ETV Bharat / bharat

Muzaffarnagar boy slapping : বিজেপিয়ে দেশত ঘৃণা বিয়পোৱাৰ অভিযোগ ৰাহুল আৰু প্ৰিয়ংকাৰ - Rahul on Muzaffarnagar viral video

মুজাফৰনগৰৰ ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ । বিজেপিয়ে শিশুৰ মাজত ঘৃণাৰ ভাব বিয়পাইছে ।

Muzaffarnagar boy slapping
বিজেপিয়ে দেশত ঘৃণা বিয়পোৱাৰ অভিযোগ ৰাহুল আৰু প্ৰিয়ংকাৰ
author img

By ETV Bharat Assamese Team

Published : Aug 26, 2023, 12:28 PM IST

নেশ্যনেল ডেস্ক,২৬ আগষ্ট : উত্তৰ প্ৰদেশৰ মুজাফৰনগৰৰ ঘটনাক লৈ দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এগৰাকী শিক্ষকে বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক সংখ্যালঘু সম্প্ৰদায়ৰ এটা কিশোৰক চৰ মাৰিবলৈ উচতনি দিয়াৰ ভিডিঅ' ভাইৰেল হোৱাৰ পাছতে বিভিন্ন মহলত চাঞ্চল্যৰ সৃষ্টি হৈছে । এই ঘটনাক তীব্ৰ গৰিহণা দিছে কংগ্ৰেছে । কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীয়ে এই ঘটনাৰ বাবে বিজেপিক জগৰীয়া কৰিছে ।

উল্লেখ্য যে ঘটনাটো মনচুৰপুৰ আৰক্ষী থানাৰ অন্তৰ্গত খুব্বাপুৰ গাঁৱত সংঘটিত হোৱা বুলি জানিব পৰা গৈছে । ভিডিঅ'টোত দেখা অনুসৰি শিক্ষক এজনে শিক্ষাৰ্থীসকলক এজন সংখ্যালঘু কিশোৰক প্ৰহাৰ কৰিবলৈ কৈছে । শিক্ষকজনৰ বিৰুদ্ধে সম্প্ৰদায়টোৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য দিয়াৰো অভিযোগ উত্থাপিত হৈছে । প্ৰাথমিক তদন্তত আৰক্ষীয়ে জানিব পাৰিছে যে ছাত্ৰজনে তেওঁৰ শ্ৰেণীৰ কাম সঠিকভাৱে সম্পূৰ্ণ কৰা নাছিল যাৰ বাবে তেওঁ প্ৰহাৰ কৰা হৈছিল । শিক্ষকজনে কৰা আপত্তিজনক মন্তব্য সন্দৰ্ভত বিষয়টো তদন্ত কৰা হৈছে । অৱশ্যে ভিডিঅ'টোত দেখা লোকসকলৰ পৰিচয় এতিয়ালৈ নিশ্চিত হোৱা নাই ।

ঘটনাটোৰ তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এক্সত কয় যে নিৰীহ শিশুৰ মনত বৈষম্যৰ বিষ বিয়পোৱা, বিদ্যালয়ৰ দৰে পবিত্ৰ স্থানক ঘৃণাৰ স্থানলৈ পৰিৱৰ্তন কৰা, দেশৰ বাবে এজন শিক্ষকে আৰু ইয়াতকৈ বেয়া কৰিব নোৱাৰে বুলি তেওঁ উল্লেখ কৰে । ৰাহুল গান্ধীৰ মতে এয়া বিজেপিয়ে বিয়পোৱা কেৰাচিন, যিয়ে ভাৰতৰ প্ৰতিটো কোণত জুই লগাই দিছে । তেওঁ উল্লেখ কৰা মতে শিশুসকল ভাৰতৰ ভৱিষ্যত, তেওঁলোকৰ মাজত ঘৃণা বিয়পাব নালাগে, সকলোৱে একেলগে প্ৰেম শিকাব লাগে বুলি তেওঁ উল্লেখ কৰে ।

আনহাতে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়েও ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ঘৃণা হৈছে প্ৰগতিৰ আটাইতকৈ ডাঙৰ শত্ৰু । তেওঁ লগতে কয় যে যি সময়ত চন্দ্ৰলৈ যাবলৈ প্ৰযুক্তিৰ কথা কোৱা হয় তেনে সময়ত এনে কিছুমান ঘটনাই ঘৃণাৰ ভাব বিয়পায় ।

লগতে পঢ়ক :Chandrayaan-3 success : ২৩ আগষ্টৰ দিনটো দেশবাসীয়ে পালন কৰিব ৰাষ্ট্ৰীয় মহাকাশ দিৱস হিচাপে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.