নেশ্যনেল ডেস্ক, ২৫ মাৰ্চ : সাংসদ পদ খাৰিজ হোৱাৰ পাছতো বিজেপি লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে নিজৰ স্থিতিত অটল আছে ৰাহুল গান্ধী । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু আদানিৰ সম্পৰ্কক লৈ প্ৰশ্ন কৰিয়ে যাব বুলি ইতিমধ্যে সংবাদমেলযোগে হুংকাৰ দিছে ৰাহুল গান্ধীয়ে (Rahul Gandhi reacts after disqualification)। ৰাহুল গান্ধীৰ সংবাদমেলৰ পাছতে পুনৰ বিজেপি সৰৱ হৈ উঠিছে । এইবাৰ বিজেপিৰ অভিযোগ দেশত ইচ্ছাকৃতভাৱে অ'বিচিসকলক অসন্মান কৰিছে ৰাহুল গান্ধীয়ে ।
জ্যেষ্ঠ বিজেপি নেতা ৰবি শংকৰ প্ৰসাদে এখন সংবাদমেল সম্বোধন কৰি ৰাহুল গান্ধীক অ'বিচিসকলক অসন্মান কৰাৰ অভিযোগ উত্থাপন কৰে (Ravi Shankar Prasad slams Rahul)। বিজেপি নেতাগৰাকীৰ মতে ৰাহুল গান্ধীৰ সমালোচনা কৰাৰ অধিকাৰ আছে কিন্তু অপমান কৰিব নোৱাৰে । ৰাহুল গান্ধীয়ে আনকি ক্ষমাও বিচৰা নাছিল ।
-
Congress is nothing but a Party of Cut, Corruption and Commission.
— BJP (@BJP4India) March 25, 2023 " class="align-text-top noRightClick twitterSection" data="
- Shri @rsprasad pic.twitter.com/ver3dfq4N0
">Congress is nothing but a Party of Cut, Corruption and Commission.
— BJP (@BJP4India) March 25, 2023
- Shri @rsprasad pic.twitter.com/ver3dfq4N0Congress is nothing but a Party of Cut, Corruption and Commission.
— BJP (@BJP4India) March 25, 2023
- Shri @rsprasad pic.twitter.com/ver3dfq4N0
বিজেপি নেতা ৰবি শংকৰ প্ৰসাদে কয় যে কেৱল ৰাহুল গান্ধীকে নহয় একেটা অভিযোগতে বিভিন্ন দলৰ আন ৩২ গৰাকী নেতাকো অযোগ্য ঘোষণা কৰা হৈছে । ৰবি শংকৰে প্ৰশ্ন কৰি কয় যে কংগ্ৰেছৰ বাবে কোনো বিশেষ আইন আছে নেকি ? বিজেপি নেতাগৰাকীৰ মতে মোডী সম্প্ৰদায়ৰ লোকসকলে বিহাৰৰ বিজেপি নেতা সুশীল কুমাৰ মোডীকে ধৰি ৰাহুলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে (Rahul Gandhi Modi surname issue)।
প্ৰসাদে প্ৰশ্ন কৰে যে ৰাহুলক শাস্তি দিয়া চুৰাট আদালতৰ সিদ্ধান্ত ভুল বুলি ভাবে নেকি কংগ্ৰেছ দলে ? পৱন খেৰাৰ গোচৰৰ দৰে দলৰ নেতাসকলে উচ্চ ন্যায়ালয়ত এই সিদ্ধান্তক কিয় প্ৰত্যাহ্বান জনোৱা নাছিল বুলিও তেওঁ প্ৰশ্ন কৰে (Pawan Kheraa case)।
উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ওপৰত কৰা মন্তব্যৰ বাবে দিল্লী বিমানবন্দৰত আৰক্ষীয়ে আটক কৰাৰ পাছত খেৰাক জামিন দিয়া হৈছিল । ইফালে ৰাহুল গান্ধীৰ সংবাদমেলৰ কেইমুহূৰ্তমানৰ পাছতে বিজেপি নেতাগৰাকীয়ে সংবাদমেল আয়োজন কৰি ৰাহুল গান্ধী আৰু কংগ্ৰেছক সমালোচনা কৰে । অৱশ্যে প্ৰসাদে অভিযোগ কৰিছে যে কংগ্ৰেছে ৰাহুলক কৰ্ণাটক নিৰ্বাচনত লাভান্বিত হ'বলৈ বলিৰ পঠা সজাইছিল । ৰাহুল হাটাও কংগ্ৰেছ বচাওৰ বাবে কংগ্ৰেছত কন্দল লাগিছে নেকি বুলিও তেওঁ প্ৰশ্ন কৰে ।
লগতে পঢ়ক :Rahul Gandhi disqualify issue: প্ৰধানমন্ত্ৰী মোডীক প্ৰত্যাহ্বান প্ৰিয়ংকা গান্ধীৰ