ETV Bharat / bharat

৬ ফেব্ৰুৱাৰীৰ পৰা পশ্চিমবংগত 'পৰিৱৰ্তন যাত্ৰা' বিজেপিৰ - প্ৰথমটো যাত্ৰা কেন্দ্ৰীয় বিজেপি সভাপতি জে পি নড্ডাই উদ্বোধনী কৰিব

৬ ফেব্ৰুৱাৰীৰ পৰা পশ্চিমবংগত পাঁচটা 'পৰিৱৰ্তন যাত্ৰা'ৰ আৰম্ভণি কৰিব বিজেপিয়ে । প্ৰথমটো যাত্ৰা কেন্দ্ৰীয় বিজেপি সভাপতি জে পি নাড্ডাই উদ্বোধনী কৰিব । শেষৰটো তথা অন্তিমটো যাত্ৰাৰ সামৰণি পেলাব মোডীয়ে । এই কথা জনায় পশ্চিমবংগৰ ৰাজ্যিক বিজেপি সভাপতি দিলীপ ঘোষে ।

'পৰিৱৰ্তন যাত্ৰা'
'পৰিৱৰ্তন যাত্ৰা'
author img

By

Published : Feb 3, 2021, 11:08 AM IST

Updated : Feb 3, 2021, 11:56 AM IST

নিউজ ডেস্ক, ৩ ফেব্ৰুৱাৰী: অসমকে ধৰি দেশৰ আন চাৰি ৰাজ্য ক্ৰমে পশ্চিমবংগ,তামিলনাডু,কেৰালা আৰু পণ্ডিছেৰীৰ বিধানসভা নিৰ্বাচন সামগত । আগন্তুক বিধানসভা নিৰ্বাচনক লৈ সাজু সকলো দল । ইতিমধ্যে ইয়াৰ সমান্তৰালকৈ গেৰুৱা দলে ব্যাপক নিৰ্বাচনী প্ৰস্তুতি চলাইছে । পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যখনত ৬ ফেব্ৰুৱাৰীৰ পৰা বিজেপি দলে ৰাজ্যজুৰি পাঁচটা 'পৰিৱৰ্তন যাত্ৰা' ৰথ যাত্ৰাৰ আৰম্ভ কৰিব । ইতিমধ্যে দুটা যাত্ৰাৰ বাবে সকলো প্ৰস্তুতি তুংগত । এই কথা জনায় পশ্চিমবংগৰ ৰাজ্যিক বিজেপি সভাপতি দিলীপ ঘোষে ।

প্ৰথমটো যাত্ৰা কেন্দ্ৰীয় বিজেপি সভাপতি জে পি নড্ডাই উদ্বোধনী কৰিব । ৭ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এক উন্নয়নমূলক কামৰ উদ্বাধনীৰ বাবে ৰাজ্যখনত আহিব আৰু তাৰবাবে মোডীক দলটোৱে এই যাত্ৰাত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে । ১১ ফেব্ৰুৱাৰীত গৃহমন্ত্ৰী অমিত শ্বাহে কোচ বিহাৰৰ পৰা আন এক যাত্ৰা আৰম্ভ কৰিব ।

পশ্চিমবংগৰ কাকদ্বীপৰ পৰা কলকাতালৈ শেষৰটো তথা অন্তিমটো যাত্ৰা কৰিব আৰু ইয়াৰ বাবে প্ৰধানমন্ত্ৰী মোডীক নিমন্ত্ৰণী জনোৱা হ'ব সোমবাৰে এক বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত এই কথা জনায় দিলীপ ঘোষে । এইখিনিতে উল্লেখ কৰিব লাগিব যে,এই যাত্ৰাৰ বাবে পশ্চিমবংগ চৰকাৰৰ পৰা অনুমতি বিচৰা হৈছে । কিন্তু এইমূহুৰ্তলৈ কোনো সঁহাৰি লাভ কৰা নাই । যদিহে ৰাজ্য চৰকাৰখনৰ পৰা এই যাত্ৰাৰ বাবে অনুমতি লাভ নকৰে তেন্তে আইনৰ কাষ চাপিব বুলি কয় বিজেপিৰ সাধাৰণ সম্পাদক কৈলাশ বিজয়বৰ্গীয়াই ।

ইফালে ৰাজ্যখনত হিংসা,দুৰ্নীতি,মাফিয়া আদিৰ দৰে নিকৃষ্ট ৰাজনীতি আছে । লগতে মমতাৰ কৰ্ম-কাণ্ডত অসন্তুষ্টি প্ৰকাশ কৰি তৃণমূল কংগ্ৰেছ কৰ্মীসকলে দল ত্যাগ কৰিবলগীয়া হৈছে বুলি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক তীব্ৰ সমালোচনা কৰে বিজয়বৰ্গীয়াই ।

উল্লেখ্য যে,আগন্তুক বিধানসভা নিৰ্বাচনত ৰাজ্যখনত ২৯৪ খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব । ২০১৯ চনৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে ৰাজ্যখনত ৪২ খন আসনৰ ভিতৰত ১৮ খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল ।

লগতে পঢ়ক:শ্ৰীলংকাৰ 73 তম স্বাধীনতা দিৱসৰ উপেলক্ষে শুভেচ্ছা প্ৰেৰণ নৰেন্দ্ৰ মোডীৰ

Last Updated : Feb 3, 2021, 11:56 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.