ETV Bharat / bharat

নিউ জলপাইগুৰি ৰে'ল ষ্টেচনত বোমা উদ্ধাৰ - বোমা নিষ্কাশনকাৰী দল

স্বাধীনতা দিৱস(Independence Day)ৰ দিনটোতে পশ্চিমবংগ(West Bengal)ৰ নিউ জলপাইগুৰি ৰে'ল ষ্টেচন(New Jalpaiguri railway station)ত বোমাতংক । ৰে'ল ষ্টেচনৰ প্ৰৱেশদ্বাৰত বোমা(Bomb) উদ্ধাৰ ।

Bomb found outside New Jalpaiguri railway station
নিউ জলপাইগুৰি ৰে'ল ষ্টেচনৰ প্ৰৱেশদ্বাৰত বোমা উদ্ধাৰ
author img

By

Published : Aug 16, 2021, 1:33 PM IST

নেশ্যনেল ডেস্ক, ১৬ আগষ্ট : নিৰাপত্তাৰক্ষীয়ে গিজগিজাই থকাৰ পাছতো পশ্চিমবংগ(West Bengal)ৰ নিউ জলপাইগুৰি ৰে'ল ষ্টেচন(New Jalpaiguri railway station)ত উদ্ধাৰ হ'ল বোমা । দেওবাৰে ৰে'ল ষ্টেচনটোৰ প্ৰৱেশদ্বাৰত বোমা উদ্ধাৰ হয় । নিৰাপত্তা বাহিনীয়ে বোমা থকাৰ বিষয়ে তথ্য লাভ কৰাৰ পাছতে বোমা নিস্ক্ৰিয়কাৰী দলক খবৰ দিয়ে । পিছত নিস্ক্ৰিয়কাৰী দলটোৱে ঘটনাস্থলীত উপস্থিত হৈ বোমাটো নিষ্ক্ৰিয় কৰিবলৈ সক্ষম হয় ।

বোমাটো দেশত নিৰ্মিত হয় নে নহয় সেয়া পৰীক্ষা কৰি থকা হৈছে । ঘটনা সংক্ৰান্তত জনসাধাৰণক আতংকিত হোৱাৰ প্ৰয়োজন নাই বুলি আশ্বাস দিছে নিৰাপত্তা বাহিনীয়ে । নিউ জলপাইগুৰি ষ্টেচনৰ ৰে'ল আৰক্ষী বাহিনীৰ সহকাৰী নিৰাপত্তা আয়ুক্ত এ জি ফাৰুকে সাংবাদিকক জনায় যে, নিৰাপত্তা ব্যৱস্থা কঠোৰ আছিল বাবে দুৰ্বৃত্তই বোমাটো লৈ ৰে'ল ষ্টেচনৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰিলে । অৱশ্যে বোমা উদ্ধাৰৰ পাছতে উক্ত স্থানত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰা হৈছে ।

দুৰ্বৃত্তই আতংকময় পৰিস্থিতি সৃষ্টি কৰাৰ উদ্দেশ্যেৰে বোমাটো থৈছিল বুলি ৰে'ল আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে । বৰ্তমান এই ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে বুলি তেওঁ জানিবলৈ দিছে । আনহাতে, স্বাধীনতা দিৱসৰ দিনাই বোমা উদ্ধাৰ হোৱা ঘটনাই নিৰাপত্তাৰ প্ৰতি আহি পৰা ভাবুকিকে সূচাইছে ।

লগতে পঢ়ক: পশ্চিম বংগৰ কিশোৰীক ত্ৰিপুৰাত উদ্ধাৰ; বলি হৈছিল বাল্যবিবাহৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.