নেশ্যনেল ডেস্ক, 23 অক্টোবৰ: ‘বিৰিয়ানি’ শব্দটো শুনিলেই আপোনাৰো চাগে জিভাৰ পানী ওলায় ৷ পিছে বিৰিয়ানি প্ৰিয়সকলৰ বাবে এক দুঃখবৰ ৷ কিয়নো বিৰিয়ানিত ব্যৱহৃত মছলাই পুৰুষৰ যৌন অনুভূতি ধ্বংস কৰে ৷ পিছে এয়া কোনো বৈজ্ঞানিকে কোৱা কথা নহয় ৷ এই ঘটনা পশ্চিমবংগৰ ৷
পশ্চিমবংগত সংঘটিত হৈছে এক অস্বাভাৱিক ঘটনা ৷ দেওবাৰে তৃণমূল কংগ্ৰেছৰ বিতৰ্কিত নেতা তথা কোচবিহাৰ পৌৰসভাৰ অধ্যক্ষ ৰবীন্দ্ৰনাথ ঘোষে (TMC leader Rabindra Nath Ghosh) কোনো ধৰণৰ বৈধ কাৰণ নোহোৱাকৈ এখন বিৰিয়ানি দোকান বন্ধ কৰি দিয়ে ৷ নেতাগৰাকীৰ মতে, বিৰিয়ানিত ব্যৱহৃত মছলাই পুৰুষৰ যৌন অনুভূতি ধ্বংস কৰে (Spices used in Biriyani destroys male sexual drive) ৷
অৱশ্যে এই অভিযোগ সন্দৰ্ভত তৃণমূল কংগ্ৰেছ নেতা তথা কোচবিহাৰ পৌৰসভাৰ অধ্যক্ষ ৰবীন্দ্ৰনাথ ঘোষৰ হাতত কোনো ধৰণৰ বিজ্ঞানসন্মত কাৰণ নাই ৷ তথাপিও মমতা বেনাৰ্জী মন্ত্ৰালয়ৰ (Mamata Banerjee ministry) উত্তৰ বংগ উন্নয়ন বিভাগৰ প্ৰাক্তন মন্ত্ৰীগৰাকীৰ মতে বিৰিয়ানি সুস্বাদুকৈ প্ৰস্তুত কৰাৰ বাবে ব্যৱহাৰ কৰা উপাদান আৰু মছলাবোৰে পুৰুষত্ব হ্ৰাস কৰে বুলি বিভিন্ন দিশৰ পৰা অভিযোগ উত্থাপন হৈছে ৷ সেয়ে ‘কলকাতা বিৰিয়ানি দোকান’ (Kolkata Biriyani Shop) নামৰ দোকানখন বন্ধ কৰি দিয়া বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে (Biriyani reduces virility Trinamool leaders closes shop) ৷
পৌৰসভাৰ এক বিশেষ সূত্ৰ অনুসৰি, কোচবিহাৰ পৌৰসভা এলেকাত অবৈধভাৱে চলি থকা কেইবাখনো দোকানৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিল । তাৰ মাজত কলকাতা বিৰিয়ানি দোকানৰ নামো অন্তৰ্ভূক্ত আছিল ৷ অৱশ্যে এই অভিযোগ সন্দৰ্ভত উপযুক্ত প্ৰমাণ দিয়াৰ ক্ষেত্ৰত কোচবিহাৰ পৌৰসভাৰ অধ্যক্ষ ৰবীন্দ্ৰনাথ ঘোষ ব্যৰ্থ হয় ৷
অকল এয়াই নহয়, যিবোৰ দোকান ৰাস্তাৰ ওপৰত বেদখল কৰি নিৰ্মাণ কৰা হৈছে, যিবোৰ দোকানত মাজনিশালৈ নানা ধৰণৰ অসামাজিক কাম-কাজ চলি থাকে সেই আটাইবোৰ দোকানৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা হাতত ল’বলৈ প্ৰশাসনক আহ্বান জনাইছে বুলিও মন্তব্য কৰে কোচবিহাৰ পৌৰসভাৰ অধ্যক্ষ ৰবীন্দ্ৰনাথ ঘোষে (Cooch Behar Municipality raid against illegal shops) ৷
উল্লেখযোগ্য যে, ‘কলকাতা বিৰিয়ানি দোকান’ নামৰ দোকানখন পাপ্পু খান নামৰ এজন ব্যক্তিয়ে চলাইছিল ৷ খানে দুৰ্গা পূজাৰ আগমূহুৰ্তত এই দোকানখন বাণিজ্যিক আৰু খাদ্য বিভাগৰ অনুজ্ঞাপত্ৰ অবিহনে আৰম্ভ কৰিছিল ৷
লগতে পঢ়ক: Badrinath temple decorated: 12 কুইণ্টল নাৰ্জী ফুলেৰে সজ্জিত বদ্ৰীনাথ মন্দিৰ