ETV Bharat / bharat

সনাতন ধৰ্ম বিতৰ্ক, বিজেপিয়ে মন্তব্য বিকৃত কৰাৰ অভিযোগ উদয়ানিধি ষ্টালিনৰ - Udhayanidhi Stalin controversy

তামিলনাডুৰ মন্ত্ৰী উদয়ানিধি ষ্টালিনে সনাতন ধৰ্মক লৈ কৰা মন্তব্যৰ পাছতে দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । বিষয়টো আদালতৰ মজিয়াত আছে । এনে সময়তে ষ্টালিনে অভিযোগ কৰে যে তেওঁৰ মন্তব্যক বিজেপিয়ে অতিৰঞ্জিত কৰিছিল ।

Udhayanidhi Stalin on row over Sanatan remark
বিজেপিয়ে মন্তব্যৰ বিকৃতকৰণ কৰাৰ অভিযোগ উদয়ানিধি ষ্টালিনৰ
author img

By ETV Bharat Assamese Team

Published : Dec 4, 2023, 12:39 PM IST

Updated : Dec 4, 2023, 3:38 PM IST

নেশ্যনেল ডেস্ক,৪ ডিচেম্বৰ : ডিএমকে নেতা তথা তামিলনাডুৰ মন্ত্ৰী উদয়ানিধি ষ্টালিনে পুনৰ এবাৰ সনাতন ধৰ্মৰ বিৰুদ্ধে তেওঁৰ পূৰ্বৰ বিতৰ্কিত মন্তব্যৰ কথা উল্লেখ কৰিছে । দেওবাৰে তেওঁ দাবী কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপি চৰকাৰে তেওঁৰ মন্তব্যক বিকৃত আৰু অতিৰঞ্জিত কৰিছে ।

দেওবাৰে কাৰুৰ জিলাত দলটোৰ যুৱ সংগঠনৰ এখন সভাত ডিএমকেৰ যুৱ সংগঠনৰ সম্পাদক উদয়ানিধিয়ে তেওঁৰ পূৰ্বৰ মন্তব্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । উল্লেখ্য যে তেওঁ সনাতন ধৰ্মক 'মহ, ডেংগু, মেলেৰিয়া, জ্বৰ আৰু ক'ভিডৰ সৈতে তুলনা কৰিছিল আৰু ইয়াক 'নিৰ্মূল' কৰাৰ প্ৰয়োজন বুলি কৈছিল ।

উদয়ানিধিৰ মতে তেওঁ গণহত্যাৰ প্ৰসংগ উত্থাপন কৰিছিল । কিন্তু বিজেপিয়ে তেওঁ নোকোৱা কথাবোৰো কোৱা বুলি অভিযোগ কৰিছিল । উদয়ানিধিৰ মতে তেওঁ চেন্নাইৰ সন্মিলনখনত মাত্ৰ ৩ মিনিটৰ বাবে ভাষণ দিছিল । ষ্টালিনৰ মতে তেওঁ কেৱল এয়াই কৈছিল যে সকলোকে সমভাৱে ব্যৱহাৰ কৰা উচিত আৰু ইয়াৰ বিৰুদ্ধে বৈষম্যমূলক ব্যৱহাৰ কৰা উচিত নহয় ।

তেওঁ কৈছিল যে যিকোনো বৈষম্যমূলক কাৰ্য বন্ধ কৰিব লাগে । কিন্তু বিজেপিয়ে তেওঁৰ মন্তব্যক বিকৃত কৰিছিল । ষ্টালিনৰ মতে বিজেপিয়ে তেওঁৰ মন্তব্যক অতিৰঞ্জিত কৰিছিল আৰু গোটেই দেশখনক এই বিষয়ে বিতৰ্ক কৰিবলৈ বাধ্য কৰিছিল । ষ্টালিনৰ মতে কিছুমান সাধুয়ে তেওঁৰ মূৰত ৫-১০ কোটি টকাৰ পুৰস্কাৰো ঘোষণা কৰিছিল । বিষয়টো আদালতত আছে আৰু ন্যায়পালিকাৰ ওপৰত তেওঁৰ সম্পূৰ্ণ বিশ্বাস আছে বুলিও উল্লেখ কৰিছে । ষ্টালিনে উল্লেখ কৰা মতে এই মন্তব্যৰ বাবে তেওঁক ক্ষমা বিচাৰিবলৈ কোৱা হৈছিল । কিন্তু তেওঁ ক্ষমা বিচাৰিবলৈ অস্বীকাৰ কৰিছিল ।

লগতে পঢ়ক :কাংকেৰৰ আসনত মাত্ৰ 16 টা ভোটৰ ব্যৱধানত জয়লাভ বিজেপিৰ আশাৰাম নেতমৰ

Last Updated : Dec 4, 2023, 3:38 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.