ETV Bharat / bharat

Telangana Election 2023 : নিৰ্বাচনমুখী তেলেংগানাত ৰাজনৈতিক হিংসা

author img

By ANI

Published : Nov 12, 2023, 5:09 PM IST

সন্মুখত নিৰ্বাচন আৰু তাৰ প্ৰাকক্ষণত তেলেংগানাত কংগ্ৰেছ আৰু বিআৰএছৰ সংঘৰ্ষ । ভোটাৰক ধন দিবলৈ অহাৰ অভিযোগত বিআৰএছৰ বিধায়কক কংগ্ৰেছ নেতাৰ আক্ৰমণ । বিধায়কসহ কেইবাজনো দলীয় কৰ্মী চিকিৎসাধীন ।

Telangana Election 2023
নিৰ্বাচনমুখী তেলেংগানাত ৰাজনৈতিক হিংসা

নেশ্যনেল ডেস্ক, ১২ নৱেম্বৰ : নিৰ্বাচন সমাগত আৰু তাৰ প্ৰাকক্ষণত তেলেংগানাত বিভিন্ন ৰাজনৈতিক দলৰ সংঘাত আৰম্ভ হৈছে । বিশেষকৈ শাসকীয় ভাৰত ৰাষ্ট্ৰ সমিতি(বিআৰএছ) আৰু কংগ্ৰেছৰ মাজত উত্তেজনা বৃদ্ধি পাইছে । শনিবাৰে নিশা নগৰকুৰনুল জিলাৰ আচাম্পেট চহৰত দুয়োটা দলৰ মাজত প্ৰচণ্ড সংঘৰ্ষ হয় ।

আৰক্ষীয়ে জনোৱা মতে শাসকীয় দলৰ বিধায়ক গুভৱালা বালাৰাজু সংঘৰ্ষৰ সময়ত আঘাতপ্ৰাপ্ত হয় । লগতে দলটোৰ কেইবাজনো কৰ্মী আহত হয় । আহতসকলক নিশাই হায়দৰাবাদৰ এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । আৰক্ষীয়ে কোৱা মতে কংগ্ৰেছ নেতাসকলে অভিযোগ কৰিছে যে বিধায়কগৰাকীয়ে ভোটাৰসকলক ধন বিতৰণ কৰিবলৈ গৈছিল । যাৰ বাবে দুয়োটা পক্ষৰ মাজত তৰ্ক আৰম্ভ হৈছিল । সেই তৰ্কই পাছত সংঘৰ্ষলৈ পৰিণত হয় । আৰক্ষীৰ মতে কংগ্ৰেছৰ একাংশ নেতাই বিধায়কগৰাকীক আক্ৰমণৰ চেষ্টা কৰে । আৰক্ষীয়ে জনোৱা মতে এতিয়ালৈ ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰা নাই ।

আৰক্ষীয়ে জনোৱা মতে কংগ্ৰেছৰ একাংশ নেতাই পথ অৱৰোধ কৰে আৰু শনিবাৰে সন্ধিয়া প্ৰচাৰ চলাই আচম্পেট চহৰত উপস্থিত হোৱা বিআৰএছৰ বৰ্তমানৰ বিধায়কগৰাকীক আক্ৰমণৰ চেষ্টা কৰে । বিধায়কজনৰ সৈতে যোৱা নিৰাপত্তাৰক্ষীসকলে লগে লগে তেওঁক ঘটনাস্থলীৰ পৰা স্থানান্তৰ কৰে । প্ৰতিবাদকাৰীসকলে বিধায়কজনৰ ব্যক্তিগত ভিডিঅ'গ্ৰাফাৰ আৰু ছ'চিয়েল মিডিয়া দল অহা এখন বাহনত আক্ৰমণ কৰে ।

আৰক্ষীয়ে উল্লেখ কৰা মতে আক্ৰমণকাৰীসকলে সন্দেহ কৰিছিল যে বিআৰএছৰ বিধায়কজনে কেমেৰাৰ বেগত ধন লৈ আহিছিল আৰু ভোটাৰসকলক সেই ধন বিতৰণৰ চেষ্টা কৰিছিল ।

উল্লেখ্য যে তেলেংগানাত ৩০ নৱেম্বৰত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব । ৰাজ্যখনত বিজেপি, বিআৰএছ আৰু কংগ্ৰেছৰ মাজত ত্ৰিকোণীয় প্ৰতিদ্বন্দিতা হোৱাৰ আশংকা কৰা হৈছে । ২০১৮ চনৰ বিধানসভা নিৰ্বাচনত ভাৰত ৰাষ্ট্ৰ সমিতিয়ে ১১৯ খন আসনৰ ভিতৰত ৮৮ খন আসন লাভ কৰিছিল । কংগ্ৰেছে মাত্ৰ ১৯ খন আসনৰ সৈতে দ্বিতীয় স্থানত আছিল ।

লগতে পঢ়ক :Accident in Ludhiana : থাৰৰ খুন্দাত চিটিকিল দুখন মটৰ চাইকেলক; আহত কেবাজনো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.