ETV Bharat / bharat

BJP Parliamentary Party meeting: বিজেপিৰ সংসদীয় দলৰ প্ৰথমখন বৈঠক আৰম্ভ - PM Modi receives warm welcome

শীতকালীন অধিৱেশনৰ সময়ত বিজেপি সংসদীয় দলৰ প্ৰথমখন বৈঠক বুধবাৰে অনুষ্ঠিত হয় (BJP parliamentary party meeting)। অধিৱেশনত দলৰ ৰণনীতি সন্দৰ্ভত আলোচনা হোৱাৰ সম্ভাৱনা আছে । ২০২৪ৰ লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভতো আলোচনা হ'ব !

BJP parliamentary party meeting
বিজেপিৰ সংসদীয় দলৰ প্ৰথমখন বৈঠক আৰম্ভ
author img

By

Published : Dec 14, 2022, 2:01 PM IST

নেশ্যনেল ডেস্ক,১৪ ডিচেম্বৰ : সংসদৰ শীতকালীন অধিৱেশনৰ মাজতে বিজেপি সংসদীয় দলৰ প্ৰথমখন বৈঠক বুধবাৰে অনুষ্ঠিত হৈছে (BJP parliamentary party meeting)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপৰিও লোকসভা আৰু ৰাজ্যসভাৰ বিজেপি সাংসদে সংসদ ভৱনত অনুষ্ঠিত সংসদীয় দলৰ এই বৈঠকত উপস্থিত আছে । গুজৰাট বিধানসভা নিৰ্বাচনত সৰ্বকালৰ বৃহৎ জয়ৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাংসদসকলে ব্যাপক আদৰণি জনায় (PM Modi receives warm welcome)।

একে সময়তে, সংসদীয় দলৰ বৈঠকত সংসদৰ শীতকালীন অধিৱেশনৰ বাকী দিনবোৰৰ বাবে দলৰ ৰণনীতিৰ বিষয়েও আলোচনা কৰাৰ সম্ভাৱনা আছে (Winter session of Parliament)। সংসদৰ অধিৱেশনৰ কাৰ্যকলাপৰ উপৰিও বিৰোধী দলসমূহৰ প্ৰত্যাহ্বান আৰু চৰকাৰৰ সাফল্যৰ বিষয়েও বৈঠকত আলোচনা কৰা সম্ভাৱনা আছে ।

  • Delhi | Prime Minister Narendra Modi, Union Home Minister Amit Shah, National BJP president JP Nadda & Union Defence Minister Rajnath Singh arrived at Parliament for BJP's parliamentary meeting pic.twitter.com/iFjOxu6AfK

    — ANI (@ANI) December 14, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

যিহেতু বিজেপিয়ে ২০২৪ৰ লোকসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে সেয়ে সংসদীয় দলৰ এই বৈঠক অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে । এনে পৰিস্থিতিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সংসদীয় দলৰ বৈঠকত জনসাধাৰণৰ সৈতে পোনপটীয়া সম্পৰ্ক স্থাপনৰ বাবে তেওঁৰ সাংসদসকলক গুৰুত্বপূৰ্ণ গুৰুমন্ত্ৰও দিব পাৰে বুলিও কোৱা হৈছে ।

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই মঙলবাৰে বিয়লি দলটোৰ ৰাজ্যসভাৰ সকলো সাংসদৰ সৈতে এক বৈঠকত মিলিত হয় । য'ত নাড্ডাই সাংসদসকলক সদনৰ কাৰ্যক্ৰমৰ সময়ত উপস্থিত থাকিবলৈ আৰু উৎসাহেৰে সংসদীয় কাৰ্যক্ৰমত অংশগ্ৰহণ কৰিবলৈ পৰামৰ্শ দিছে ।

ইয়াৰ উপৰিও, ভাৰতীয় জনতা পাৰ্টীৰ সংসদীয় দলৰ বৈঠকত হিমাচল প্ৰদেশ আৰু দিল্লী এমচিডিৰ নিৰ্বাচনত পৰাজয়ৰ বিষয়েও চিন্তা-চৰ্চা কৰিব পাৰে । এইটোও প্ৰকাশ পাইছে যে শেহতীয়া নিৰ্বাচনত দলীয় নেতাৰ বিদ্ৰোহৰ বাবে যথেষ্ট উদ্বিগ্ন হৈ আছে বিজেপি । সেয়ে ভৱিষ্যতে বিদ্ৰোহী নেতাসকলৰ বিৰুদ্ধে কঠোৰ নিয়ম প্ৰস্তুত কৰাৰো সম্ভাৱনা আছে ।

উল্লেখ্য যে ৭ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা সংসদৰ শীতকালীন অধিৱেশন ২৯ ডিচেম্বৰলৈকে চলিব । অধিৱেশনত কৰ্মদিন থাকিব মুঠ ১৭ দিন । বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে সংসদৰ শীতকালীন অধিৱেশনৰ কাৰ্যসূচীত ১৬ খন নতুন বিধেয়ক সন্নিবিষ্ট কৰিছে ।

লগতে পঢ়ক :Delhi Government 450 tests: দিল্লীৰ চৰকাৰী চিকিৎসালয়ত 450 টা পৰীক্ষা বিনামূলীয়া: ঘোষণা মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.