নিউজ ডেস্ক, ৪ জানুৱাৰী: পশ্চিমবংগৰ বিজেপিৰ ৰাজ্য়িক সমিতিৰ সদস্য কৃষ্ণেন্দু মুখাৰ্জীৰ অভিযোগ তৃণমূল কংগ্ৰেছৰ বিৰুদ্ধে । ঘটনা অনুসৰি নিশা প্ৰায় ১২ বজাত কলকতাৰ পৰা নিজ গৃহলৈ উভতাৰ সময়ত পশ্চিম বৰ্ধমান জিলাৰ আছনচলৰ হীৰাপুৰ এলেকাত মুখাৰ্জীৰ বাহনত তিনিজন অচিনাকী দুৰ্বৃত্তই তেওঁৰ বাহন ৰখাই দুৱাৰ খুলিবলৈ চেষ্টা কৰে । কিন্তু আক্ৰমণকাৰীয়ে কৰা চেষ্টাত বিফল হয় । পৰৱৰ্তী সময়ত বাহনলৈ লক্ষ্য কৰি ধাৰাষাৰ গুলীবৰ্ষণ কৰে । পাচত চালকসহ মুখাৰ্জীৰ চিঞৰ-বাখৰত আক্ৰমণকাৰী পলাই যাবলৈ সক্ষম হয় । কোনোৰকমে এই দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে মুখাৰ্জী ।
ঘটনা সন্দৰ্ভত মুখাৰ্জীয়ে হীৰাপুৰ থানাত এক গোচৰ ৰুজু কৰে । ঘটনাৰ সমগ্ৰ দৃশ্য মুখাৰ্জীৰ ঘৰৰ চিচিটিভিত বন্দী হয় আৰু চিচিটিভিৰ ফুটেজৰ ওপৰত ভিত্তি কৰিয়েই আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে । এই পৰ্যন্ত কোনো এজন আক্ৰমণকাৰীক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই হীৰাপুৰ আৰক্ষী ।
পশ্চিমবংগৰ শাসকীয় দলৰ গুণ্ডাই এনে কাৰ্য্য সংঘটিত কৰে বুলি সোমবাৰে অভিযোগ উত্থাপন কৰে মুখাৰ্জীয়ে । ইফালে মুখাৰ্জীৰ এই অভিযোগক নস্যাৎ কৰে তৃণমূল কংগ্ৰেছৰ আছনচলৰ বিধায়ক তাপস্ব বেনাৰ্জীয়ে । তেওঁ কয় যে কৃষ্ণেন্দু মুখাৰ্জী পূৰ্বে বহু চুৰি-চক্ৰ, অবৈধ বেহাৰ উপৰিও হত্যাকাণ্ডৰে জড়িত । যাৰফলশ্ৰুতিত দেওবাৰে নিশা এনেধৰণৰ কাণ্ড সংঘটিত হৈছে ।
লগতে পঢ়ক: তিনিদিনীয়া ভ্ৰমণসূচীৰে ৰাজস্থানত উপস্থিত ৰাষ্ট্ৰপতিৰ পৰিয়াল