আগৰতলা, ২৮ ডিচেম্বৰ : সীমান্ত সুৰক্ষা বাহিনীয়ে নিয়মীয়াকৈ Anti Narcotics Smuggling অভিযান চলোৱাৰ লগতে ৰাজ্যখনত নিয়োজিত ত্ৰিপুৰা আৰক্ষী আৰু অন্যান্য ভগ্নী সংস্থাৰ ঘনিষ্ঠ সহযোগিতাত ত্ৰিপুৰাক এখন ড্ৰাগমুক্ত ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে (Tripura A Drug Free State) ৷ ২৮ ডিচেম্বৰত এখন মাৰুতি ইকোৰ দ্বাৰা আগৰতলাৰ পৰা সোনামুৰালৈ বৃহৎ পৰিমাণৰ য়াবা টেবলেট সৰবৰাহ কৰাৰ সম্ভেদ লাভ কৰে বিএছএফে (BSF seized Yaba tablets) ৷
নিৰ্দিষ্ট চোৰাংচোৱাৰ এই তথ্য লাভ কৰি বিএছএফৰ ১৩০ নং বেটেলিয়নে বিশালগড় আৰক্ষী থানাৰ স্থানীয় আৰক্ষী দলৰ সৈতে এক বিশেষ যুটীয়া অভিযান চলায় (BSF and police on Narcotics Smuggling mission) । বিএছএফৰ মতে, প্ৰায় 12.25 বজাত ম'বাইল চেক পোষ্ট (এমচিপি) দলে নিৰ্দিষ্ট বাহনখন জব্দ কৰে । পুংখানুপুংখ অনুসন্ধানৰ সময়ত, দলটোৱে "4,860টা য়াবা টেবলেট উদ্ধাৰ কৰে ৷ ইয়াৰোপৰি ২৫,৫০০ টকা আৰু ৪ টা মোবাইল ফোন উদ্ধাৰ কৰে অভিযানকাৰী দলটোৱে ৷
জব্দ কৰা টেবলেট খিনিৰ বজাৰ মূল্য ২৭,৭৬,০০০ টকা বুলি জানিব পৰা গৈছে ৷ উক্ত বাহনখনত যাত্ৰা কৰা অভিজিত ঘোষ (৩৬) আৰু প্ৰসাঞ্জিত পাল (৩১) নামৰ দুই অভিযুক্তক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে । আটক কৰা লোকসকলক উপৰোক্ত বাহনখন আৰু জব্দ কৰা নিষিদ্ধ সামগ্ৰীৰ সৈতে এনডিপিএছ আইনৰ অধীনত পৰৱৰ্তী আইনী ব্যৱস্থা গ্ৰহণৰ বাবে ঘটনাস্থলীত উপস্থিত থকা আৰক্ষীক হস্তান্তৰ কৰা হয় ।
লগতে পঢ়ক : MBB Airport new terminal: মুকলিৰ পূৰ্বে AAIৰ অধ্যক্ষৰ পৰিদৰ্শন টাৰ্মিনেল ভৱন