নেশ্যনেল ডেস্ক, ১৮ জুলাই : দেশত সন্ত্ৰাসবাদীৰ (Militants) বিভিন্ন ধৰণৰ আক্ৰমণ অব্যাহত আছে । বিশেষকৈ জম্মু অঞ্চলত শেহতীয়াকৈ ড্ৰোণৰ(Drone) জৰিয়তে বিস্ফোৰণ সংঘটিত কৰিছে পাকিস্তানী সন্ত্ৰাসবাদীয়ে । এনেবোৰ বিষয়ক লৈ দেশবাসী শংকিত হৈ থকাৰ মাজতে ঘটিছে আন এক চাঞ্চল্যকৰ ঘটনা ।
এইবাৰ কলকাতাত বোমাতংক (Bomb Scare) । দেওবাৰে পুৱা এটা sms ক কেন্দ্ৰ কৰি হুৱা-দুৱা লাগে কলকাতাৰ নেতাজী সুভাষ চন্দ্ৰ বসু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত (Netaji Subhash Chandra Bose International Airport) । বিমানবন্দৰ কৰ্তৃপক্ষলৈ পুৱা এক অচিনাক্ত নম্বৰৰ পৰা এছএমএছ(SMS) টো প্ৰেৰণ কৰা হৈছিল ।
সেনাই লাভ কৰা sms টোত ডুবাইৰ পৰা অহা এখন বিমানত বোমা থকাৰ বিষয়ে উল্লেখ কৰা হৈছিল ।
লগে লগে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হয় বিমানবন্দৰটোত । ডুৱাইৰ পৰা অহা বিমানখন অৱতৰণ কৰাৰ লগে লগে অনুসন্ধান আৰম্ভ কৰিলে নিৰাপত্তাৰক্ষীৰ দলসমূহে । বিমানখনৰ লগতে প্ৰতিগৰাকী যাত্ৰী আৰু তেওঁলোকৰ বেগবোৰ তন্নতন্নকৈ পৰীক্ষা কৰা হ'ল ।
কিন্তু ৰহস্যজনকভাৱে কোনো ধৰণৰ বোমা উদ্ধাৰ কৰিব নোৱাৰিলে অনুসন্ধানকাৰী দলসমূহে । সম্প্ৰতি এই বিষয়ক লৈ উত্তেজনা বৃদ্ধি পাইছে সমগ্ৰ কলকাতাত । তদুপৰি সেনাই লাভ কৰা sms ক লৈ বিভিন্ন মহলত প্ৰশ্ন উঠিছে । ইফালে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে সংশ্লিষ্ট নিৰাপত্তাৰক্ষী সংস্থাসমূহে ।
লগতে পঢ়ক: প্ৰধানমন্ত্ৰী মোডী আৰু RSS ৰ বিৰুদ্ধে সৰৱ ইমৰাণ খান