ETV Bharat / bharat

চিপিআই(এম)ৰ বিৰুদ্ধে ত্ৰিপুৰাত বিজেপিৰ প্ৰতিবাদ - BJP protests in Tripura

ত্ৰিপুৰাত বিজেপি আৰু চিপিআই(এম)ৰ মাজত সংঘাত অব্যাহত আছে । এইবাৰ চিপিআই(এম)ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে শাসকীয় বিজেপি দলে (BJP protests in Tripura against CPIM)। ৰাজ্যখনৰ বিৰুদ্ধে চিপিআই(এম) দলে ষড়যন্ত্ৰ কৰাৰ অভিযোগ ।

BJP
চিপিআইএমৰ বিৰুদ্ধে ত্ৰিপুৰাত বিজেপিৰ প্ৰতিবাদ
author img

By

Published : Feb 24, 2022, 2:09 PM IST

আগৰতলা,২৪ ফেব্ৰুৱাৰী : ত্ৰিপুৰাৰ ৰাজনৈতিক প্ৰেক্ষাপট সম্প্ৰতি উত্তাল হৈ আছে । শাসকীয় বিজেপি আৰু বিৰোধী চিপিআই(এম)ৰ মাজৰ সংঘাত ক্ৰমান্বয়ে বৃদ্ধি পাইছে । চিপিআই(এম) দলে অভিযোগ কৰিছে ৰাজ্যখনত বিজেপিয়ে একনায়কত্ববাদ চলাইছে । বিজেপিৰ গুণ্ডা বাহিনীয়ে বিভিন্ন স্থানত চিপিআই(এম)ৰ নেতা কৰ্মীক আক্ৰমণ কৰাৰো অভিযোগ কৰিছে দলটোৱে।

দলটোৰ এনে অভিযোগক নস্যাৎ কৰি এইবাৰ বিজেপিয়ে উলিয়ালে প্ৰতিবাদী সমদল (BJP protests in Tripura against CPIM)। পূৰ্বে শাসনত থকা চিপিআই(এম)ৰ বিৰুদ্ধে বুধবাৰে আগৰতলাত এক বিশাল প্ৰতিবাদী সমদলৰ আয়োজন কৰে শাসকীয় বিজেপি দলে । বিজেপিৰ অভিযোগ চিপিআই(এম) দলে ৰাজ্যখনৰ বিৰুদ্ধে ষড়যন্ত্ৰ চলাইছে । প্ৰতিবাদী সমদলটোৰ নেতৃত্ব দিছিল উপ-মুখ্যমন্ত্ৰী জিষ্ণু দেৱ বাৰ্মা আৰু কাৰাগাৰ আৰু সমবায় মন্ত্ৰী ৰামপ্ৰসাদ পলে ।

সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপ উপ-মুখ্যমন্ত্ৰী জিষ্ণু দেৱ বাৰ্মাই কয় যে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰ পুনৰ ক্ষমতালৈ অহাৰ পাছতে ৰাজ্যখনত ৰাজনৈতিক ষড়যন্ত্ৰ আৰম্ভ হৈছে । তেওঁৰ মতে চিপিআই(এম) দলে ৰাজ্য চৰকাৰৰ নাম কলুষিত কৰিবলৈ চেষ্টা কৰিছে লগতে জনসাধাৰণক বিপথে পৰিচালিত কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে ।

সেয়েহে দলটোৰ এনে ষড়যন্ত্ৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে আৰু জনসাধাৰণক এই বিষয়ে অৱগত কৰাৰ উদ্দেশ্যে এই প্ৰতিবাদী সমদল আয়োজন কৰাৰ কথা উল্লেখ কৰে নেতাগৰাকীয়ে । জিষ্ণু দেৱ বাৰ্মাৰ মতে ২০ বছৰৰো অধিক সময় ৰাজ্যখনত অপকৰ্ম কৰাৰ পাছতো ৰাইজে চিপিআই(এম)ক ক্ষমা কৰিছে । ২৫ বছৰ ধৰি শোষণ চলোৱা চিপিআই(এম) দলে পুনৰ ৰাজ্যত শোষণৰ ৰাজনীতি আৰম্ভ কৰিব বিচাৰিছে বুলিও তেওঁ অভিযোগ কৰে ।

লগতে পঢ়ক :নিৰ্বাচনী প্ৰচাৰৰ বাবে নিৰ্বাচন আয়োগৰ নতুন নিৰ্দেশনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.