ETV Bharat / bharat

Chhattisgarh Assembly Election 2023: ছত্তিশগড়ত ৬৪ খন আসনৰ বাবে বিজেপিৰ দ্বিতীয়খন তালিকা প্ৰকাশ - কেন্দ্ৰীয় নিৰ্বাচন সমিতি

ছত্তিশগড় বিধানসভা নিৰ্বাচন ২০২৩ৰ বাবে বিজেপিৰ পৰৱৰ্তী তালিকা প্ৰকাশ । ১ অক্টোবৰ দেওবাৰে দিল্লীত বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয় প্ৰাৰ্থী সন্দৰ্ভত ৷

Chhattisgarh Assembly Election 2023
ছত্তীশগড় বিধানসভা নিৰ্বাচন ২০২৩
author img

By ETV Bharat Assamese Team

Published : Oct 9, 2023, 7:39 PM IST

নেশ্যনেল ডেস্ক, 9 অক্টোবৰ : বিজেপিয়ে প্ৰকাশ কৰিলে ছত্তিশগড় নিৰ্বাচনৰ পৰৱৰ্তী প্ৰাৰ্থীৰ তালিকা ৷ এই তালিকা প্ৰকাশৰ পূৰ্বে প্ৰায় ডেৰ মাহ ধৰি বিজেপিত চিন্তা-চৰ্চা ছলি আছিল ৷ ইয়াৰ পিছতহে দ্বিতীয়খন তালিকা প্ৰকাশ পায় ৷ দেওবাৰে দিল্লীত বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ বৈঠক অনুষ্ঠিত হয় ৷ তেতিয়াৰ পৰাই দিল্লী আৰু ৰায়পুৰত বিজেপি নেতাৰ মাজত অহৰহ আলোচনা চলিছিল ৷

বৃহস্পতিবাৰে বিজেপিৰ ৰাজ্যিক সভাপতি অৰুণ সাওক দিল্লীলৈ মাতি অনা হয় ৷ তাতো সাওৱে শীৰ্ষ নেতাৰ সৈতে এক আলোচনাত মিলিত হয় ৷ ইয়াৰ পূৰ্বে বিজেপিয়ে ৰাজ্যখনত এখন ২১জনীয়া প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছিল ৷ এই তালিকাখন ২০২৩ চনৰ আগষ্ট মাহত প্ৰকাশ পাইছিল ৷

আগষ্টত প্ৰকাশ পাইছিল বিজেপিৰ প্ৰথমখন তালিকা-

চলিত বৰ্ষৰ আগষ্ট মাহৰ দ্বিতীয় সপ্তাহত বিজেপিয়ে ছত্তিশগড়ত প্ৰথমখন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছিল ৷ এই তালিকাত ২১ জন প্ৰাৰ্থীক প্ৰক্ষেপ কৰা হৈছিল ৷

বিজেপিৰ প্ৰথম তালিকাত টিকট লাভ কৰা প্ৰাৰ্থী-

প্ৰেমনগৰৰ পৰা ভূলন সিং মাৰাৱী, ভাটগাঁৱৰ পৰা লক্ষ্মী ৰাজৱাড়, প্ৰতাপপুৰৰ পৰা শকুন্তলা সিং পৰ্টে, ৰামানুজগঞ্জৰ পৰা ৰামবিচাৰ নেতম, লুন্দ্ৰাৰ পৰা প্ৰবোধ মিঞ্জৰ, মহেশ সাহুৱে খাৰছিয়াৰ পৰা, ধৰ্মজয়গড়ৰ পৰা হৰিশচন্দ্ৰ ৰথিয়া, লখানলাল দেৱাংগনে কোৰবাৰ পৰা, মাৰৱাহীৰ পৰা সুযোগ পাইছে প্ৰণৱ কুমাৰ মাৰ্পাচি আৰু শৰাইপালিৰ পৰা সৰলা কোছাৰিয়া ৷

আনহাতে, খল্লাৰীৰ পৰা অলকা চন্দ্ৰকাৰে টিকট লাভ কৰিছে ৷ অভনপুৰৰ পৰা সুযোগ পাইছে ইন্দ্ৰকুমাৰ সাহুৱে, ৰাজিমৰ পৰা ৰোহিত সাহুৰ ওপৰত পাৰ্টিয়ে আস্থা প্ৰকাশ কৰে ৷ ছিহাৱাৰ পৰা শ্ৰৱণ মাৰ্কাম, দৌন্দিলোহাৰা দেৱলাল ঠাকুৰ, পতনৰ পৰা সাংসদ বিজয় বাঘেল প্ৰাৰ্থী, খৈৰাগড়ৰ পৰা বিক্ৰান্ত সিঙে লাভ কৰিছে টিকট ৷

ইফালে গীতা গাছি চাহুক খুজ্জীৰ পৰা প্ৰাৰ্থী হিচাবে প্ৰক্ষেপ, মোহলা মনপুৰৰ পৰা সঞ্জীৱ সাহা, কাংকেৰৰ পৰা আশাৰাম নেতম, বস্তৰৰ পৰা মণিৰাম কাশ্যপক বিজেপিয়ে প্ৰদান কৰিছে টিকট ৷

বিজেপিৰ সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি দলত টিকট বিতৰণ সন্দৰ্ভত আলোচনা আসনৰ শ্ৰেণীৰ ভিত্তিত কৰা হৈছিল ৷ যিটো বিজেপিয়ে নিজৰ মতে বিতৰণ কৰিছিল ৷ ছত্তিশগড়ৰ বাবে বিজেপিয়ে আসনসমূহ A, B, C আৰু D শিতানত বিভক্ত কৰিছিল ৷ তাৰ পিছত প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰা হয় ৷

A শ্ৰেণীত সেই আসনসমূহ অন্তৰ্ভুক্ত কৰা হৈছিল য’ত দলটোৱে ধাৰাবাহিকভাৱে ভাল প্ৰদৰ্শন কৰিছিল ৷ আনহাতে সেই আসনসমূহ B শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হৈছিল, য'ত বিজেপিৰ জয়ত মিশ্ৰিত অভিলেখ আছে ৷ C শ্ৰেণীত সেই আসনসমূহ অন্তৰ্ভুক্ত কৰা হৈছে য’ত দলটোৰ অৱস্থা তুলনামূলকভাৱে দুৰ্বল বুলি ধৰা হৈছে ৷ ইয়াৰ বিপৰীতে সেই আসনসমূহ D কেটেগৰীত আছে, য'ত বিগত তিনিটা নিৰ্বাচনত বিজেপিয়ে ধাৰাবাহিকভাৱে পৰাস্ত হৈছে ৷

লগতে পঢ়ক : MP Assembly Election 2023: মধ্যপ্ৰদেশত নিৰ্বাচনী ৰণডংকা; বিজেপিয়ে প্ৰকাশ কৰিলে প্ৰাৰ্থীৰ চতুৰ্থখন তালিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.