নেচনেল ডেক্স, 7 জুন : দেশজুৰি ক’ভিডৰ ভয়ংকৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ বাবে অন্য ৰাজ্যত থকা বিহাৰৰ শ্ৰমিকবোৰে ঘৰলৈ উভতি গৈছিল ৷ বিহাৰত নিজৰ গৃহ চহৰলৈ উভতি অহা হাজাৰ হাজাৰ শ্ৰমিকে কোভিড-১৯ ৰ প্ৰাদুৰ্ভাৱ হ্ৰাস হোৱাৰ মাজতে ৰাজ্যখনৰ বাহিৰত কাম বিচাৰিবলৈ আৰম্ভ কৰিছে ।
![Bihar migrants return back to cities in search of jobs](https://etvbharatimages.akamaized.net/etvbharat/prod-images/br-pat-01-majdur_06062021152232_0606f_1622973152_353.jpg)
উল্লেখ্য যে , বিহাৰ চৰকাৰে ৰাজ্যখনতেই চাকৰিৰ দিয়াৰ আশ্বাস প্ৰদান কৰিছিল যদিও শ্ৰমিকসকলে নিযুক্তি বিচাৰি পোৱা নাই ৷ বিহাৰৰ বেছিভাগ শ্ৰমিকে কামৰ সন্ধানত মহাৰাষ্ট্ৰ, দিল্লী আৰু গুজৰাটকে ধৰি আন ৰাজ্যলৈ ভ্ৰমণ কৰে ।
কৰ’ণাৰ সংক্ৰমণ হ্ৰাস পোৱাৰ পাছতেই পাটনাৰ মুখ্য ৰেল ষ্টেচনত হঠাৎ যাত্ৰীৰ ভিৰ হৈছে । শ্ৰমিকসকলে ইটিভি ভাৰতৰ সৈতে বাৰ্তালাপত তেওঁলোকৰ অগ্নি পৰীক্ষাৰ কথা বৰ্ণনা কৰে ৷ ৰাজ্যখনত চাকৰি পোৱাৰ আশা ক্ষীণ ৷ সেয়েহে তেওঁলোকে কৰ্মসংস্থাপনৰ বাবে ৰাজ্যৰ বাহিৰলৈ যাবলৈ আৰম্ভ কৰা বুলি মন্তব্য কৰে ৷
লগতে পঢ়ক : দৰঙৰ খাৰুপেটিয়াত চিকিৎসকক অপদস্থ