয়ে । কিন্তু নিৰাপত্তা বাহিনীৰ নিৰ্দেশ পালন নকৰাত লোকসকলক উদ্দেশ্যি গুলীচালনা কৰিবলৈ বাধ্য হয় । বিএছএফৰ সূত্ৰৰ মতে তৰ্ণ তৰণ জিলাৰ সীমান্তৱৰ্তী থেকালান গাঁৱৰ সমীপৰ সীমান্তৱৰ্তী অঞ্চলটোত পাকিস্তানী অনুপ্ৰৱেশকাৰীৰ সন্দেহজনক গতিবিধি লক্ষ্য কৰা হয় । অনুপ্ৰৱেশকাৰীজনক বাহিনীয়ে প্ৰত্যাহ্বান জনাই যদিও লোকজন আগবাঢ়ি গৈ থাকিল ।

এক আসন্ন ভাবুকি অনুভৱ কৰি বিএছএফৰ জোৱানসকলে আত্মৰক্ষাৰ বাবে দুৰ্বৃত্তৰ ওপৰত গুলীচালনা কৰে । গুলীচালনাত লোকজন থিতাতে নিহত হয় । শেহতীয়াকৈ বিএছএফৰ গুলীত পাকিস্তানৰ দুজনকৈ অচিনাক্ত অনুপ্ৰৱেশকাৰী নিহত হয় । যিসকলে ভাৰত-পাকিস্তান সীমান্তৰ ওচৰত সন্দেহজনক কাৰ্যকলাপ কৰি আছিল । তেওঁলোকৰ পৰা নিষিদ্ধ সামগ্ৰীও উদ্ধাৰ কৰিছে নিৰাপত্তা বাহিনীয়ে । আনহাতে পঞ্জাৱৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ওচৰত এজন পাকিস্তানী নাগৰিকক গ্ৰেপ্তাৰো কৰিছে আৰক্ষীয়ে ।

পঞ্জাৱ ফ্ৰণ্টিয়াৰত থকা বিএছএফৰ জোৱানসকলে বিগত বছৰটোত সীমান্তত ২২ খন ড্ৰোণ জব্দ কৰিছে, দুজন পাকিস্তানী অনুপ্ৰৱেশকাৰীক গুলীয়াই হত্যা কৰিছে লগতে ৩১৬ কিলোগ্ৰাম ড্ৰাগছ জব্দ কৰিছে । পূৰ্বৰ এক বিবৃতিত বিএছএফে উল্লেখ কৰিছিল যে পঞ্জাৱ সীমান্তৰ নিৰাপত্তা বাহিনীয়ে অধিক সতৰ্কতা বজাই ৰাখিছে । ফলস্বৰূপে, বিএছএফে সফলতাৰে ২২ খন ড্ৰোণ জব্দ কৰিছে আৰু ৩১৬.৯৮৮ কিলোগ্ৰাম হেৰ'ইন, ৬৭ টা অস্ত্ৰ, ৮৫০ ৰাউণ্ড গুলী জব্দ কৰিছে আৰু বিভিন্ন ঘটনাত ২৩ জন পাকিস্তানী নাগৰিকক আটক কৰিছে ।

লগতে পঢ়ক :Bunty Babli terror: বাণ্টি-বাবলীৰ সন্ত্ৰাস: ইখনৰ পিচত সিখন গহণাৰ বিপণীত 1.74 কোটি টকাৰ প্ৰৱঞ্চনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.