নেশ্যনেল ডেস্ক, ১২ জুন : ত্ৰিপুৰা জনগোষ্ঠীয় অঞ্চল স্বায়ত্ব শাসিত জিলা পৰিষদৰ নিৰ্বাচনৰ কেইমাহমান পূৰ্বৰে পৰা ত্ৰিপুৰাত দল বাগৰৰ ৰাজনীতি আৰম্ভ হৈছিল । বিজেপি আৰু আইপিএফটিত বহু কেইগৰাকী নেতাই বিগত দিনবোৰত নৱগঠিত আঞ্চলিক দল TIPRA ত যোগদান কৰিছে ।
এইবাৰ পুনৰ বিজেপিৰ দুৰ্গত মোক্ষম আঘাত হানি প্ৰদ্যুৎ কিশোৰ দেৱবৰ্মন নেতৃত্বাধীন TIPRAত যোগদান কৰিলে বিজেপিৰ ৰাজ্যিক সম্পাদিকা মণিহাৰ দেৱবাৰ্মাই । আঞ্চলিক দলটোত যোগদান কৰাৰ পিছতো বিজেপিৰ বিৰুদ্ধে কোনো মন্তব্য কৰা নাছিল মণিহাৰ দেৱবাৰ্মাই ।
যোৱা ১ জুনত তেওঁ বিজেপিৰ ৰাজ্যিক সভাপতি মাণিক সাহাৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰিছিল । তেওঁ কয় যে, বিজেপি শিবিৰত তেওঁ ৰাজ্যিক কাৰ্য নিৰ্বাহকত উপস্থিত আছিল । তেওঁৰ দৃষ্টিভংগীক সদায় গুৰুত্ব দিয়া হৈছিল আৰু কেতিয়াও তেওঁৰ স্বতন্ত্ৰ চিন্তাধাৰা দমন কৰিবলৈ হেঁচা প্ৰয়োগ কৰা হোৱা নাই ।
লগতে তেওঁ কয় যে, এতিয়া তেওঁ অনুভৱ কৰে যে, এতিয়া TIPRA মোথাৰ বাবে কাম কৰাৰ সময় । কিয়নো দলটোৱে দিল্লীত কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টিগোচৰ হ'বলগীয়া বিষয়বোৰৰ ওপৰত মূলত গুৰুত্ব আৰোপ কৰিছে । ত্ৰিপুৰাৰ প্ৰথম আঞ্চলিক ৰাজনৈতিক দল ত্ৰিপুৰা উপজাতি যুৱ সমিতি(TUJS) গঠন হোৱাৰ দিনাই মণিহাৰ দেৱবাৰ্মাই আনুষ্ঠানিকভাৱে TIPRAত যোগদান কৰে ।
বিজেপি আৰু আইপিএফটি(IPFT)ৰ আসনৰ ভাগ-বটোৱাৰা সন্দৰ্ভত তেওঁ কয় যে, মিত্ৰজোঁটৰ দল দুটাৰ মাজত আসনৰ ভাগ-বটোৱাৰা প্ৰক্ৰিয়াত কিছুমান ত্ৰুটি আছে । জানিব পৰা মতে, মণিহাৰ দেৱবাৰ্মা ৰামচন্দ্ৰঘাট অঞ্চলৰ এগৰাকী জনপ্ৰিয় বাওঁপন্থী বিৰোধী নেত্ৰী আৰু বিজেপিক ক্ষমতাত অধিষ্ঠিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ।
আইপিএফটিৰ আন এজন জ্যেষ্ঠ নেতা বিৰেশ দেৱবাৰ্মায়েও আইপিএফটি এৰি TIPRAত যোগদান কৰিছে । ৰাজনৈতিক বিশ্লেষকসকলৰ মতে, ত্ৰিপুৰা জনগোষ্ঠীয় অঞ্চল স্বায়ত্ব শাসিত জিলা পৰিষদৰ নিৰ্বাচনৰ সফলতাৰ পিছত TIPRA যিদৰে শক্তিশালী হৈ উঠিছে, সেয়া বিজেপি আৰু আইপিএফটিৰ বাবে ভাল সংকেত নহয় । দলটোৱে সমাগত বিধানসভা নিৰ্বাচনত এক নিৰ্ণায়ক ভূমিকা পালন কৰাৰ প্ৰবল সম্ভাৱনা আছে ।
লগতে পঢ়ক: বিশ্ব শ্ৰম বিৰোধী দিৱস 2021: কৰ’ণাৰ সময়ত বৃদ্ধি শিশু শ্ৰমিকৰ সংখ্যা