নেশ্যনেল ডেস্ক,29 জুলাই: জম্মু-কাশ্মীৰৰ সাম্বা জিলাৰ সাম্বাৰ বন্ধ টিপৰ ওচৰত উদ্ধাৰ হোৱা এণ্টি টেংক মাইন নিষ্ক্ৰিয় কৰিলে বোমা নিষ্ক্ৰিয়কৰণ স্কোৱাডে(Bomb Disposal Squad defuses anti-tank mine found near Bandh Tip of Samba) ৷ পথাৰত পুতি থোৱা অৱস্থাত উদ্ধাৰ হোৱা এণ্টি টেংক মাইনটো বৃহস্পতিবাৰে নিৰাপত্তা বাহিনীয়ে উদ্ধাৰ কৰাৰ পিছতে বোমাটো স্কোয়াডে (BDS) নিষ্ক্ৰিয় কৰে ৷
পঞ্জাৱ আৰক্ষীয়ে তৰ্ণ তৰণ জিলাৰ নৌচেহৰা পান্নুয়ান গাঁৱৰ পৰা প্ৰায় ২.৫ কিলোগ্ৰাম ওজনৰ ধাতুৰ দৰে ক'লা ৰঙৰ বাকচত পেক কৰা আৰ ডি এক্স সজ্জিত এটা ইম্প্ৰভাইজড এক্সপ্ল'ছিভ ডিভাইচ (আই ই ডি) উদ্ধাৰ কৰি দুজন লোকক গ্ৰেপ্তাৰ কৰে । ইয়াৰ পূৰ্বে জানুৱাৰী মাহত জম্মু-কাশ্মীৰৰ পুঁচ জিলাৰ শিন্দ্ৰা অঞ্চলত নিৰাপত্তা বাহিনীয়ে ২০০ৰো অধিক বিস্ফোৰক পদাৰ্থ উদ্ধাৰ কৰি ধ্বংস কৰিছিল ।
শিন্দ্ৰা অঞ্চলৰ পুঁচৰ গাঁৱত সেনাৰ টহলদাৰী দলে পথৰ কাষতে লুকুৱাই থোৱা এটা সন্দেহযুক্ত বেগ উদ্ধাৰ কৰে(suspected bag was found hidden) ৷ ভাৰতীয় সেনা আৰু বোমা ন স্কোয়াড চমুকৈ বি ডি এছৰ যৌথ দলে অভিযান চলাই উদ্ধাৰ কৰে সন্দেহযুক্ত বেগটো । ইয়াৰ পিছতে ডি পি এল পুঞ্চৰ পৰা অহা সেনা আৰু বি ডি এছ আৰক্ষীৰ দলে উক্ত স্থানত উপস্থিত হৈ বেগবোৰ উদ্ধাৰ কৰাৰ লগতে থিতাতে ২০০ৰো অধিক বিস্ফোৰক পদাৰ্থ নষ্ট কৰে ।
১৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু পুঞ্চ অঞ্চলৰ শান্তি-সম্প্ৰীতি বিঘ্নিত কৰাৰ পৰিকল্পনাৰে দুস্কৃতিকাৰীয়ে বিস্ফোৰক পদাৰ্থবোৰ পথৰ কাষতে লুকুৱাই থোৱা বুলি সন্দেহ ব্যক্ত কৰিছে অভিযানকাৰী দলে ৷
ইয়াৰ পূৰ্বে জম্মু-কাশ্মীৰৰ সাম্বা আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ আকাশত সন্দেহজনকভাবে এখন ড্ৰ’ন উৰি থকা দেখা পাইছিল বুলি জানিবলৈ দিয়ে সেনাৰ দলে ৷ বিগত 8 জুলাইৰ দিনা জম্মু-কাশ্মীৰৰ সাম্বা জিলাৰ ভাৰত-পাকিস্তান আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ কাষত পাকিস্তানী ড্ৰ'ন উৰি থকা দেখিবলৈ পাইছিল বুলি ৰাজপুৰা গাঁওবাসীয়ে কয়(Indo-Pakistan international border) ৷
চলিত বৰ্ষৰ আৰম্ভণিতে মে’ মাহত নিৰাপত্তা বাহিনীয়ে জম্মু-কাশ্মীৰৰ কঠুৱা জিলাত ৭টা আঠাযুক্ত বা চুম্বকীয় বোমা আৰু ৭টা ইউবিজিএল (Under Barrel Grenade Launchers) কঢ়িয়াই অনা এখন পাকিস্তানী ড্ৰ’ন নিক্ষেপ কৰিছিল ৷ ২০২২ চনৰ ২৯ মে’ত কঠুৱা জিলাৰ ৰাজবাগ আৰক্ষী চকীৰ সমীপত তাল্লী হৰিয়া চ'কৰ সীমান্ত অঞ্চলত সংঘটিত হৈছিল এই ঘটনা ৷ ড্ৰ’নখন দুৰ্ঘটনাৰ পিছত ৭টা ইউজিচিএল গ্ৰেনেড আৰু ৭টা চুম্বকীয় আৰু আঠাযুক্ত বোমা আৱিষ্কাৰ কৰা হয়।
লগতে পঢ়ক: জম্মু-কাশ্মীৰত পাক সেনাৰ গোলাবৰ্ষণত আহত তিনি নাগৰিক