নেশ্যনেল ডেস্ক, 28 নৱেম্বৰ: ইণ্ডিগ’ত পুনক বিপদৰ আশংকা (Threat email to Indigo flight) ৷ এইবাৰ কলকাতাৰ পৰা বাংগালুৰু অভিমুখে যোৱা কেম্পেগৌড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰা ইণ্ডিগ’ বিমানৰ এখন আসনত পোৱা এটা টিছ্যু পেপাৰত এটা বোমাৰ ভাবুকিৰ বাৰ্তা লাভ কৰিছিল (Bomb threat message in a tissue paper)৷ টিছ্যু পেপাৰখন পৰিদৰ্শন কৰাৰ পিছত অৱশ্যে এইটো এটা ভুৱা বোমাৰ ভাবুকি বাৰ্তা বুলি জানিব পাৰে ৷
দেওবাৰে পুৱা 5.29 বজাত কলকাতাৰ নেতাজী সুভাষ চন্দ্ৰ বসু বিমানবন্দৰৰ উৰা মাৰিছিল ৬E ৩৭৯ ইণ্ডিগ’ বিমানখনে (Bomb Threat Message At Indigo flight )৷ পুৱা 8:10 বজাত কৰ্ণাটকৰ দেৱানাহাল্লি কেম্পেগৌড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰিছিল বিমানখনে৷ বিমানখন অৱতৰণৰ পিছত যাত্ৰীসকল নমাৰ পিছতেই ইণ্ডিগ'ৰ কৰ্মচাৰীসকলে বিমানখনত বোমাৰ ভাবুকি থকা এখন টিছ্যু পেপাৰ লাভ কৰে ৷ 6D আসনৰ ওচৰত পোৱা টিছ্যু পেপাৰত এজন বেনামী ব্যক্তিৰ দ্বাৰা নীলা আখৰত লিখা আছিল বোমাৰ ভাবুকি বাৰ্তাটো (Fake bomb threat message)৷
লগে লগে নিৰাপত্তাকৰ্মীসকলৰ মাজত হুৱাদুৱা পৰিস্থিতিৰ সৃষ্টি হয় ৷ বিমানৰ নিৰাপত্তাৰক্ষীসকলে টিছ্যু পেপাৰখন পঢ়াৰ পিছতেই সেইখন ভুৱা বুলি গম পায় ৷ যেতিয়া বোমা নিষ্কাশনকাৰী দলে বিমানখন পুংখানুপুংখকৈ পৰিদৰ্শন কৰিছিল ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত কেম্পেগৌড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আৰক্ষী থানাত বিমানবন্দৰৰ কৰ্মচাৰীয়ে গোচৰ ৰুজু কৰিছে ৷ আৰক্ষীয়ে বিষয়টো তদন্ত কৰি আছে ৷
উল্লেখ্য যে যোৱা 1 অক্টোবৰ অৰ্থাৎ শনিবাৰে নিশা মুম্বাই বিমানবন্দৰত বোমা থকা বুলি ভাবুকিৰ এটা ই-মেইল পোৱাৰ পাছতে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছিল ৷ এই বাৰ্তা লাভ কৰাৰ পিছতে আনকি ইণ্ডিগ' বিমানৰ উৰণতো বিলম্ব হৈছিল ৷
ঘটনা অনুসৰি নিশা মুম্বাই বিমান বন্দৰলৈ এটা ই-মেইল আহিছিল (Threat email to Mumbai Airport)। ই-মেইলটো অহাৰ পাছতে তন্নতন্নকৈ বিমানখনো পৰীক্ষা কৰা হৈছিল ৷ কিন্তু বিমানখনত কোনো ধৰণৰ সন্দেহজনক সামগ্ৰী পোৱা নগ'ল । যাৰ বাবে এয়া ভুৱা ই-মেইল বুলি সন্দেহ কৰিছিল নিৰাপত্তা সংস্থাসমূহে ।
লগতে পঢ়ক: Baba Ramdev Apology : নাৰী সন্দৰ্ভত কৰা বিতৰ্কিত মন্তব্যৰ বাবে ক্ষমা প্ৰাৰ্থনা ৰামদেৱৰ