নেশ্যনেল ডেস্ক,১২ ফেব্ৰুৱাৰী : অপৰাধীক ধৰাৰ নামত কি ধৰণৰ অভিযান চলাইছে বিহাৰ আৰক্ষীয়ে । এইবাৰ অপৰাধীৰ বিৰুদ্ধে অভিযান চলাই অপমানিত হ'ল বিহাৰ আৰক্ষী । কোনো এটা ঘটনাৰ অভিযুক্তক বিচাৰি আৰক্ষীয়ে অভিযান চলাই থকাৰ মাজতে ভুলবশতঃ কইনাৰ কোঠাত প্ৰৱেশ কৰিলে আৰক্ষীয়ে (Bihar Police wrongly entered bride's room)। বিহাৰৰ চাচাৰামৰ লখুন চৰাই অঞ্চলৰ ঘটনা এয়া ।
অভিযোগ অনুসৰি পৰিয়ালৰ লোকসকলে বাধা দিয়াৰ পাছতো ছাদৰ ফাকেৰে ঘৰটোত প্ৰৱেশ কৰে আৰক্ষীয়ে । প্ৰথমাৱস্থাত ভুল কৰিও আৰক্ষীয়ে মানিব বিচৰা নাছিল (Police reached wrong house for arrest in rohtas ) । ইফালে পৰিয়ালৰ লোকক আৰক্ষীয়ে মাৰপিট কৰাৰো অভিযোগ উঠিছে ।
অৱশ্যে পৰিস্থিতি বেয়াৰ ফালে গতি কৰাত আৰক্ষীয়ে ক্ষমা বিচাৰি ঘৰটোৰ পৰা ওলাই যায় । আৰক্ষীৰ এনে কাৰ্যৰ বিৰুদ্ধে এতিয়া বিহাৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
লগতে পঢ়ক :Tripura mob lynching: বলৰাম দেবনাথৰ হত্যাৰে জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ