ETV Bharat / bharat

Rajasthan Election 2023 : ৰাজস্থান নিৰ্বাচনৰ ইস্তাহাৰ প্ৰকাশ বিজেপিৰ; গেহলট চৰকাৰক আক্ৰমণ জে পি নাড্ডাৰ - BJP slams congress in Rajasthan

ভাৰতীয় জনতা পাৰ্টীয়ে আগন্তুক ৰাজস্থান বিধানসভা নিৰ্বাচনৰ বাবে দলৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিছে । ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই এই ইস্তাহাৰ জয়পুৰত উন্মোচন কৰে । ইস্তাহাৰ উন্মোচন কৰি নাড্ডাই কয় যে আন দলসমূহৰ বাবে ই কেৱল এক আনুষ্ঠানিকতা হ'ব পাৰে, কিন্তু বিজেপিৰ বাবে ই এক 'সংকল্প' । লগতে তেওঁ গেহলট চৰকাৰক তীব্ৰ সমালোচনা কৰে ।

ৰাজস্থান নিৰ্বাচনৰ ইস্তাহাৰ প্ৰকাশ বিজেপিৰ
Rajasthan Election 2023
author img

By ETV Bharat Assamese Team

Published : Nov 16, 2023, 2:31 PM IST

নিউজ ডেস্ক, ১৬ নৱেম্বৰ : ৰাজস্থান বিধানসভা নিৰ্বাচন দুৱাৰদলিত উপস্থিত হৈছে । কংগ্ৰেছ-বিজেপিকে ধৰি অন্যান্য দলবোৰে নিৰ্বাচনী প্ৰচাৰ তুংগত তুলিছে । ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰৰ বাবে ৰাজস্থানৰ আকাশ-বতাহ নিৰ্বাচনী উত্তাপেৰে উত্তাপিত হৈ পৰিছে । তাৰ মাজতে বিজেপি সভাপতি জে পি নাড্ডাই বৃহস্পতিবাৰে আগন্তুক ৰাজস্থান বিধানসভা নিৰ্বাচনৰ বাবে দলৰ ইস্তাহাৰ প্ৰকাশ কৰে । সংকল্প পত্ৰ উন্মোচন কৰি জে পি নাড্ডাই কয় যে তেওঁলোকৰ সংকল্প পত্ৰখন তিনিটা বিষয়ক লৈ প্ৰস্তুত কৰা হৈছে ।

প্ৰথমটো হৈছে সকলোৰে বিকাশ । দ্বিতীয় বিষয়টো হৈছে গাঁওসমূহৰ বিকাশ । ইয়াৰ বাবে সবলীকৰণ, দৰিদ্ৰ, বঞ্চিত, নিপীড়িত, অনুসূচিত জাতি-জনজাতি, মহিলা, যুৱ, কৃষকসকলৰ বাবে পৰিকল্পনা নিৰ্ধাৰণ কৰা হৈছে । আনহাতে, তৃতীয় বিষয়টো হৈছে আন্তঃগাঁথনিৰ ওপৰত গুৰুত্ব ।

  • उज्ज्वला धारक को हम 450 प्रति सिलेंडर सब्सिडी देंगे।

    मातृत्व वंदना योजना के तहत महिलाओं को दिए जा रहे 5,000 रुपये को बढ़ाकर 8,000 किया जाएगा।

    - श्री @JPNadda, राष्ट्रीय अध्यक्ष, भाजपा#AgraniRajasthanKaSankalp pic.twitter.com/VJbeAl00iI

    — BJP Rajasthan (@BJP4Rajasthan) November 16, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

সংকল্প পত্ৰ উন্মোচন কৰি নাড্ডাই কয় যে আন ৰাজনৈতিক দলসমূহৰ বাবে এই ইস্তাহাৰ কেৱল এক আনুষ্ঠানিক নথি হ'ব পাৰে । কিন্তু বিজেপিৰ বাবে এইটো এক সংকল্প, যিয়ে সাধাৰণ লোকসকলক দিয়া প্ৰতিশ্ৰুতিবোৰ পূৰণ কৰিবলৈ গৈ আছে । তেওঁ কয় যে ভাৰতীয় জনতা পাৰ্টীৰ বাবে এয়া হৈছে উন্নয়নৰ এক ৰোডমেপ । এইটো কেৱল ইস্তাহাৰৰ পৃষ্ঠাত লিখা শব্দ নহয়, বিজেপিয়ে পূৰণ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ বাক্য । নাড্ডাই লগতে কয় যে বিজেপিয়ে যি কৈছে সেয়া কৰিছে আৰু নোকোৱা কামবোৰো কৰিছে । এয়া হৈছে বিজেপিৰ দৃঢ় বাক্য আৰু এয়া নিশ্চিতভাৱে পূৰণ কৰা হ'ব ।

  • हर ​एक जिले में महिला थाना खोला जाएगा और हर थाने में महिला डेस्क होगी। हर सिटी में Anti Romeo Squad बनाया जाएगा।

    महिलाओं के सशक्तिकरण के लिए 'लाडो प्रोत्साहन योजना' शुरू की जाएगी। जिसमें भाजपा सरकार नवजात बच्चियों को 2 लाख का सेविंग बांड देगी।

    - श्री @JPNadda, राष्ट्रीय… pic.twitter.com/TL3SGPeZbz

আনহাতে, গেহলট চৰকাৰৰ দুৰ্নীতিৰ ওপৰতো তীব্ৰ আক্ৰমণ কৰে নাড্ডাই । তেওঁ কয় যদি ৰাজ্যখনত বিজেপিয়ে চৰকাৰ গঠন কৰে, তেন্তে প্ৰশ্নকাকত ফাদিল গোচৰ আৰু জল জীৱন মিছনকে ধৰি অন্যান্য দুৰ্নীতিৰ ঘটনাৰ তদন্তৰ বাবে এক বিশেষ অনুসন্ধানকাৰী দল বা এছআইটি গঠন কৰিব । বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই কয় যে কোনো দুৰ্নীতিগ্ৰস্ত ব্যক্তিকে ৰেহাই দিয়া নহ'ব ।

যিসকলে যুৱক-যুৱতীৰ ভৱিষ্যতক লৈ খেলা কৰিছে, মাতৃ আৰু ভগ্নীসকলৰ ওপৰত অত্যাচাৰ কৰিছে, তেওঁলোক সকলোৰে ওপৰত তদন্ত কৰা হ'ব । আনহাতে, অপৰাধীসকলক তেওঁলোকৰ কামৰ বাবে শাস্তি দিয়া হ'ব বুলিও নাড্ডাই কয় । ইয়াৰ উপৰি নাড্ডাই কয় যে দুৰ্নীতিগ্ৰস্তসকলে এই কংগ্ৰেছ চৰকাৰৰ দিনত ৰাজনৈতিক সুৰক্ষা লাভ কৰিছে । ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ গঠন হ'লে এই সকলোৰে হিচাপ লোৱা হ'ব ।

"বিজেপি আৰু কংগ্ৰেছৰ মাজত পাৰ্থক্য কি, মই সেইটো স্পষ্ট কৰিব বিচাৰোঁ । কংগ্ৰেছ দলটো পাঁচ বছৰত পাঁচটা কথাৰ বাবে জনাজাত আছিল । প্ৰথমটো হৈছে দুৰ্নীতি আৰু দুৰ্নীতিত কংগ্ৰেছ এক নম্বৰত । দ্বিতীয়তে, ভগ্নী, কন্যা তথা মাতৃসকলক অপমান কৰা । নাৰীৰ সন্মানৰ সৈতে খেলা কৰিছে আৰু কৃষকসকলৰ জীৱনক লৈও খেলা খেলিছে । এইখন একমাত্ৰ ৰাজ্য, য'ত বিদ্যুৎ আটাইতকৈ ব্যয়বহুল আৰু পেট্ৰ'ল আৰু ডিজেলৰ ওপৰত ভেট সৰ্বাধিক । ইয়াত সৰ্বাধিক সংখ্যক প্ৰশ্নকাকত ফাদিল হৈছে আৰু দৰিদ্ৰ আৰু দলিতসকলৰ ওপৰত অত্যাচাৰ সংঘটিত হৈছে ।" বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীৰ অভিযোগ ।

নাড্ডাই লগতে কয় যে কংগ্ৰেছে বৃদ্ধ পেঞ্চনতো কেলেংকাৰী কৰাৰ পৰা বিৰত থকা নাই । গেহলটৰ পৰিয়ালে ১১,০০০ কোটি টকাৰ নিবিদা লাভ কৰিছে । কংগ্ৰেছে স্বজন-তোষণক গুৰুত্ব দিয়ে আৰু গেহলট হৈছে ইয়াৰ এক উদাহৰণ ।

লগতে পঢ়ক :Silkyara Tunnel accident : উত্তৰকাশীৰ সুৰংগত আৱদ্ধ শ্ৰমিকক উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.