ETV Bharat / bharat

"Dabe hontho se mera naam": উত্তৰ প্ৰদেশৰ জনসভাত কাব্যকি ৰূপত বিজেপিৰ সাংসদ ব্ৰীজভূষণ চৰণ সিং - অভিযুক্ত ব্ৰীজভূষণ চৰণ সিং

"ইয়ে মিলা মুঝকো মোহব্বত কা চিলা, বেৱাফা কেহকে মেৰা নাম লিয়া জাতা হে, ইস্কো ৰুচৱাই কহেন কি ছোহৰাত অপনী, দাবে হোঁঠো চে মেৰা নাম লিয়া জাতা হে "- যৌন নিৰ্যাতনৰ অভিযুক্ত ব্ৰীজভূষণ চৰণ সিঙে এক জনসভাত নিজ কাব্যকি ৰূপ পৰিস্ফুত কৰে ৷

Unstirred Brij Bhushan Sharan Singh turns poetic, praises Modi, reveals 2024 plans
উত্তৰ প্ৰদেশৰ জনসভাত কাব্যকি ৰূপত বিজেপিৰ সাংসদ ব্ৰীজভূষণ চৰণ সিং
author img

By

Published : Jun 11, 2023, 10:49 PM IST

নিউজ ডেস্ক, 11 জুন: দেশজুৰি খলকনি লগাই থকা মহিলা মল্লযুঁজাৰুসকলে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰা অভিযুক্ত ব্ৰীজভূষণ চৰণ সিঙে দেওবাৰে উত্তৰ প্ৰদেশৰ গোণ্ডাত এক জনসভা সম্বোধন কৰে ৷ জনসভা সম্বোধন কৰাৰ সময়ত বিজেপিৰ সাসংদজনে তেওঁৰ ভৱিষ্যত পৰিকল্পনাৰ প্ৰকাশ কৰাৰ লগতে প্ৰতিবাদকাৰী মল্লযুঁজাৰুসকলক আক্ৰমণৰ কৰাৰ লক্ষ্যৰে কাব্যিক হৈ পৰিছিল ৷

সিঙে জনসাধাৰণক উদ্দেশ্যি ভাষণত কয় যে তেওঁ উত্তৰ প্ৰদেশৰ কাইজাৰগঞ্জ সমষ্টিৰ পৰা 2024 চনৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব ৷ মহিলা মল্লযুঁজাৰুসকলে তেওঁৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰাৰ পিচত তেওঁৰ এয়া প্ৰথম জনসভা ৷

2024 চনৰ নিৰ্বাচনৰ বাবে বিজেপিৰ 'মহাসম্পৰ্ক অভিযান'ৰ অংশ হিচাপে আৰু মোদী চৰকাৰৰ 9 বৰ্ষপুতিৰ উপলক্ষে বছৰ উপলক্ষে এই সমদলটো আয়োজন কৰা হৈছিল ৷ সিঙে প্ৰত্যক্ষভাৱে মল্লযুঁজাৰুসকলৰ প্ৰতিবাদৰ সন্দৰ্ভত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল ৷

"ইয়ে মিলা মুঝকো মোহব্বত কা চিলা, বেৱাফা কেহকে মেৰা নাম লিয়া জাতা হে, ইস্কো ৰুচৱাই কহেন কি ছোহৰাত অপনী , দাবে হোঁঠো চে মেৰা নাম লিয়া জাতা হে " বিতৰ্কিত ৰাজনীতিবিদজনে এটা উৰ্দু শ্বায়েৰীৰে ভাষণ আৰম্ভ কৰে ৷

বিজেপিৰ সাংসদগৰাকীয়ে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি কয় যে, কংগ্ৰেছৰ শাসনকালত ভাৰতীয় ভূখণ্ড দখল কৰিছিল ৷ তেতিয়া প্ৰধানমন্ত্ৰীৰ শাসন চলা হ’লে তেওঁ সকলো দখলদাৰী ভূমি ঘূৰাই ল’লেহেতেন ৷ লগতে সাংসদ সিঙে প্ৰধানমন্ত্ৰী মোদীয়ে অযোধ্যাৰ ৰাম মন্দিৰৰ নিৰ্মাণৰ লগতে ৩৭০ অনুচ্ছেদ বাতিলৰ কথা উল্লেখ কৰি মোদীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে ৷ ইয়াৰ পূৰ্বে, বিজেপিৰ সাংসদগৰাকীয়ে অযোধ্যাত জনসভা স্থগিত ৰাখিছিল ৷ 5 জুনত হ’বলগীয়া আছিল এই ৰেলী ৷

উল্লেখ্য যে, ব্ৰীজভূষণ চৰণ সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ কৰা সাতগৰাকী মল্লযুঁজাৰুৰ ভিতৰত এগৰাকী নাবালিকাও আছিল ৷ অৱশ্যে শেহতীয়াকৈ নাবালিকাগৰাকীৰ পৰিয়ালে নিজৰ ভাষ্য উঠাই লয় ৷ নাবালিকা খেলুৱৈগৰাকীৰ পৰিয়ালৰ লোকে এই অভিযোগ ভুৱা বুলি কৈ এজাহাৰ উঠাই লয় ৷

লগতে পঢ়ক: Varanasi G20 summit : বাৰাণসীত উপস্থিত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.