ETV Bharat / bharat

Yogiক Bhogi আখ্যা দি বিপদত উদ্ধৱ ঠাকৰে

যোগী আদিত্যনাথ(Yogi Adityanath)ৰ বিৰুদ্ধে অপমানসূচক মন্তব্য কৰি বিপদত উদ্ধৱ ঠাকৰে ৷ যোগী আদিত্যনাথক ভোগী আখ্যা দিয়াক লৈ উদ্ধৱ ঠাকৰে(Uddhav Thackeray)ৰ বিৰুদ্ধে বিজেপি জাঙুৰ খাই উঠিছে ৷

BJP MLA demands action against Uddhav Thackeray over his 'derogatory remarks' against Yogi Adityanath
Yogiক Bhogi আখ্যা দি বিপদত উদ্ধৱ ঠাকৰে
author img

By

Published : Aug 26, 2021, 4:48 PM IST

নেশ্যনেল ডেস্ক , 26 আগষ্ট : উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ(Yogi Adityanath) সন্দৰ্ভত এক অপমানজনক মন্তব্য কৰাক লৈ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে(Maharashtra Chief Minister Uddhav Thackeray)ৰ বিৰুদ্ধে বিজেপি জাঙুৰ খাই উঠা পৰিলক্ষিত হৈছে ৷ বুধবাৰে বিজেপি বিধায়ক দেৱযানী ফাৰাণ্ডে আদিত্যনাথৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰাৰ অভিযোগত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায় ৷ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যোগী(Yogi)ক ভোগী(Bhogi) আখ্যা দিয়াৰ অভিযোগ তুলি বিজেপিয়ে ঠাকৰেৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৷

লগতে পঢ়ক : skin-to-skin contact : বম্বে উচ্চ ন্যায়ালয়ৰ ৰায়ক 'অপমানজনক' আখ্যা বেণুগোপালৰ

নাছিকৰ বিধায়কগৰাকীয়ে কয়, "উদ্ধৱ ঠাকৰেয়ে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ বিষয়ে মন্তব্য কৰি তেওঁ 'যোগী' নহয় 'ভোগী' বুলি আখ্যা দিছিল ৷ তেওঁ আনকি মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক চেণ্ডেলেৰে প্ৰহাৰ কৰা উচিত বুলি মন্তব্য কৰিছিল ৷ এয়া ঠিক কথা নহয় ৷ আমি আশা কৰো এই অপমানজনক মন্তব্যৰ বাবে তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব" ৷ নাছিক বিজেপিৰ ফালৰ পৰা মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী তথা সামনাৰ সম্পাদক গৰাকীৰ বিৰুদ্ধে আৰক্ষী আয়ুক্তৰ সন্মুখত এক গোচৰ ৰুজু কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে ৷ তেওঁ কয় যে, সামনাৰ সম্পাদক গৰাকীয়ে উক্ত মাধ্যমৰ জৰিয়তে নাৰায়ণ ৰাণে(Narayan Rane)ৰ বিৰুদ্ধে কৰা মন্তব্যও যথেষ্ট অপমানসূচক ৷

লগতে পঢ়ক : চৰকাৰী চাকৰিত মহিলাৰ বাবে ৩৩.৩ শতাংশ আসন সংৰক্ষণৰ নিৰ্দেশ

ইফালে বুধবাৰে শিৱসেনাই মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰাৰ অভিযোগত কেন্দ্ৰীয় মন্ত্ৰী নাৰায়ণ ৰাণে(Union Minister Narayan Rane)ক croaking frog বুলি আখ্যা দিয়ে ৷

উল্লেখ্য যে, শিৱসেনাৰ মুখপত্ৰ সামনাই ইয়াৰ সম্পাদকীয়ত ৰাণেক ছিদ্ৰ থকা বেলুন(balloon with holes)ৰ সৈতে তুলনা কৰা হৈছে ৷ দলটোৰ মতে এই বেলুনত বিজেপিয়ে যিমানেই বায়ু ভৰ্তি নকৰক কিয় ই কেতিয়াও ওপৰলৈ যাব নোৱাৰিব ৷ মন কৰিবলগীয়া যে, ঠাকৰেৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰি মঙলবাৰে গ্ৰেপ্তাৰ হোৱা ৰাণেক কেইঘণ্টামান পিছত ৰায়গড় জিলাৰ মাহাদৰ স্থানীয় আদালতে(local court in Mahad of Raigarh district) জামিন প্ৰদান কৰে ৷ নাচিক আৰু পুনেৰ লগতে বিভিন্ন ঠাইত শিৱসেনাই কেইবাখনো এজাহাৰ পঞ্জীয়ন কৰাৰ পাচতে ৰত্নগিৰি জিলাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰা হয় ৷

লগতে পঢ়ক : 4 দিনীয়া ভ্ৰমণসূচীৰে উত্তৰ প্ৰদেশলৈ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.