নেশ্যনেল ডেস্ক, ১৮ জুন : ত্ৰিপুৰা(TRIPURA)ত ৪৮ ঘণ্টাজোৰা হাই ভল্টেজ ৰাজনৈতিক নাটকৰ অন্ত পেলাই বৃহস্পতিবাৰে নতুন দিল্লীলৈ উভতিল বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বি এল সন্তোষ(BJP National General Secretary BL Santosh)। বিগত দিনবোৰত ত্ৰিপুৰাত বিজেপিৰ নেতাসকলে দলীয় সভাত হোৱা আলোচনা সন্দৰ্ভত মন্তব্য কৰাৰ পৰা বিৰত আছে ।
কিন্তু বি এল সন্তোষৰ ভ্ৰমণে বিজেপিৰ ভিতৰচ'ৰাত চলি থকা খেলিমেলিৰহে ইংগিত বহন কৰিছে । ত্ৰিপুৰাত এতিয়াও মন্ত্ৰীসভা সম্প্ৰসাৰণ হ'বলৈ বাকী আছে । মন্ত্ৰীসভাৰ চাৰিটা দপ্তৰ দায়িত্ব দিয়া হোৱা নাই । বিজেপিৰ এক সূত্ৰই জানিবলৈ দিয়া মতে, বি এল সন্তোষে ৰাজ্যৰ ৰাজনৈতিক পৰিস্থিতি পৰ্যালোচনা কৰিবলৈ আহিছে । তেওঁ দলীয় নেতাৰ মাজত সৃষ্টি হোৱা অসন্তুষ্টি সন্দৰ্ভত আলোচনা কৰে ।

আনহাতে, নিৰ্বাচনৰ কিছুদিন পূৰ্বে বিপ্লৱ কুমাৰ দেৱৰ মন্ত্ৰীসভাত স্বাস্থ্য মন্ত্ৰালয়ৰ দায়িত্ব ত্যাগ কৰা বিজেপি বিধায়ক সুদীপ ৰয় বৰ্মনৰ ৰাজ্যিক মন্ত্ৰীসভাত পুনৰ প্ৰত্যাৱৰ্তন হোৱাৰ সম্ভাৱনা আছে । ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকগৰাকীৰ সৈতে সভাত অংশগ্ৰহণ কৰা আন এজন নেতাই কয় যে, শাসনলৈ অহাৰ তিনি বছৰৰ ভিতৰতে বিজেপি দুটা ভাগত ব্যাপকভাৱে বিভক্ত হৈ পৰিছে আৰু এয়া অতি দুৰ্ভাগ্যজনক ।

তেওঁ কয় যে, নেতাসকলৰ মাজত থকা অসন্তুষ্টি দূৰ হোৱা উচিত কিয়নো বৰ্তমান ৰাজ্যিক বিজেপিয়ে নতুনকৈ আঘাত ল'বলৈ সাজু নহয় । সূত্ৰটোৱে জনোৱা মতে, বিজেপি বিধায়কসকলে দলটোৰ কাৰ্যকলাপ প্ৰভাৱিত কৰা বিষয় সন্দৰ্ভত তেওঁলোকৰ মতামত প্ৰকাশ কৰিছে । বিজেপিৰ সকলো বিধায়ক আৰু নেতাই কেন্দ্ৰৰ পৰা ইতিবাচক পদক্ষেপ আশা কৰিছে, যি কেৱল ব্যৱধান দূৰ কৰাই নহয়, লগতে অসন্তুষ্টিও আঁতৰ কৰিব ।
২০২৩ চনৰ নিৰ্বাচন বাবে বৰ্তমান প্ৰস্তুতি চলোৱাৰ সময় হৈছে আৰু কোনো দলে ফুটা থকা জাহাজ লৈ পানীত নামি যুঁজিব নিবিচাৰে বুলিও সূত্ৰটোৱে এক বিশেষ সংকেত দিয়ে । আনহাতে, সুদীপ ৰয় বৰ্মন আৰু বিপ্লৱ কুমাৰ দেৱ দুয়োকে একেটা শিবিৰলৈ অনাৰ বাবে ৰণনীতি প্ৰস্তুত কৰা প্ৰয়োজন বুলি মন্তব্য কৰে নাম প্ৰকাশ কৰিবলৈ অনিচ্ছুক এগৰাকী ৰাজনৈতিক বিশ্লেষকে ।
বৃহস্পতিবাৰে বি এল সন্তোষে বিজেপিৰ প্ৰয়াত ৰাজ্যিক সভাপতি নীলমণি দেৱৰ বাসগৃহলৈ যোৱাৰ লগতে ত্ৰিপুৰা সুন্দৰী মন্দিৰ দৰ্শন কৰে । তেওঁ মিত্ৰজোঁটৰ অংশীদাৰ আইপিএফটিৰ নেতৃত্বকো সাক্ষাৎ কৰে । নতুন দিল্লীলৈ ৰাওনা হোৱাৰ আগতে বিজেপিৰ মূল সমিতি আৰু সংবাদ বিভাগৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় ।
যদিও এতিয়ালৈকে বিষয়বোৰ স্পষ্ট হোৱা নাই । কিন্তু ৰাজ্যিক বিজেপিৰ ক্ষমতাত এক ডাঙৰ পৰিৱৰ্তনৰ সম্ভাৱনা প্ৰকট কৰিছে বিৰোধী দলৰ এজন বিধায়কে ৷ দ্বিতীয় দিনৰ বৈঠকত ৰাজ্যিক বিজেপিৰ সভাপতি ড০ মানিক সাহাই সকলো সমস্যা সমাধান কৰা হৈছে বুলি মন্তব্য কৰে । যি কি নহওক, ৰাষ্ট্ৰীয় নেতাগৰাকীৰ ভ্ৰমণে ত্ৰিপুৰা বিজেপিত অতি সোনকালেই কিছু পৰিৱৰ্তন আনিব বুলি আশা কৰা হৈছে ।