ETV Bharat / bharat

উচ্চতম ন্যায়ালয়ত বিলকিছ বানুৰ বৃহৎ জয়; দোষীক ৰেহাইৰ আদেশ বাতিল

author img

By ETV Bharat Assamese Team

Published : Jan 8, 2024, 12:53 PM IST

Bilkis Bano case SC verdict : উচ্চতম ন্যায়ালয়ে ২০০২ চনৰ গুজৰাট ৰায়তৰ সময়ত বিলকিছ বানুক দলবদ্ধ ধৰ্ষণ আৰু তেওঁৰ পৰিয়ালৰ সাতজন সদস্যক হত্যাৰ গোচৰৰ ১১ জন দোষীক মঞ্জুৰ কৰা গুজৰাট চৰকাৰৰ ৰেহাইৰ সিদ্ধান্ত বাতিল ৰাখিছে ।

উচ্চতম ন্যায়ালয়ত বিলকিছ বানুৰ বৃহৎ জয়

নিউজ ডেস্ক, ৮ জানুৱাৰী : উচ্চতম ন্যায়ালয়ে সোমবাৰে গুজৰাট চৰকাৰৰ ২০০২ চনৰ গুজৰাট সাম্প্ৰদায়িক সংঘৰ্ষৰ সময়ত বিলকিছ বানুৰ দলবদ্ধ ধৰ্ষণ আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলক হত্যাৰ বাবে যাৱজ্জীৱন কাৰাদণ্ড পোৱা ১১ জন দোষীক ৰেহাই দিয়াৰ সিদ্ধান্ত বাতিল কৰে ।

লগতে শীৰ্ষ ন্যায়ালয়ে সকলো দোষীক দুসপ্তাহৰ ভিতৰত কাৰাগাৰ কৰ্তৃপক্ষৰ সন্মুখত আত্মসমৰ্পণ কৰিবলৈও নিৰ্দেশ দিয়ে ।

ন্যায়াধীশ বি ভি নাগাৰাথনা আৰু উজ্জল ভূঞাক লৈ গঠিত এখন বিচাৰপীঠে ২০০২ চনত গুজৰাট সংঘৰ্ষৰ সময়ত বিলকিছ বানু দলবদ্ধ ধৰ্ষণ আৰু তেওঁৰ পৰিয়ালৰ সদস্যক হত্যা গোচৰত ১১ জন দোষীক প্ৰদান কৰা আগতীয়া মুক্তিৰ বৈধতাক প্ৰত্যাহ্বান জনাই কেইখনমান আবেদনৰ ওপৰত ৰায় ঘোষণা কৰে । যোৱা বছৰ অক্টোবৰত শীৰ্ষ ন্যায়ালয়ে বিভিন্ন আবেদনকাৰীয়ে পুনৰ দাখিল কৰা আবেদনৰ শুনানিৰ পিছত বিষয়টোত নিজৰ ৰায় সংৰক্ষিত ৰাখিছিল ।

নিজৰ ৰায়ত ন্যায়াধীশ নাগাৰাথনাই কয় যে গুজৰাট ৰাজ্যই ৰেহাইৰ আদেশ দিবলৈ সক্ষম নহয় । শীৰ্ষ ন্যায়ালয়ে কেৱল এই ভিত্তিত কয় যে গুজৰাট চৰকাৰৰ ক্ষতাৰ অভাৱ আছে, সেয়েহে লেখ আবেদন গ্ৰহণ কৰিব লাগে আদেশবোৰ বাতিল ঘোষণা কৰিব লাগে । শীৰ্ষ ন্যায়ালয়ে কয় যে গুজৰাট নহয়, কেৱল মহাৰাষ্ট্ৰ চৰকাৰহে এই আদেশ দিবলৈ সক্ষম ।

উল্লেখ্য যে গুজৰাট চৰকাৰে নিজৰ সিদ্ধান্তক সমৰ্থন কৰি যুক্তি দাঙি ধৰিছিল যে ২০২২ চনৰ মে' মাহত শীৰ্ষ ন্যায়ালয়ৰ আন এখন বিচাৰপীঠে দিয়া ৰায়ৰ ভিত্তিত আৰু তেওঁলোকে ১৫ বছৰ কাৰাবাস খাটিবলগা হোৱাৰ পিছত এই ৰেহাই প্ৰদান কৰিছিল ।

আনহাতে, গুজৰাট চৰকাৰৰ দ্বাৰা দোষীসকলক প্ৰদান কৰা ৰেহাইক প্ৰত্যাহ্বান জনাই বিলকিছ বানুৱে দাখিল কৰা আবেদনৰ উপৰি চিপিআই(এম)ৰ নেতা সুভাষিণী আলী, সাংবাদিক ৰেৱতী লাউল আৰু লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ৰূপ ৰেখা বাৰ্মাই এই ৰেহাইক প্ৰত্যাহ্বান জনাইছে । ইয়াৰ উপৰি তৃণমূলৰ সাংসদ মহুৱা মৈত্ৰয়ো দোষীসকলক প্ৰদান কৰা ৰেহাইৰ বিৰুদ্ধে এখন পিআইএল দাখিল কৰে ।

২০২২ চনৰ মে' মাহত শীৰ্ষ ন্যায়ালয়ৰ এক ৰায়ক গুজৰাট চৰকাৰে দোষীক ৰেহাই দিয়াৰ ভিত্তি হিচাপে গ্ৰহণ কৰা সন্দৰ্ভত বিচাৰপীঠে কয় যে উক্ত আদেশৰ ওপৰত অনুমান হৈছে ৩ নম্বৰ উত্তৰদাতাই (ৰাধে শ্যাম) এই কথা কোৱা নাছিল যে গুজৰাট উচ্চ ন্যায়ালয়ে ৪৩৭ চিআৰপিচিৰ অধীনত তেওঁৰ আবেদন খাৰিজ কৰিছিল । লগতে তেওঁ আগতীয়া মুক্তিৰ বাবে আবেদন মহাৰাষ্ট্ৰত দাখিল কৰিছিল, গুজৰাটত নহয় ।

শীৰ্ষ ন্যায়ালয়ে কয় যে ১৩ মে', ২০২২ চনৰ শীৰ্ষ ন্যায়ালয়ে প্ৰদান কৰা আদেশ আইনগতভাৱে অবৈধ আছিল । এই আদেশৰ বাবে শীৰ্ষ ন্যায়ালয় প্ৰৱঞ্চনাৰ দ্বাৰা প্ৰভাৱিত হৈছিল ।

শীৰ্ষ ন্যায়ালয়ে কয় যে কেৱল ৩ নং উত্তৰদাতাহে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল বাকী আন কোনো দোষীয়ে শীৰ্ষ ন্যায়ালয় বা উচ্চ ন্যায়ালয়ত আগতীয়া মুক্তিৰ আবেদন বিবেচনা কৰিবলৈ আবেদন কৰা নাছিল ।

বিচাৰপীঠে লগতে কয় যে দোষী ৰাধে শ্যামে বিভ্ৰান্তিকৰ মন্তব্য দি আদালতক বিপথে পৰিচালিত কৰিছিল ।

আনহাতে, উচ্চতম ন্যায়ালয়ে ২০২২ চনৰ আগষ্টত ইমান খৰখেদাকৈ ৰেহাইৰ আদেশ প্ৰদান কৰাৰ বাবে গুজৰাট চৰকাৰকো ইয়াৰ মাজলৈ টানি আনি কয় যে এই ক্ষেত্ৰত গুজৰাট চৰকাৰে কোনো মনোযোগ প্ৰয়োগ কৰা নাছিল ।

লগতে গুজৰাট চৰকাৰক সমালোচনা কৰি গোচৰটোত দোষীসকলক সহায় কৰাৰ বাবে ৰেহাই প্ৰদানৰ অধিকাৰ ক্ষেত্ৰ দখল কৰাটোক শীৰ্ষ ন্যায়ালয়ে আইন ভংগ বুলি অভিহিত কৰে । ন্যায়াধীশ নাগাৰাথনাই কয় যে এই বিষয়টোত শীৰ্ষ আদালতৰ তেতিয়াই শংকা হৈছিল, যেতিয়া গোচৰটোৰ বিচাৰ মহাৰাষ্ট্ৰলৈ স্থানান্তৰ কৰি হৈছিল ।

লগতে পঢ়ক :মালদ্বীপৰ দূতক তলব বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.