ETV Bharat / bharat

BJPs Protest Against Congress: কংগ্ৰেছ নেতাৰ মানহানিকৰ মন্তব্যৰ প্ৰতিবাদ বিজেপিৰ

author img

By

Published : Jul 14, 2022, 2:13 PM IST

এন ডি এৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৰ বিৰুদ্ধে কংগ্ৰেছ নেতাৰ মানহানিকৰ মন্তব্যৰ পিছতে বৃহস্পতিবাৰে প্ৰতিবাদত উত্তাল হৈছে বিজেপিয়ে ওড়িশা, ঝাৰখণ্ড আৰু অন্যান্য জনজাতীয় সংখ্যাগৰিষ্ঠ অঞ্চল(BJP Protest against congress leader defamatory comment on Draupadi Murmu)।

rr
BJPs PROTEST AGAINST CONGRESS: কংগ্ৰেছ নেতাৰ মানহানিকৰ মন্তব্যৰ প্ৰতিবাদ বিজেপিৰ

নেচনেল ডেস্ক, ১৪ জুলাই: এন ডি এৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৰ বিৰুদ্ধে কংগ্ৰেছ নেতাৰ মানহানিকৰ মন্তব্যৰ পিছতে বৃহস্পতিবাৰে প্ৰতিবাদত উত্তাল হৈছে বিজেপিয়ে ওড়িশা, ঝাৰখণ্ড আৰু অন্যান্য জনজাতীয় সংখ্যাগৰিষ্ঠ অঞ্চল । উল্লেখ্য় যে লোকসভাৰ প্ৰাক্তন সদস্য তথা কংগ্ৰেছ নেতা অজয় কুমাৰে এক টিভি অনুষ্ঠানত দ্ৰৌপদী মুৰ্মুৰ বিৰুদ্ধে মন্তব্য় কৰি কৈছিল যে দ্ৰৌপদী মুৰ্মু এগৰাকী শক্তশালী ব্যক্তি যদিও তেওঁ ভাৰতৰ এক অতি বেয়া দৰ্শনক প্ৰতিনিধিত্ব কৰে (Ex Lok Sabha Member and Congress leader Ajoy Kumar)। তেওঁ পুনৰ কয়,'আমি দ্ৰৌপদী মুৰ্মুক আদিবাসীসকলৰ প্ৰতীক হিচাপে গণ্য় কৰা উচিত নহয় ।'

ইয়াৰ পাছতে বৃহস্পতিবাৰে বিজেপিৰ তথ্য আৰু প্ৰযুক্তি বিভাগৰ ৰাষ্ট্ৰীয় ভাৰপ্ৰাপ্ত বিষয়া অমিত মালৱীয়ই এক টুইটযোগে কয়,'এন ডি এৰ ৰাষ্ট্ৰপতি পদৰ মনোনীত দ্ৰৌপদী মুৰ্মুৰ বিৰুদ্ধে কংগ্ৰেছৰ মুখপাত্ৰ ড০ অজয় কুমাৰৰ মন্তব্যই জনজাতীয় লোকসকলৰ মাজত ক্ষোভৰ সৃষ্টি কৰিছে (National incharge of BJP Information and Technology Department Amit Malviya tweet)। বৃহস্পতিবাৰে বিজেপিয়ে ওড়িশা, ঝাৰখণ্ড আৰু অন্যান্য জনজাতীয় সংখ্যাগৰিষ্ঠ অঞ্চলত ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰিছে ।'

অমিত মালৱীয়ই টুইটযোগে পুনৰ কয় যে কংগ্ৰেছৰ অজয় কুমাৰে এটা টিভি অনুষ্ঠানত কে আৰ নাৰায়ণন (দলিত) আৰু পিএ চাংমা (জনজাতীয়)ৰ ৰাষ্ট্ৰপতি পদৰ বিৰোধিতা কৰা বুলি বিজেপিৰ বিষয়ে ভুল তথ্য় আগবঢ়াইছে( KR Narayanan and PA Sangma)। বৰং বিজেপিয়ে নাৰায়ণন আৰু চাংমা দুয়োকে সমৰ্থন কৰিছিল বুলি কয় মালৱীয়ই। মালৱীয়ই পুনৰ কয় যে যি সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত এন ডিএয়ে আদিবাসী সমাজৰ মহিলা দ্ৰৌপদী মুৰ্মুক ৰাষ্ট্ৰপতিৰ বাবে মনোনীত ব্যক্তি হিচাপে ঘোষণা কৰিছে সেই সময়ত কংগ্ৰেছ নেতাই তেওঁক দুষ্ট বুলি মন্তব্য় কৰিছে কেৱল এগৰাকী জনজাতীয় হোৱাৰ বাবে ।

ইপিনে, বুধবাৰে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে কংগ্ৰেছ নেতাগৰাকীৰ মন্তব্য়ৰ বিৰোধিতা কৰি কয়, 'এগৰাকী জনজাতীয় মহিলা যিয়ে দলিতসকলক উন্নত কৰাৰ দিশত নিজৰ জীৱন উৎসৰ্গা কৰিছে, অনবদ্য প্ৰশাসনিক দক্ষতা প্ৰদৰ্শন কৰিছে আৰু লাখ লাখ লোকৰ বাবে আদৰ্শ হিচাপে উঠিছে, তেওঁক আজি কংগ্ৰেছে উপহাস আৰু অপমান কৰিছে(Union Minister Smriti Irani)। কংগ্ৰেছৰ অধিকাৰৰ অশুভ দৰ্শন আজি আকৌ এবাৰ প্ৰমাণিত হৈছে ।'

লগতে পঢ়ক:NATIONAL HERALD CASE: ইডিৰ চমনৰ বিৰুদ্ধে ২১ জুলাইত কংগ্ৰেছৰ দেশজুৰি প্ৰতিবাদ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.