ETV Bharat / bharat

ড্ৰাগছ ব্যৱসায়ীয়ে যোগদান কৰিছে তৃণমূল কংগ্ৰেছতঃ বিপ্লৱ কুমাৰ দেৱ - BJP Joining Meeting

বিভিন্ন অপৰাধজনিত কাৰ্যৰে নাম সাঙোৰ খোৱা নেতা জড়িত হৈ থকা বুলি জনাজাত এটা নতুন দলে ত্ৰিপুৰাত খোপনি পোতাৰ চেষ্টা কৰি আছে । তৃণমূল কংগ্ৰেছক উদ্দেশ্যি এই আক্ৰমণাত্মক মন্তব্য বিপ্লৱ কুমাৰ দেৱৰ । তেওঁ লগতে কয় যে, দলটোৱে যিকোনো চোৰাং বেহাৰ জড়িত লোক, ড্ৰাগছ ব্যৱসায়ী, গাঞ্জা মাফিয়াক সদস্যপদ দিয়াৰ বাবে যো-জা চলাইছে ।

Biplab Kumar Deb reaction on Trinamul Congress
তৃণমূল কংগ্ৰেছক উদ্দেশ্যি এই আক্ৰমণাত্মক মন্তব্য বিপ্লৱ কুমাৰ দেৱৰ
author img

By

Published : Sep 6, 2021, 1:36 PM IST

নেশ্যনেল ডেস্ক, ৬ ছেপ্তেম্বৰ : ত্ৰিপুৰাৰ বিভিন্ন প্ৰান্তত সাংগঠনিক ভেঁটি শক্তিশালী কৰাৰ বাবে বৰ্তমান তৃণমূল কংগ্ৰেছে ৰণনীতি যুগুত কৰিছে । শেহতীয়াকৈ ত্ৰিপুৰা ভ্ৰমণৰ সময়ত সুস্মিতা দেৱে এই কথা স্পষ্টকৈ প্ৰকাশ কৰিছিল । দলটোৱে সমগ্ৰ ৰাজ্যখনতে সদস্য ভৰ্তি অভিযান আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে । এনে সময়তে দেওবাৰে তৃণমূল কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে ।

Biplab Kumar Deb reaction on Trinamul Congress
তৃণমূল কংগ্ৰেছক উদ্দেশ্যি এই আক্ৰমণাত্মক মন্তব্য বিপ্লৱ কুমাৰ দেৱৰ

তেওঁ কয় যে, এটা নতুন দলে ত্ৰিপুৰাত দলটোক শক্তিশালী কৰাৰ বাবে চেষ্টা কৰি আছে আৰু এই দলটোত অপৰাধজনিত কাৰ্যৰে নাম সাঙোৰ খোৱা নেতাক সদস্য পদ দিয়া হৈছে । দলটোৱে যিকোনো চোৰাং বেহাৰ জড়িত লোক, ড্ৰাগছ ব্যৱসায়ী, গাঞ্জা মাফিয়াক সদস্যপদ দিয়াৰ বাবে যো-জা চলাইছে বুলিও তেওঁ কটাক্ষ কৰে । তেওঁ কয় যে, শপত গ্ৰহণৰ পিছত ত্ৰিপুৰা চৰকাৰে ড্ৰাগছ বিৰোধী অভিযান আৰম্ভ কৰিছিল । চৰকাৰে ভৱিষ্যৎ প্ৰজন্মক ধ্বংসৰ গৰাহলৈ যোৱাৰ পৰা ৰক্ষা কৰিবলৈ নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰ বন্ধ কৰিবলৈ প্ৰচেষ্টা চলাই আছে ।

কিন্তু ইয়াৰ পৰিৱৰ্তে তৃণমূল কংগ্ৰেছত এই মাৰাত্মক দ্ৰব্যৰ অবৈধ বেহাৰে জড়িত লোকে ঠাই পাইছে । তেওঁ দেওবাৰে বৰজলা বিধানসভা সমষ্টিত আয়োজিত এক বৃহৎ যোগদান কাৰ্যসূচীত অংশ লৈ এইদৰে দলটোক সমালোচনা কৰে । অৱশ্যে তেওঁ প্ৰত্যক্ষভাৱে তৃণমূল কংগ্ৰেছৰ নাম উল্লেখ কৰাৰ পৰা বিৰত থাকে ।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, অপৰাধজনিত কাৰ্যৰে জড়িত কোনো লোকক ত্ৰিপুৰাৰ ৰাইজে আকোঁৱালি নলয় । ৰাজনৈতিক ক্ষেত্ৰত জড়িত হৈ এনে অপৰাধীয়ে নিজৰ প্ৰকৃত স্বৰূপ লুকুৱাই ৰাখিবলৈ প্ৰয়াস কৰিছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে । তেওঁ লগতে সকীয়াই দিয়ে যে, অপৰাধৰ সৈতে জড়িত এজন লোকেও ৰক্ষা নাপাব । লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ৰাজ্যখনত কি হৈ আছে সেই বিষয়ে তেওঁ অৱগত আৰু ৰাজনীতিৰ পথাৰত নামিব বিচৰা কেইবাজনো অপৰাধীৰ নাম তেওঁ প্ৰয়োজন হ'লে ৰাজহুৱা কৰিব পাৰিব ।

তেওঁ অভিযোগ তোলে যে, কয়লাৰ পৰা গৰুলৈকে সকলো ধৰণৰ চোৰাং ব্যৱসায়ত তৃণমূল কংগ্ৰেছৰ লোক জড়িত হৈ আছে আৰু এতিয়া তেওঁলোকে এনে এখন চৰকাৰক প্ৰশ্ন কৰিছে, যি খন চৰকাৰে উন্নয়নকে প্ৰাথমিক লক্ষ্য হিচাপে গণ্য কৰি কাম কৰি আছে । বিপ্লৱ কুমাৰ দেৱে চি পি আই এম দলক উদ্দেশ্যিও আক্ৰমণাত্মক মন্তব্য কৰিছিল । তেওঁ কয় যে ২০১৮ চনৰ ৩ মাৰ্চত বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ লগে লগে ত্ৰিপুৰাই দাসত্বৰ পৰা মুক্তি লাভ কৰিছিল ।

তেওঁ বিষয়ত কয় যে, চি পি আই এমৰ শাসন কালত মানুহে বহু সমস্যাৰ সন্মুখীন হৈছিল । চি পি আই এমে ৰাজ্যখনৰ সকলো বস্তুৰ ওপৰত নিয়ন্ত্ৰণ কৰি ৰাখিছিল । সেই সংকীৰ্ণ মনৰ সংস্কৃতি ত্ৰিপুৰাৰ পৰা সম্পূৰ্ণৰূপে উৎখাত হৈ গৈছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে ।

লগতে তেওঁ কয় যে, দলৰ সভাপতি হিচাপে তেওঁৰ প্ৰথম ডাঙৰ দায়িত্ব আছিল বৰজলাৰ উপ-নিৰ্বাচন অনুষ্ঠিত কৰা । এই সমষ্টিটোত তেওঁ বহু কাম কৰিছে বুলি বুলিও মন্তব্য কৰে । উল্লেখ্য যে, দেওবাৰে বৰজলা বিধানসভা সমষ্টিত আয়োজিত যোগদান কাৰ্যসূচীত অংশ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে চি পি আই এমকে ধৰি কেইবাটাও বিৰোধী দলৰ মুঠ ৯৫৬ জন লোকক আদৰণি জনায় । সভাত উপস্থিত থাকে ত্ৰিপুৰা বিজেপিৰ ৰাজ্যিক সভাপতি ড০ মানিক সাহাকে ধৰি কেইবাগৰাকীও শীৰ্ষ নেতা ।

লগতে পঢ়ক: আৰক্ষীক তৰোৱালেৰে আক্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.